স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি " সহস্ৰনাদ" কাৰ্যক্ৰম সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 10 April 2022

স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি " সহস্ৰনাদ" কাৰ্যক্ৰম সম্পন্ন

 



W7s News ষ্টাফৰিপোৰ্টাৰ : অসমৰ শিক্ষাখণ্ডৰ মাতৃভাষাৰ জৰিয়তে পাঠদান কৰা বৃহত্তম সংস্হাটো হৈছে বিদ্যা ভাৰতীৰ অন্তৰ্গত শিশু শিক্ষা সমিতি, অসম । বৰ্তমান সমগ্ৰ ভাৰততে ৭৫ সংখ্যক  স্বাধীনতা দিৱস অমৃত মহোৎসৱ হিচাপে উদযাপন কৰা হৈছে। শিশু শিক্ষা সমিতি অসমেও এই মহোৎসৱৰ লগত সংগতি ৰাখি দেওবাৰে "সহস্ৰনাদ" কাৰ্যক্ৰম উদযাপন কৰা হয় । এই অনুষ্ঠান আনুষ্ঠানিক ভাৱে মুকলি কৰে শিশু শিক্ষা সমিতি অসমৰ সভাপতি ড০ দিব্যজ্যোতি মহন্তই । এই অমৃত মহোৎসৱ উদযাপন কাৰ্যক্ৰমৰ মুখ্য আকৰ্ষণ  শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা গুৱাহাটী মহানগৰত ৭৫ টা ঘোষ দলৰ পথ সঞ্চালন। দিঘলীপুখুৰীৰ চাৰিওফালে পথ সঞ্চালন কৰাৰ অন্তত "অমৰ জোৱান" ত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ।ইয়াৰ উপৰিও  গুৱাহাটীৰ যুদ্ধ স্মাৰক উদ্যান আৰু লতাশিল খেলপথাৰত আকৰ্ষণীয় ঘোষ প্ৰদৰ্শন কৰা হয়।  প্ৰতিকূল বতৰৰ মাজতো অনুষ্ঠানত  মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ ছাত্ৰীৰ অভিবাদন গ্ৰহণ কৰে । শিশু শিক্ষা সমিতি অসমৰ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে এই মহান উদ্দেশ্যেৰে আয়োজিত কাৰ্যসূচীৰ প্ৰতিটো অনুষ্ঠানেই উপভোগ কৰি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে উপস্থিত সকলোলৈ ধন্যবাদ জ্ঞাপ




ন কৰে । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অখিল ভাৰতীয় সম্পাদক ব্ৰক্ষ্মাজী ৰাও, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰত সাংগঠনিক সম্পাদক ড০ পৱন তিৱাৰী আৰু বিগ্ৰেদিয়াৰ দামোদৰ যোশী ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here