W7s news ষ্টাফৰিপোৰ্টাৰ:আকাশ+বাইজুছ হৈছে বছৰি ৩.৩৩ লাখৰো অধিক শিক্ষাৰ্থী সম্পন্ন, ২৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিস্তৃত ২৮৫+ কেন্দ্ৰ থকা পৰীক্ষা প্ৰস্তুতিমূলক সেৱাসমূহৰ এটা ৰাষ্ট্ৰীয় অগ্ৰণী প্ৰতিষ্ঠান অসমৰ গুৱাহাটী স্থিত আকাশ+বাইজুছ-ৰ নতুন ক'ৰ্পোৰেট চেণ্টাৰটোৱে মেডিকেল আৰু ইঞ্জিনিয়াৰিং প্ৰৱেশ পৰীক্ষাৰ লগতে কেইবাটাও ফাউণ্ডেশ্যন স্তৰৰ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলৰ বাবে পাঠ
দানৰ সুবিধা প্ৰদান কৰিব। এই কেন্দ্ৰটোত ৯ টা শ্ৰেণীকোঠা আছে য'ত ৮০০ শিক্ষাৰ্থীৰ বাবে আসনৰ ব্যৱস্থা কৰা হৈছে। পৰীক্ষা প্ৰস্তুতিমূলক সেৱাসমূহৰ ৰাষ্ট্ৰীয় অগ্ৰণী প্ৰতিষ্ঠান আকাশ+বাইজুছ-এ হেজাৰ-হেজাৰ শিক্ষাৰ্থীৰ চিকিৎসক আৰু আইআইটিয়ান হোৱাৰ সপোন সাকাৰ কৰি তোলাত সহায় কৰিবৰ বাবে দেশৰ বিভিন্ন অংশত নিজৰ নেটৱৰ্ক সম্প্ৰসাৰিত কৰাৰ মূলমন্ত্ৰ আগত ৰাখি, আজি অসমৰ গুৱাহাটীত ইয়াৰ নতুন ক'ৰ্পোৰেট কেন্দ্ৰটো মুকলি কৰিছে। এই নতুন কেন্দ্ৰটোত ৮০০ শিক্ষাৰ্থী বহিবৰ বাবে ৯ টা শ্ৰেণীকোঠা থাকিব।
গুৱাহাটীৰ পাণবজাৰস্থিত মতিলাল নেহৰু ৰোডত ডন বস্ক' স্কুলৰ ওচৰতে থকা আকাশ+বাইজুছ-ৰ এই ক্লাছৰুম চেণ্টাৰটোৱে কেইবাটাও ফাউণ্ডেশ্যন স্তৰৰ পাঠ্যক্ৰমৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিং প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ বাবে সেৱা আগবঢ়াব যি তেওঁলোকৰ মৌলিক জ্ঞান শক্তিশালী কৰাৰ উপৰিও অলিম্পিয়াড দৰে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাবোৰৰ প্ৰস্তুতিত তেওঁলোকক সহায় কৰিব। এই ক্লাছৰুম চেণ্টাৰটো কোম্পানীৰ অন্যন্য বিষয়াবৰ্গৰ লগতে আকাশ+বাইজুছ-ৰ আঞ্চলিক সঞ্চালক ড০ যশপালৰ দ্বাৰা মুকলি কৰা হয়। নতুন ক'ৰ্পোৰেট কেন্দ্ৰটো মুকলি কৰা সন্দৰ্ভত মন্তব্য আগবঢ়াই আকাশ+বাইজুছ-ৰ পৰিচালন সঞ্চালক আকাশ চৌধুৰীয়ে কয়: “গুৱাহাটীত মুকলি কৰা এই ক'ৰ্পোৰেট কেন্দ্ৰটো অলিম্পিয়াডত উত্তীৰ্ণ হ'ব খোজা আৰু চিকিৎসক তথা আইআইটিয়ান হ'বৰ বাবে প্ৰস্তুতি চলাই থকা স্থানীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক আশীৰ্বাদ স্বৰূপ হ'ব। আজি, ইয়াৰ সমগ্ৰ দেশতে থকা কেন্দ্ৰসমূহৰ জৰিয়তে গোটেই দেশতে গুণমান সম্পন্ন শিক্ষা প্ৰদান কৰাৰ বাবে আকাশ+বাইজুছ অতি বিখ্যাত হৈ পৰিছে। ভালেসংখ্যক