অসমৰ মুখ্যমন্ত্ৰীৰ উন্নয়নমূলক কামৰ ওপৰত নির্মিত এলবাম মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 13 April 2022

অসমৰ মুখ্যমন্ত্ৰীৰ উন্নয়নমূলক কামৰ ওপৰত নির্মিত এলবাম মুকলি

 



‘মহাযোগী হিমন্ত’ শীর্ষক অডিঅ-ভিডিঅ গান মুকুলি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ


W7s news ষ্টাফৰিপোৰ্টাৰ, ঃ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া উন্নয়নমূলক কাম-কাজৰ ওপৰত প্ৰস্তুত কৰা এলবাম আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধার্থ ভট্টাচার্যই গায়ক শিৱ কুমাৰ বাৰ্মাৰ ইউটিউব চেনেল ‘MELODIOUSLY SHIVA'ত মহাযোগী হিমন্ত শীর্ষক অডিঅ’ ভিডিঅ' গানটো আনুষ্ঠানিকভাৱে মুকলি কৰে। এই গানটোৰ গীত, কণ্ঠ আৰু সুৰ দিছে প্ৰখ্যাত গায়ক শিৱ কুমাৰ বাৰ্মাই। গানটো মুকলি কৰি বিধায়ক ভট্টাচাৰ্য্যই কয় যে গায়ক বাৰ্মাই ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমূলক কাম-কাজএই গীতটোৰ জৰিয়তে অতি সুন্দৰভাৱে দাঙি ধৰিছে। তেওঁ কয় যে এই গীতটোত বলপূর্বক চান্দা সংগ্রহ, ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা, কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ, শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত অভূতপূৰ্ব কামৰ কথা উল্লেখ কৰা হৈছে। তেওঁ কয় যে এই গীতটোত ৰাজ্যখনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা উন্নয়নমূলক কামৰ বাস্তৱতা বর্ণনা কৰা হৈছে। এই সন্দৰ্ভত গায়ক বার্মাই কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজত প্ৰভাৱিত হৈ তেওঁ মাত্ৰ এদিনতে এই গানটো লিখি উলিয়াইছিল । এই অডিঅ’-ভিডিঅ’এলবামৰ সংগীত আৰু মিশ্ৰণ কৰিছে জিন্টু বৰদলৈয়ে। আনহাতে গানটোত বিটুল কোঁৱৰে সম্পাদনা আৰু মুন তালুকদাৰে চিনেমাটোগ্রাফী কৰিছে। এলবামটোৰ দৃশ্যগ্ৰহণ চন্দ্ৰপুৰত কৰা হৈছে। তেওঁ কয় যে গুৱাহাটীত বৰ্তমান জিএমচিৰ নিৰ্বাচন পূর্ণ গতিত চলি আছে। সেয়ে তেওঁ নিৰ্বাচন আৰু ৰঙালী বিহুৰ ঠিক আগতে এই গীতটো মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্রী ডঃশর্মাকে ধৰি ৰাজ্যখনৰ জনসাধাৰণে গানটো আঁকোৱালি লব বুলি আশা প্রকাশ কৰে বাৰ্মাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here