পৌৰ নিগম নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এন চি পিৰ প্ৰাৰ্থী আৰু কৰ্মী-সমৰ্থকক সম্বৰ্ধনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 5 May 2022

পৌৰ নিগম নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এন চি পিৰ প্ৰাৰ্থী আৰু কৰ্মী-সমৰ্থকক সম্বৰ্ধনা

 


W7s news ষ্টাফৰিপোৰ্টাৰ:অ


সম ৰাজ্যিক এন চি পিৰ এখন কৰ্মীসভা বৃহস্পতিবাৰে দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। সদ্যসমাপ্ত পৌৰনিগম নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিটো ৱাৰ্ডৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আৰু কৰ্মী সমৰ্থকসকলৰ উপস্থিতি অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে দলৰ ৰাজ্যিক সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰী দেৱে। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই সভাখনত ৰাজ্যিক সাধাৰণ সম্পাদক পৰেশ বৰুৱা, জেনাত মোল্লা, হৃদয়ানন্দ গগৈ, সম্পাদক দীপক দাস, মহিলা সভানেত্ৰী শেৱালি দাস প্ৰমুখে প্ৰায় ডেৰ শতাধিক লোক উপস্থিত থাকে। প্ৰতিগৰাকী প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আৰু সমৰ্থকক প্ৰমাণ পত্ৰ আৰু দলীয় গামোচাৰে উষ্ম আদৰণি জনোৱা হয়। সংসদীয় গণতন্ত্ৰত সুস্থ আৰু নিকা ভাৱমূৰ্তিৰে মূল্যবোৰ ৰাজনীতি কৰিবলৈ অসম ৰাজ্যিক এন চি পি বদ্ধ পৰিকৰ আৰু জননেতা শৰৎ চন্দ্ৰ সিংহৰ নীতি আদৰ্শৰে অনাগত দিনটো দুৰ্নীতি আৰু নিকৃষ্ট ৰাজনীতিৰ বিৰুদ্ধে দলে কাম কৰি যাব। ৰাজ্যিক সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰীয়ে কয় - প্ৰতিগৰাকীৰ কৰ্মী আৰু সমৰ্থক আমাৰ দলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এজন ভাল মানুহেই এখন সমাজ সংস্কাৰ কৰিব পাৰে। একেদৰে আমাৰ এন চি পিৰ একো একোজন ভাল কৰ্মীয়েও সমাজখন নিকা আৰু সুস্থ গণতন্ত্ৰ গঢ়ি তুলিবলৈ সক্ষম হব। এই সভাৰ জৰিয়তেই দলৰ সভাপতি অধিকাৰীয়ে অসম ৰাজ্যিক এন চি পি দলৰ বা-বাতৰি বহুলাংশে প্ৰচাৰ কৰি অহা প্ৰতিগৰাকী সাংবাদিক বন্ধু-বান্ধীৱকো ধন্যবাদ জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here