৩১ মে'ত বিশ্ব ধঁপাত বিৰোধী দিৱস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 30 May 2022

৩১ মে'ত বিশ্ব ধঁপাত বিৰোধী দিৱস







W7s news ষ্টাফৰিপোৰ্টাৰ': অসমত সম্প্ৰতি ৫০ শতাংশ লোকে ধঁপাত সেৱন কৰে-বিশ্ব ধঁপাত বিৰোধী দিৱসৰ পূৰ্বে অসম ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ কোষে সংবাদ মেলযোগে এই উদ্বেগজনক তথ্য সদৰী কৰে। সংবাদ মেলত ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ আঁচনিৰ ৰাজ্যিক নডেল বিষয়া ডাঃ অৰুন্ধতী ডেকাই কয়- সম্প্ৰতি সমগ্ৰ ভাৰতবৰ্ষত ২৮ শতাংশ লোকে ধঁপাত সেৱন কৰে।  প্ৰত্যেক বছৰে  ৪ পৰা ৫ ত্ৰিলিয়ন চিগাৰেটৰ টুকুৰাই পৰিবেশ প্ৰদূষিত কৰি আহিছে। প্ৰতি বছৰে ধঁপাতে ৮৪ মিলিয়ন কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰি আহিছে। প্ৰত্যেক বছৰে ২০০ লাখ হেক্টৰ ভূমি ধঁপাত জাতীয় কৃষিৰ পৰা মুকলি কৰা হয়।  এটা চিগাৰেট তৈয়াৰ কৰোতে খৰচ হয় ৩.৭ লিটাৰ পানী। এজন ধঁপাত সেৱনকাৰী লোকে তেওঁৰ জীৱনত ৫ টন কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে। ধঁপাতে দূষিত কৰিছে পৃথিৱী খন। অসমত গ্লবেল এডাল্ট টবেকো চাৰ্ভে ২০১৬-১৭ৰ সমীক্ষা অনুসৰি বৰ্তমান অসমত ধপাত ব্যৱহাৰকাৰীৰ সংখ্যা ৪৮.২শতাংশ ইয়াৰে পুৰুষৰ সংখ্যা ৬২.৯ শতাংশ, মহিলাৰ সংখ্যা ৩২.৯ শতাংশ। ৫০ শতাংশ কৰ্কট আৰু ৯০ শতাংশ মুখৰ কৰ্কট ৰোগৰ অন্যতম কাৰণ হৈছে ধঁপাত। অসমত প্ৰতিবছৰে ৩৫ শতাংশ লোক কৰ্কট ৰোগত আক্ৰান্ত হয় ইয়াৰ অন্যতম কাৰণ হৈছে ধঁপাত। ভাৰতত প্ৰতিবছৰে ১৩ লাখ লোকৰ কেৱল ধঁপাত সেৱনৰ বাবে মৃত্যু হয়। তদুপৰি দৈনিক ধঁপাত সেৱনকাৰীৰ সংখ্যা হৈছে ৩৫.৮ শতাংশ। ইয়াৰে পুৰুষৰ সংখ্যা হৈছে ৪২.৬ শতাংশ। মহিলাৰ সংখ্যা ২৮.৭ শতাংশ। অসমত ৫০.৫শতাংশ পুৰুষ আৰু ৩২.৫ শতাংশ মহিলা আৰু ৪১.৭ শতাংশ সকলো প্ৰাপ্তবয়স্কই বৰ্তমান  ধোঁৱাবিহীন ধঁপাত ব্যৱহাৰ কৰে ৷  ১৫.০ শতাংশ প্ৰাপ্তবয়স্কই যিকোনো ৰাজহুৱা স্থানত ছেকেণ্ড হেণ্ড ধোঁৱাৰ সংস্পৰ্শলৈ আহিছে। তদুপৰি অসমত গ্লবেল য়ুথ টবেকো চাৰ্ভে ২০১৯ ৰ সমীক্ষা অনুসৰি ১২ শতাংশছাত্ৰ - ছাত্ৰী ( ১৩-১৫ বছৰ ) যিকোনো ধৰণৰ ধঁপাত সামগ্ৰী ব্যৱহাৰ কৰা আৰু ৬.৭ শতাংশ ছাত্ৰ - ছাত্ৰী ঘৰত ছেকেণ্ড হেণ্ড ধোঁৱাৰ সংস্পৰ্শলৈ  অহাৰ তথ্য লাভ কৰা হৈছে। কাইলৈ বিশ্ব ধঁপাত বিৰোধী দিৱস। ৩১ মে' ত ৰাজ্যজুৰি পালন কৰা হ'ব বিশ্ব ধঁপাত বিৰোধী দিৱস। এইবাৰ ধপাত বিৰোধী দিৱসৰ মূল বিষয়  হৈছে 'পৰিবেশৰ প্ৰতি ভাবুকি'।  কাইলৈ ডিমৰীয়া মহাবিদ্যালয়ত কেন্দ্ৰীয়ভাৱে বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হ'ব। এই উপলক্ষে পুৱাৰ ভাগত ক্ষেত্ৰীৰ পৰা ডিমৰীয়া মহাবিদ্যালয়লৈ এটা সজাগতা শোভাযাত্ৰা  উলিওৱা হ'ব। কাইলৈ কামৰূপ (ম) জিলাৰ ৩০ খন শিক্ষানুষ্ঠান ধঁপাত মুক্ত শিক্ষানুষ্ঠানৰ  স্বীকৃতি দিয়া হ'ব। এই দিৱস আমি জুন মাহটো বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিম।' সংবাদ মেলত   ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ আঁচনিৰ ৰাজ্যিক বিষয়া আৰ্জু দত্ত উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here