দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে গুৱাহাটীত ৱাক-ইন অভিযানৰ আয়োজন এইচচিএল টেকন’ল’জীছৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 13 May 2022

দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে গুৱাহাটীত ৱাক-ইন অভিযানৰ আয়োজন এইচচিএল টেকন’ল’জীছৰ

 


 


W7s news ষ্টাফৰিপোৰ্টাৰ:  বিশ্বৰ এক আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান এইচচিএল টেকন'লজিছ (এইচচিএল)এ ইয়াৰ বিশেষ প্ৰাৰম্ভিক কেৰিয়াৰ কাৰ্যসূচী 'টেকবী'ৰ অধীনত ১৪ মে’ ত গুৱাহাটীত এক ৱাক-ইন অভিযান আৰম্ভ কৰিছে। দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে বিত্তীয় স্বাধীনতা লাভ কৰাৰ সুযোগ সৃষ্টি কৰাৰ উদ্দেশ্যে এনে ধৰণৰ ৱাক-ইন-অভিযানৰ আয়োজন কৰা এই ৱাক-ইন অভিযান বস্কো ৰীচ্চ আউট, গৃহ নং ১৪, বি কে কাকতি ৰোড, উলুবাৰীত পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হ'ব।


এইচচিএল টেকন'লজিছৰ প্ৰাৰম্ভিক কেৰিয়াৰ কাৰ্যসূচী টেকবী (TechBee) হৈছে এক কৰ্ম-ভিত্তিক বা কৰ্ম-সংহত উচ্চ শিক্ষা কাৰ্যসূচী, যিয়ে চৰকাৰৰ "স্কিল ইণ্ডিয়া" অভিযানত অৰিহণা যোগায়। এইচচিএলৰ নতুন গণভিত্তিক ৰণনীতিৰ অংশ হিচাপে, এই কাৰ্যসূচীটোৱে নিৰ্বাচিত দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ বাবে সাজু হ’ব পৰা দক্ষতাৰে সুসজ্জিত কৰি তথ্য প্ৰযুক্তি তথা অভিযান্ত্ৰিক সংক্ৰান্তীয় চাকৰি প্ৰদান কৰে।


এই সন্দৰ্ভত, এইচচিএল টেকন'লজিছৰ উপাধ্যক্ষ শ্ৰীযুত সুব্বৰমন বি-য়ে কয়, "শ্ৰেষ্ঠতম প্ৰতিভা নিয়োগ কৰা আৰু তেওঁলোকক তেওঁলোকৰ কেৰিয়াৰৰ আৰম্ভণিতে বিত্তীয় স্বতন্ত্ৰতা অৰ্জন কৰিবলৈ সক্ষম কৰাৰ লক্ষ্যৰে 2017 চনত টেকবী আৰম্ভ কৰা হৈছিল। এতিয়ালৈকে, ৭০০০ ৰো অধিক শিক্ষাৰ্থীক টেকবী কাৰ্যসূচীৰ বাবে বাছনি কৰা হৈছে আৰু এইচচিএলত তেওঁলোক কেৰিয়াৰৰ প্ৰাৰম্ভিক যাত্ৰাৰ বিভিন্ন পৰ্যায়ত আছে। আমি লক্ষ্য কৰিছো যে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত শিক্ষাৰ্থীসকলৰ যথেষ্ট আগ্ৰহ আৰু গুৰুত্ব আছে। সেয়েহে আমি গুৱাহাটীত এই ৱাক-ইন অভিযানটো কৰিবলৈ থিৰাং কৰিছো।"


