গুৱাহাটীৰ শিলসাকোত উচ্ছেদিত পৰিয়ালবৰ্গক বাঁওদলসমূহৰ নেতৃবৰ্গৰ সাক্ষাৎ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 19 May 2022

গুৱাহাটীৰ শিলসাকোত উচ্ছেদিত পৰিয়ালবৰ্গক বাঁওদলসমূহৰ নেতৃবৰ্গৰ সাক্ষাৎ

 



W7s news ষ্টাফৰিপোৰ্টাৰ':চি পি আই (এম), চি পি আই, আৰ চি পি আই আৰু চি পি আই (এম-এল)ৰ এটা যৌথ প্রতিনিধি দলে বৃহস্পতিবাৰে গুৱাহাটীৰ শিলসাকো বিলৰ কাষত দীর্ঘদিন বসবাস কৰি থকা আৰু নিৰ্মম উচ্ছেদৰ সন্মুখীন হোৱা পৰিয়ালবোৰক লগ কৰি তেওঁলোকৰ যন্ত্ৰণাকাতৰ অৱস্থাৰ বুজ লয়। উল্লেখ্য, চলিত বছৰৰ ১৩ মে’ৰ দিনা বিজেপি চৰকাৰ তথা সংশ্লিষ্ট প্রশাসনে 'অবৈধ দখল’ মুক্ত কৰাৰ নামত শিলসাকোত এইসকল লোকৰ ঘৰ-বাৰী ভাঙি দুখীয়া-নিচলা পৰিয়ালবোৰক গৃহহাৰা কৰে। উচ্ছেদৰ বলি হোৱা সৰহসংখ্যক পৰিয়াল বড়ো, মিচিং আদি ট্রাইবেল জনগোষ্ঠীৰ লোক। অসমীয়া হিন্দু আৰু মুছলমান, বঙালী, মণিপুৰী আদি অন্যান্য সম্প্ৰদায়ৰ কিছু লোকো অঞ্চলটোত আছে। কোনোমতে দুবেলা দুমুঠি খাই জীৱন নিৰ্বাহ কৰা পৰিয়ালবোৰক প্ৰশাসনে উচ্ছেদ কৰে যদিও একেটা অঞ্চলতো থকা বৃহৎ বৃহৎ অট্টালিকা, বৃহৎ ব্যৱসায়িক প্রতিষ্ঠান, হোটেল আদিক অক্ষত অৱস্থাত ৰাখে। বাঁও দলকেইটাই বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ দুখীয়া পৰিয়ালবোৰক অমানুষিক অত্যাচাৰ চলাই উচ্ছেদ কৰা কাৰ্যক তীব্র নিন্দা কৰে। তদুপৰি উচ্ছেদ অভিযানত প্ৰশাসনৰ পক্ষপাতমূলক আচৰণ তথা বৃহৎ বণিয়া প্ৰীতিৰ নীতিক তীব্ৰ গৰিহণা দিয়ে। বাঁও দলকেইটাৰ নেতৃবৃন্দই স্থানীয় লোকসকলৰ উপস্থিতিত এখন চমু সভাতো বক্তব্য দাঙি ধৰে। সভাত চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, চি পি আইৰ সম্পাদক মুনিন মহন্ত, চি পি আই (এম-এল)ৰ নৰেন বৰা, আৰ চি পি আইৰ ফুলেশ্বৰ বসুমতাৰী, মহিলা নেত্ৰী সংগীতা দাস প্রমুখ্যে নেতৃবৃন্দই বক্তব্য দাঙি ধৰি উচ্ছেদ কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰে আৰু বিকল্প সংস্থাপন অবিহনে উচ্ছেদ বন্ধৰ দাবী জনায়। বক্তাসকলে উচ্ছেদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে সংগ্ৰামৰো আহ্বান জনায়। আজিৰ বাঁও দলসমূহৰ প্ৰতিনিধিসকলৰ মাজত বাঁও নেতা অজিত দাস আৰু ইচফাকুৰ ৰহমান প্ৰমুখ্যে নেতাও উপস্থিত থাকে। বাঁও দলকেইটাই উচ্ছেদ হোৱা পৰিয়ালবোৰৰ দুখ-দুর্গতি উপলব্ধি কৰি আৰু পৰিয়ালসমূহৰ সৈতে সংহতি আৰু সহমর্মিতা প্ৰকাশ কৰি থিতাতে ১১ হেজাৰ টকা তেওঁলোকলৈ সাহায্য হিচাপে আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here