W7s news ষ্টাফৰিপোৰ্টাৰ': ভাৰতৰ কমিউনিষ্ট পার্টি (মার্ক্সবাদী)ৰ কামৰূপ মহানগৰ জিলা কমিটিৰ উদ্যোগত বৃহস্পতিবাৰে চচলৰ ধর্ণাস্থলীত শিলসাঁকো বিলৰ উচ্ছেদৰ বিৰুদ্ধে বিক্ষোভ সমাবেশ অনুষ্ঠিত হয়। ডেৰ শতাধিক চিপিআই (এম)ৰ সভ্য আৰু সমৰ্থকে বিকল্প সংস্থাপনৰ ব্যৱস্থা নোহোৱালৈকে সকলো প্ৰকাৰৰ উচ্ছেদ বন্ধ ৰখা, উচ্ছেদিত পৰিয়ালক উপযুক্ত ক্ষতিপূৰ্ণসহ বিকল্প ব্যৱস্থা নিদিয়ালৈকে উক্তি স্থানত ৰখা আদি দাবীত ধ্বনি দিয়ে। বিক্ষোভ সমাৱেশ সম্বোধন কৰি বক্তব্য ৰাখে কামৰূপ মহানগৰ জিলা কমিটিৰ সম্পাদক বীৰেন শৰ্মা, চিপিআই (এম)ৰ ৰাজ্যিক কমিটিৰ সদস্য ক্রমে সঙ্গীতা দাস, টিকেন দাস আৰু শতঞ্জীৱ দাস, মহিলা নেত্রী বীণা বৰা, মহানগৰ জিলা কমিটিৰ সদস্য ভবেন কলিতা আৰু স্থানীয় বাসিন্দা নৃপেন কলিতাই। শিলসাঁকো বিলৰ পাৰৰ অমানবিক উচ্ছেদৰ বিৰোধিতা কৰি বক্তা সকলে কয় যে বৰ্তমানৰ বিজেপি চৰকাৰখনে জীৱন-জীৱিকা, বাসস্থান, আদি দিশত গুৰুত্ব দিয়াৰ সলনি মানুহক বাসস্থানৰ পৰা উচ্ছেদৰ লগতে বিভিন্ন দিশত চৰকাৰে গ্ৰহণ কৰা নীতিয়ে নাগৰিকক হাৰাশাস্তিহে দি আছে। যোৱা ১৩ মে'ৰ দিনা বহু বছৰ ধৰি বসবাস কৰি থকা শিলসাঁকো বিলৰ পাৰৰ ৯১টা পৰিয়ালক নেৰানেপেৰা বৰষুণৰ মাজতে অতি নির্মমভাবে উচ্ছেদ কৰি গৃহহাৰা কৰা কাৰ্য অতি অমানবিক বুলি বক্তা সকলে ক্ষোভ প্রকাশ কৰে। বিক্ষোভ স্থলীৰ পৰা এখন স্মাৰক পত্ৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী লৈ আৰক্ষী প্ৰশাসনৰ জৰীয়তে প্ৰেৰণ কৰা হয়। স্মাৰক পত্ৰত উল্লিখিত দাবী চাৰিটা আছিল— উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰ্ণসহ বিকল্প ব্যৱস্থা নিদিয়ালৈকে উক্তি স্থানত থাকিব দিয়া, শিলসাঁকো বিলৰ চাৰিওফালে বসবাস কৰি থকা বাসিন্দা সকলৰ এক তালিকা প্রস্তুত কৰা, বৰ্তমান জলাশয় হিচাবে থকা অঞ্চল টো সংৰক্ষণ কৰি খন্দাৰ ব্যৱস্থা কৰা আৰু বিকল্প ব্যৱস্থা নোহোৱালৈকে সকলো প্ৰকাৰৰ উচ্ছেদ বন্ধ কৰা।
No comments:
Post a Comment