পুনৰ এনকাউন্টাৰ হত্যা: আইনৰ শাসনৰ প্ৰতি ভয়ংকৰ প্ৰত্যাহ্বান: চিপি মাই (এম) - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 30 May 2022

পুনৰ এনকাউন্টাৰ হত্যা: আইনৰ শাসনৰ প্ৰতি ভয়ংকৰ প্ৰত্যাহ্বান: চিপি মাই (এম)

 





W7s news গুৱাহাটী': চিপিআই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে ক্ষোভ আৰু উদ্বিগ্নতাকে লক্ষ্য কৰিছে যে অসম আৰক্ষীয়ে ছফিকুল ইছলাম নামৰ যুৱক এজনক বটদ্ৰৱা থানালৈ ধৰি নি পুলিচৰ জিম্মাত থকা অৱস্থাত হত্যা কৰাৰ পাছত পুনৰ সোমবাৰে পুৱতি নিশা বটদ্ৰৱ্য থানা অগ্নি সংযোগৰ ঘটনাত অভিযুক্ত আছিকুল ইছলাম নামৰ যুৱক এজনক আৰক্ষীয়ে শীতল মস্তিষ্কৰে হত্যা কৰিছে। হিমন্ত বিশ্ব শৰ্মা- নেতৃত্বাধীন বিজেপি চৰকাৰ গঠনৰ পাছৰে পৰা অসমত এনকাউটাৰৰ নামত অভিযুক্তক হত্যা কৰাৰ যি ভয়ংকৰ আৰু বে-আইনী পৰম্পৰাৰ সূত্রপাত কৰা হৈছে তাৰে শেহতীয়া নিদর্শন হলে দেওবাৰৰ নিশাৰ এই ঘটনা। মুখ্যমন্ত্ৰীয়ে দাবী কৰাৰ দৰে এয়া মুঠেই দুৰ্ঘটনা নহয়, বৰং সাম্প্রদায়িক আৰু স্বৈৰাচাৰী বিজেপি চৰকাৰে সংঘটিত কৰা এক পৰিকল্পিত হত্যা। ছাফিকুল ইছলামৰ হত্যা, বটদ্ৰৱা থানা জুলাই দিয়া আৰু শালনাবাড়ীত আৰক্ষীয়ে পাঁচটা পৰিয়ালৰ ঘৰ বুলডোজাৰেৰে ধ্বংস কৰাৰ ঘটনাই ইতিমধ্যে ৰাজ্যখনৰ জনসাধাৰণৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিভিন্ন দল-সংগঠনে এই ঘটনাৱলীৰ ন্যায়িক তদন্তৰ দাবী কৰিছো। কিন্তু শাসনাধিষ্ঠিত বিজেপি চৰকাৰে সেই পথ গ্ৰহণ কৰাৰ সলনি আইনৰ শাসন নিজেই ধ্বংস কৰাৰ ভয়ংকৰ পথেৰেছে বাট বুলিতে।পুলিচৰাঞ্জ প্ৰতিষ্ঠাৰ এনে প্রবনতাই গণতান্ত্রিক ব্যৱস্থাটোক নিঃশেষ কৰি স্বৈৰাচাৰী আৰু একনায়কত্ববাদী শাসনৰ পথ প্ৰশস্ত কৰিব। যি সকলে 'অবৈধ বাংলাদেশী, জেহাদী আদিৰ বিৰুদ্ধেহে এনকাউন্টাৰবোৰ পৰিচালিত হৈছে বুলি বিজেপি-আৰ এছ এছে চলোৱা প্ৰচাৰৰ দ্বাৰা বিভ্ৰান্ত হৈছে, তেওঁলোক সতর্ক হোৱা উচিত যে আইনৰ শাসনৰ ঠাইত পুলিচৰ শাসন প্রতিষ্ঠা হ'লে যিকোনো ব্যক্তিয়ে তাৰ বলি হ'ব পাৰে৷ ইতিমধ্যে ৰাজ্যখনত কেইবাঠাইতো হোৱা ঘটনাই তাৰ স্পষ্ট ইংগিত দিছে৷ চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰো এই কথাৰ প্ৰতি দৃষ্টি আকর্ষণ কৰিছে যে ৰাজ্যখনৰ শাসনাধিষ্ঠিত চৰকাৰখনৰ পৃষ্ঠপোষকতাত পুলিডে ন্যায়পালিকাক স্থানচ্যুত কৰি নিজেই ঘটনাৰ কমিক বিচাৰ আৰু শাস্তি দিয়াৰ বেআইনী প্রক্রিয়া এটাৰ সূচনা কৰিছে৷ এয়া আমাৰ দেশৰ সংবিধান আৰু গণতান্ত্রিক ব্যৱস্থান স্পষ্ট উলছেন) আইনৰ শাহন ৰক্ষা কৰাৰ বাবে আদালতে তৎপৰতাৰে হস্তক্ষেপ কৰা উচিত বুলি ডিপিআই(এম)-এ সুচিন্তিত মত প্ৰকাশ কৰে। চিপিআই(এম) অসম ৰাজ্যিক কমিটিয়ে আছিকুল ইহুসনের হত্যাকাণ্ডৰ তীব্র নিন্দা কৰাৰ লগতে সমতা ঘটনাৱলীৰ ন্যায়িক তদন্তৰ দাবীত ঐক্যবদ্ধ হ'বলৈ সকলো গণতান্ত্রিক দল-সংগঠন আৰু ৰাজ্যখনৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here