গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগত তিনিদিনীয়া ৰাষ্ট্ৰীয় আলোচনাচক্ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 13 May 2022

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগত তিনিদিনীয়া ৰাষ্ট্ৰীয় আলোচনাচক্ৰ

 



W7s news ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ উদ্যোগত ১০ মে'ৰ পৰা অনুষ্ঠিত হোৱা তিনিদিনীয়া ৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ বৃহস্পতিবাৰে সামৰণি পৰে। এই আলোচনাচক্ৰৰ বিষয় আছিল ' টেক্সুৱেল এণ্ড কালচাৰেল হেৰিটেজ অৱ মেডিয়েভেল আছামিজ মেনু‍্যস্ক্ৰিপটচ'। নেশ্বনেল মিচন ফৰ মেনু‍্যস্ক্ৰিপটচৰ দ্বাৰা সাহাৰ্যপ্ৰাপ্ত এই আলোচনা চক্ৰৰ সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে  সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপক ড০ হিৰণ শর্মাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দর্শন বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ শিৱনাথ শৰ্মা । কলকাতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ স্কুল অৱ ৱেদিক ষ্টাডিজৰ প্ৰাক্তন সঞ্চালক অধ্যাপক নৱ নাৰায়ণ বন্দোপাধ্যায় আৰু নলবাৰী মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ বসন্ত কুমাৰ দেৱ গোস্বামী এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। এই আলোচনাচক্ৰখন ১০ মে'ত উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ প্ৰতাপ জ্যোতি সন্দিকৈয়ে। যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক ড০ মালিনী গোস্বামীয়ে উদ্বোধনী অনুষ্ঠানত বীজ ভাষণ প্ৰদান কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ ৰাজেন্দ্ৰ নাথ শৰ্মাই মুখ্য অতিথি হিচাপে আৰু নেশ্বনেল মিচন ফৰ মেনু‍্যস্ক্ৰিপটচৰ সম্বয়ক ড০ শ্ৰীধৰ বাৰিক সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানটো আঁতধৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা আলোচনা 

চক্ৰ খনৰ সমন্বয়ক ড০ কামেশ্বৰ শুক্লা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক তথা 

আলোচনাচক্ৰখনৰ যুটীয়া সমন্বয়ক ড০ জগদীশ শৰ্মাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here