প্ৰজাঘৰীয়া উদ্যোগত স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ প্ৰস্তুতি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 30 May 2022

প্ৰজাঘৰীয়া উদ্যোগত স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ প্ৰস্তুতি

 




W7s news ষ্টাফৰিপোৰ্টাৰ' : প্ৰজাঘৰীয়া উদ্যোগত স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে। এই উপলক্ষে গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী হলত ২৮ মে'ত এক  সভা অনুষ্ঠিত হয়। সভাত অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় অৰ্দ্ধ শতাধিক লোক উপস্থিত থাকে । সভাই স্বাধীনতা সংগ্ৰামৰ গৌৰৱোজ্জ্বল ইতিহাসৰ সোঁৱৰণ কৰাৰ বাবে আৰু লগতে স্বাধীনতাৰ অন্যতম ফল সংবিধান সুৰক্ষাৰ বাবে প্ৰজাঘৰৰ উদ্যোগত এই ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাই অহা স্বাধীনতা দিৱস ১৫ আগষ্টৰ পৰা ২৬ জানুৱাৰীলৈকে প্ৰায় ৬ মাহ জোৰা কাৰ্যসূচীৰে এই ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই  অনুসৰি  ১৫ আগষ্টত গুৱাহাটীত এক বৈচিত্ৰৰ মাজত ঐক্য সমদলৰে কাৰ্যসূচীৰ শুভাৰম্ভ  কৰিব বুলি উদ্যোক্তা সকলে জনাইছে। সভাই সাংসদ অজিত কুমাৰ ভূঞাক মুখ্য আহ্বায়ক আৰু বিবেক দাসক মুখ্য সমন্বয়ক হিচাপে লৈ এখন  স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন সমিতি গঠন কৰা হয়। ডঃ হীৰেণ গোহাঁই,নিৰুপমা বৰগোহাঞি, গীতা উপাধ্যায়,অৱনী বৰঠাকুৰ, অপূর্ব কুমাৰ বৰুৱা, , হেমেন দাস, ডঃ প্ৰফুল্ল মহন্ত, অধ্যাপক পূৰ্নেশ্বৰ নাথ, লোকনাথ গোস্বামী, ডঃৰমেশ চন্দ্ৰ কলিতা, , পবিত্ৰপ্ৰান গোস্বামী,দেবেন তামূলী,, হাফিজ ৰছিদ আহমদ চৌধুৰী,মাইনী মহন্ত,শান্তনু বৰঠাকুৰ, আদি কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তিক উপদেষ্টা হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে দৰঙ জিলাৰ নৃপেন বৰুৱা, চৈফুৰ ৰহমান আৰু চাদ্দাম হুছেইন, ধুবুৰী জিলাৰ ৱাজেদ আলী চৰকাৰ, গোৱালপাৰা জিলাৰ ৰাকেশ চক্ৰৱৰ্তী, জাকিৰ হুছেইন, কোকৰাঝাৰ জিলাৰ স্টিফেন লাক্ৰা আৰু পাউলিনা এক্কা, বৰপেটা জিলাৰ বুলবুল হুছেইন, বজালী জিলাৰ সুব্রত তালুকদাৰ,ওদালগুৰি জিলাৰচিচিলিয়া তপ্ন বাৰলা, মৰিগাঁও জিলাৰ বিজয় কুমাৰ কোঁৱৰ, নগাঁও জিলাৰ মোলান লস্কৰ, ভূপেন শৰ্মা, মনোজ সিং ৰাজা ,মৃনালিনী দেৱী আৰু হিমাদ্ৰী সেনাপতি , গোলাঘাট জিলাৰ প্ৰনৱ কুমাৰ দলে, দ্বিপেন দাস আৰু সোনেশ্বৰ নৰহ, যোৰহাট জিলাৰ ৰাজেন ৰাজ আৰু ৰাজীব দত্ত, শিৱসাগৰ জিলাৰ  কৃষ্ণ গগৈ আৰু অনুপ গগৈ, ডিব্ৰুগড় জিলাৰ শৰত নেওগ, জিতেন বেজবৰুৱা, বলিন্দ্ৰ শইকীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যয়ন চক্ৰৰ ইন্দুকমল ভূঞা,তিনিচুকীয়া জিলাৰ পূৰ্ণ  কাকতি, কাৰ্বি আংলং জিলাৰ লাইচান ইংলেং, শোণিতপুৰ জিলাৰ  অঞ্জন গোস্বামী, বিশ্বনাথ জিলাৰ নিহাৰ শইকীয়া,যতীন বৰা,সৌৰভ বৰা,অনন্ত হাজৰিকা আৰু পৰিমল গোড়, লক্ষীমপুৰ জিলাৰ প্ৰাঞ্জল হাজৰিকা আৰু গুৱাহাটীৰ জিয়াউৰ ৰহমান  কিশোৰ কলিতা,  সমীৰ চৌধুৰী,কৃষ্ণ গগৈ,নয়নজ্যোতি ভূঞা, পংকজ কুমাৰ দাস,সন্দীপন তালুকদাৰ জেহিৰুল ইছলাম, সুব্ৰত তালুকদাৰ, সৌৰদ্বীপ  দে'ক লৈ সদ্যহতে এখন আহ্বায়ক মণ্ডলী গঠন কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here