শিক্ষাৰ্থী নিৰ্বাচিত হোৱাৰ প্ৰমাণ স্বৰূপ আমাৰ বিদ্যায়তনিক সমলসমূহৰ মানদণ্ড আৰু আমাৰ শিক্ষাদান পদ্ধতিৰ সাৰ্থকতাই প্ৰাক-স্নাতক পৰ্যায়ৰ মেডিকেল আৰু ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমবোৰৰ যোগ্যতা অৰ্জন কৰিব খোজা শিক্ষাৰ্থীসকলৰ বাবে আকাশ+বাইজুছ-ক অন্যতম বিকল্পসমূহৰ ভিতৰৰ এটা কৰি তুলিছে।’’ইয়াৰ লগতে চৌধুৰীয়ে কয়, “অসমৰ গুৱাহাটীত আমাৰ ক'ৰ্পোৰেট কেন্দ্ৰটো মুকলি কৰিবলৈ পাই আৰু অসমত আমাৰ পদক্ষেপ বিস্তাৰিত কৰিবলৈ পাই আমি অতিকে ধন্য মানিছোঁ। আমাৰ বাবে গুৱাহাটী হৈছে এখন অতি গুৰুত্বপূৰ্ণ চহৰ আৰু আপোনাৰ দুৱাৰদলিতে বিশ্ব মানৰ পৰীক্ষা প্ৰস্তুতিমূলক সেৱাসমূহ প্ৰদান কৰিবৰ বাবে আমাৰ নতুন ক'ৰ্পোৰেট চেণ্টাৰটোৰ জৰিয়তে আমি আগুৱাই আহিছোঁ। আমাৰ শাখাসমূহৰ ৰাষ্ট্ৰীয় নেটৱৰ্কৰ &অন্তৰ্ভুক্ত কৰি এই ক'ৰ্পোৰেট শাখাটো মুকলি কৰাটোৱে মানোপযোগী কৰি তোলা উন্নত শিক্ষাপ্ৰদান, আধুনিক আন্তঃগাঁথনি আৰু প্ৰযুক্তি আধাৰিত প্ৰণালীসমূহ ব্যৱহাৰ কৰি সমগ্ৰ ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান অৰ্জনৰ বাবে এটা অনুকূল পৰিৱেশ আগবঢ়োৱাৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাৰ কথাকেই প্ৰতিফলিত কৰে।’’আকাশত নামভৰ্তি কৰিব খোজা শিক্ষাৰ্থীসকলে ইনষ্টেণ্ট এডমিশ্যন কাম স্ক'লাৰশ্বিপ টেষ্ট (iACST)ত অৱতীৰ্ণ হ'ব পাৰে নাইবা এএনটিএইচই (আকাশ নেশ্যনেল টেলেণ্ট হাণ্ট এক্সাম)ৰ বাবে নাম পঞ্জীয়ণ কৰিব পাৰে। আকাশৰ প্ৰস্তাৱিত পাঠ্যক্ৰমসমূহ বিভিন্ন পৰীক্ষাৰ বাবে আছুতীয়াকৈ তথা বিস্তৃতভাৱে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ বাবে আগবঢ়োৱা হৈছে। তাৰোপৰি, আমি অৱলম্বন কৰা শিক্ষাদান পদ্ধতিটোত ধাৰণাত্মক আৰু প্ৰয়োগ-ভিত্তিক জ্ঞান অৰ্জনৰ ওপৰত মনোনিৱেশ কৰা হয় যি এটা ব্ৰেণ্ড হিচাপে ইয়াৰ পাৰ্থক্য স্পষ্টকৈ আঙুলিয়াই দিয়ে। আকাশৰ বিচক্ষণ শিক্ষকসকলে আধুনিক আৰু পাৰস্পৰিক মতবিনিময়মূলক শিক্ষাদান পদ্ধতি অৱলম্বন কৰে যি ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে। গতিকে, আকাশৰ এই সত্য প্ৰমাণিত সফলতাৰ অভিলেখক ইয়াৰ অনন্য শিক্ষা প্ৰদান ব্যৱস্থাৰে সুফল বুলি ক'ব পৰা যায় যি এক কেন্দ্ৰীভূত তথা ফলাফল-অভিমুখী শিক্ষাদান পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
No comments:
Post a Comment