“সুৰক্ষিত ভাৰত পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা” আৰু “ব্ৰহ্মাকুমাৰী দিছপুৰ শাখাকেন্দ্ৰৰ ৰূপালী জয়ন্তী উপলক্ষে শান্তি সন্মিলন" - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 14 May 2022

“সুৰক্ষিত ভাৰত পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা” আৰু “ব্ৰহ্মাকুমাৰী দিছপুৰ শাখাকেন্দ্ৰৰ ৰূপালী জয়ন্তী উপলক্ষে শান্তি সন্মিলন"




"সুৰক্ষিত ভাৰত পথ সুৰক্ষা মটৰ চাইকেল যাত্রা”:




W7s news ষ্টাফৰিপোৰ্টাৰ': ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ে ভাৰত চৰকাৰ আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ সহযোগত ২০২২ বর্ষটি “স্বাধীনতাৰ অমৃত মহোৎসৱেৰে স্বণীম ভাৰতলৈ” শীর্ষক বিষয় বস্তুৰে উদ্ যাপন কৰিব। এই উপলক্ষে

ব্ৰহ্মাকুমাৰী আৰু ৰাজযোগ শিক্ষা আৰু গৱেষণা প্রতিষ্ঠানৰ অন্তৰ্গত পৰিৱহন আৰু যাত্রা বিভাগে আধ্যাত্মিকতাৰ আধাৰত পথ সুৰক্ষাৰ ক্ষেত্ৰত বাস্তৱিক সমাধান আগবঢ়োৱাৰ লগতে সর্ব সাধাৰণৰ মাজত জাগৃতি আনিবলৈ কাৰ্যসূচী হাতত লৈ আহিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে  ১৫ মে' ৰ  পৰা ২২ মে'লৈ “সুৰক্ষিত ভাৰত পথ সুৰক্ষা মটৰ চাইকেল যাত্রা" শীর্ষক এক মটৰ চাইকেল যাত্ৰাৰ আয়োজন কৰা হৈছে-এইদৰে কয় ৰাজযোগিনী ব্ৰহ্মাকুমাৰী শীলুৱে।  তেওঁ লগতে কয়-

এই মটৰ চাইকেল যাত্ৰাত প্রায় ৫০ জন আৰোহীয়ে অংশ গ্ৰহণ কৰিব আৰু ই অসমৰ ১৩ খন জিলা সাঙুৰি ল'ব। যাত্ৰা কালচোৱাত পথ সুৰক্ষা বিষয়ক বিভিন্ন অনুষ্ঠান যেনে দুশ্চিন্তা মুক্ত যাত্রা, মনৰ ট্ৰেফিক ক'ন্ট্রাল, নিচামুক্তি আদিৰ লগতে বাটৰ নাট, পত্রিকা বিতৰণ আদি কাৰ্যসূচী হাতত লোৱা হ'ব।

দেওবাৰে  দিনৰ ১১.৩০ বজাত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত অসম চৰকাৰৰ পৰিবহন বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে এই মটৰ চাইকেল যাত্ৰাৰ শুভাৰম্ভ কৰিব। আনহাতে

ব্ৰহ্মাকুমাৰী দিছপুৰ শাখাকেন্দ্ৰই সগৌৰৱেৰে ঈশ্বৰীয় সেৱাত ২৫টা বছৰ অতিক্ৰম কৰিলে। সেয়েহে ৰূপালী জয়ন্তী উপলক্ষে দেওবাৰে দিনৰ ৯.৩০ বজাত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত এক শান্তি সন্মিলনৰ আয়োজন কৰা হৈছে। উক্ত সন্মিলনত অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ  নোমল মমিন আৰু গুৱাহাটী লোকসভাৰ সাংসদ  কুইন ওজা  উপস্থিত থাকিব।' পৰিৱহন আৰু যাত্রা বিভাগৰ হৈ সুৰেশ ভাতৃয়ে কয়- পথ দুৰ্ঘটনাত ভাৰত শীৰ্ষ স্থানত আছে। এই পথ দুৰ্ঘটনাত ১৮ ৰ পৰা ৪০ বছৰ বয়সৰ যুৱ প্ৰজন্ম মৃত্যু মুখত পৰে।

সমগ্ৰ দেশত ৭১ শতাংশ পথ দুৰ্ঘটনা মটৰ চাইকেলৰ তীব্ৰ গতিবেগৰ বাবে সংঘটিত হয়।

সেইদৰে হেলমেট সঠিক ভাবে পৰিধান নকৰাৰ ফলত বহু দুৰ্ঘটনা সংঘটিত হয়। অসমত ৮৪ শতাংশ মটৰ চাইকেলৰ দুৰ্ঘটনা তীব্ৰ গতিবেগৰ বাবে সংঘটিত হয়। পথ দুৰ্ঘটনা ৰোধ তথা ৰাইজক সজাগ কৰিবলৈ আমি এই ৰেলীৰ আয়োজন কৰিছোঁ।' আনহাতে গুৱাহাটীত  সংবাদ মেলত ব্ৰহ্মাকুমাৰী জোনালী  উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here