নৰ্থ-ইষ্ট ষ্টাইল আইকন ২০২২ সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 10 May 2022

নৰ্থ-ইষ্ট ষ্টাইল আইকন ২০২২ সম্পন্ন

 


W7S News: নিউজ ডেস্ক: গুৱাহাটী:  মহানগৰীৰ ভবেন্দ্ৰ নাথ শইকীয়া [আৰোহণ]ত নিশিতা প্ৰডাক্‌চনৰ উদ্যোগত যোৱা ৩০ এপ্ৰিলত অনুষ্ঠিত নৰ্থ-ইষ্ট ষ্টাইল আইকন ২০২২ অতি জাকজমকতাৰে সম্পন্ন হয়৷ সঞ্চালক ৰুবী কলিতাই অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত মুখ্য বিচাৰক হিচাপে উপস্থিত থাকে মুন দেউৰী আৰু সান্তনা বৰুৱা৷ পাচটা শাখাত অনুষ্ঠিত হোৱা নৰ্থ-ইষ্ট ষ্টাইল আইকন ২০২২ প্ৰতিযোগিতাখনত কিড্‌চ, টিন, মিষ্টাৰ,মিচ আৰু মিচেছ, শাখাত অনুষ্ঠিত  হয়৷ আনহাতে ‘কিড্‌চ’ৰ ছোৱালী শাখাত মেঘা কলিতাই উইনাৰৰ খিতাপটি অৰ্জন কৰিবলৈ সক্ষম হয়৷ আৰু ফাষ্ট ৰানাচ আপ হিচাপে স্বস্তিকা দে আৰু চেকেণ্ড ৰানাচ আপ হিচাপে আৰোচি শৰ্মাই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়৷ ল’ৰাৰ ‘কিড্‌চ’ৰ শাখাত কৃতাৰ্থ কান্ত বৰুৱাই উইনাৰৰ খিতাপটি আজুৰি আনিবলৈ সক্ষম হয়৷ আনহাতে ফাষ্ট ৰানাচ আপ হিচাপে জিষ্ণু কাশ্যপ, চেকেণ্ড ৰানাচ আপৰ খিতাপটি জ্যোতিষ্মান কাশ্যপে দখল কৰিবলৈ সক্ষম হয়৷ ‘টিন’ত উইনাৰ হিচাপে অন্তৰা তালুকদাৰ, ফাষ্ট ৰানাচ আপ হিচাপে কস্তুৰী ডেকা আৰু চেকেণ্ড ৰানাচ আপ হিচাপে মধুস্মীতা বৰাই স্থান দখল কৰিবলৈ সক্ষম হয়৷ আৰু মিছৰ শাখাত শতাব্দী হাজং উইনাৰ হিচাপে, এম্বেছেদৰ হিচাপে তৃষ্ণা বড়োয়ে স্থান দখল কৰিবলৈ সক্ষম হয়৷ তদুপৰি মিচেছৰ শাখাত নন্দিতা সিংহা উইনাৰ হিচাপে, চেকেণ্ড ৰানাচ আপ হিচাপে অনিতা  ৰাজ আৰু ব্ৰেণ্ড এম্বেছেদৰ হিচাপে মাইনু বৰুৱাই স্থান দখল কৰিবলৈ সক্ষম হয়৷ তদুপৰি মিষ্টাৰ কেটেগুৰিত সুনিল বাছফৰ ফাষ্ট ৰানাচ আপ হিচাপে আৰু ৰোমিঅ চোৱেল চেকেণ্ড ৰানাচ আপ হিচাপে আৰু অসীম সুত্ৰধৰে উইনাৰৰ খিতাপটি দখল কৰিবলৈ সক্ষম হয়৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here