এইচচিএলৰ এই টেকবী কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলক এইচচিএলত প্ৰৱেশ পৰ্যায়ৰ আইটি চাকৰিৰ বাবে কাৰিকৰী আৰু পেছাদাৰীভাৱে প্ৰস্তুত কৰি তোলে, য'ত প্ৰাৰ্থীসকলে এই চাকৰিবোৰৰ বাবে ১২ মহীয়া এক পূৰ্ণাঙ্গ প্ৰশিক্ষণ লাভ কৰে আৰু ইয়াৰ উপৰিও শিক্ষাৰ্থীসকলে এইচচিএল প্ৰকল্পত ইণ্টাৰ্নশ্বিপ কৰাৰ সুযোগো লাভ কৰে। এইচ.চি.এল.-ত কাম কৰোতে, শিক্ষাৰ্থীসকলে BITS Pilani, শাস্ত্ৰ বিশ্ববিদ্যালয় আৰু এমিটি বিশ্ববিদ্যালয়ৰ দৰে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ দ্বাৰা আগবঢ়োৱা স্নাতক ডিগ্ৰী কাৰ্যসূচীতো নাম ভৰ্তি কৰিব পাৰে।


এই এবছৰীয়া টেকবী প্ৰশিক্ষণ কাৰ্যসূচী সফলতাৰে সম্পূৰ্ণ হোৱাৰ পিছত, শিক্ষাৰ্থীসকলে বছৰি ১.৭০ লাখ টকাৰ পৰা ২.২০ লাখ টকাৰ ভিতৰত দৰমহা উপাৰ্জন কৰে। কাৰ্যসূচীৰ অংশ হিচাপে, নিৰ্বাচিত শিক্ষাৰ্থীসকলে শ্ৰেণীকোঠাৰ প্ৰশিক্ষণ আৰু ইণ্টাৰ্নশ্বিপকে ধৰি প্ৰশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ পিছত এইচচিএল টেকন'লজীত নিশ্চিত চাকৰি লাভ কৰে। ইণ্টাৰ্নশ্বিপটোত ১০০০০ টকাৰ বৃত্তিও প্ৰদান কৰা হয়।


যিসকল শিক্ষাৰ্থীয়ে ২০২১ চনত দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰিছে বা গণিত বা বাণিজ্যিক গণিতৰ সৈতে ২০২২ চনত দ্বাদশ শ্ৰেণীত অৱতীৰ্ণ হৈছে তেওঁলোকে এই কাৰ্যসূচীত আবেদন কৰিবলৈ যোগ্য। নিৰ্বাচিত শিক্ষাৰ্থীসকলে কাৰ্যসূচীটো অব্যাহত ৰাখিবলৈ তেওঁলোকৰ দ্বাদশ শ্ৰেণীত ৬০% বা অধিক নম্বৰ লাভ কৰিব লাগে।


যোগ্য প্ৰাৰ্থীসকলে অনলাইন কেৰিয়াৰ এপ্টিটিউড পৰীক্ষা (HCL CAT)ত অৱতীৰ্ণ হ’ব লাগিব। যিসকলে পৰীক্ষাত উত্তীৰ্ন হয়, তেওঁলোকক মৌখিক সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনোৱা হ'ব। ইয়াৰ পিছতে এইচচিএল-এ অফাৰ লেটাৰ বা প্ৰস্তাৱ পত্ৰ প্ৰেৰণ কৰিব। এই HCL CAT হৈছে Quantitative Reasoning (গণিত), Logical Reasoning, আৰু ইংৰাজী ভাষাৰ ক্ষেত্ৰত আপোনাৰ দক্ষতা পৰীক্ষা কৰাৰ বাবে প্ৰস্তুত কৰা এক অনলাইন মূল্যায়ন পৰীক্ষা।


প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে মাচুল হৈছে কৰ সহ ১,00,000 টকা।  এই টিউশ্যন ফীৰ বাবে উপলব্ধ ঋণ অংশীদাৰ বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে গ্ৰহণ কৰি মাহেকীয়া কিস্তিযোগেও পৰিশোধ কৰিব পাৰিব।


টেকবী প্ৰাৰম্ভিক কেৰিয়াৰ কাৰ্যসূচী ইতিমধ্যে অষ্ট্ৰেলিয়া, শ্ৰীলংকা, কানাডা, আমেৰিকা আৰু ভিয়েটনামত চলি আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here