নতুন অসমীয়া চলচিত্ৰ "চিকাৰ"ৰ পোষ্টাৰ মুকলি কৰিলে জুবিন গাৰ্গে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 13 April 2022

নতুন অসমীয়া চলচিত্ৰ "চিকাৰ"ৰ পোষ্টাৰ মুকলি কৰিলে জুবিন গাৰ্গে

 






W7s news ষ্টাফৰিপোৰ্টাৰ:  ৰঙালী বিহুৰ প্ৰাকক্ষণত বুধবাৰে মহানগৰীৰ জু ৰোডৰ গুৱাহাটী চেণ্ট্ৰেল’ত নতুন অসমীয়া চলচ্চিত্ৰ "চিকাৰ"ৰ নাম ঘোষণা তথা পোষ্টাৰ মুকলি হয়। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে আনুষ্ঠানিকভাৱে মুকলি কৰে নতুন অসমীয়া ছবিখনৰ প্ৰথম পোষ্টাৰ। বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ' এল এল পি (ইণ্ডিয়া) ৰ বেনাৰত ছেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্যৰ প্ৰযোজনাত নিৰ্মিত ছবিখনিৰ কাহিনী আৰু পৰিচালনা কৰিছে বিগত ২৫ বছৰে অসমীয়া চলচ্চিত্ৰজগতত সম্পাদক হিচাপে পৰিচিত দেবাংকৰ বৰগোঁহাইয়ে। কাৰ্যবাহী প্ৰযোজক প্ৰয়াত ৰতন লহকৰৰ সুযোগ্য সন্তান প্ৰণৱ লহকৰ। চলচ্চিত্ৰ খনৰ ৮০ শতাংশ লণ্ডনত আৰু কিছু অংশ অসমত দৃশ্যগ্ৰহণ কৰিবলগীয়া "চিকাৰ"ৰ মুখ্য চৰিত্ৰত চাহ বাগানীয়া যুৱক হিচাপে দেখিবলৈ পোৱা যাব জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনাৰ দায়িত্বততো আছে জুবিন গাৰ্গ। অন্য দুটি গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব জনপ্ৰিয় শিল্পী সীদ্ধাৰ্থ শৰ্মা(কে কে) আৰু ধ্যানী মোহনে। "চিকাৰ"ৰ চিত্ৰনাট্য-সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ। দৃশ্যগ্ৰহণকাৰী জন ৰেগ্ৰেট। সাজ-সজ্জা গৰিমা শইকীয়া গাৰ্গৰ।

এই সম্পৰ্কে চলচ্চিত্ৰখনৰ পৰিচালক দেবাংকৰ বৰগোঁহাইয়ে কয়-চলিত বছৰৰ অক্টোবৰ মাহৰ পৰা চলচ্চিত্ৰ খনৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ হ'ব।

 আমাৰ অভিনয় শিল্পী সকলে এইবাৰ লণ্ডনৰ মঞ্চত ঝুমুৰ নৃত্য পৰিবেশন কৰিব।চলচ্চিত্ৰখন অহা বছৰৰ ফেব্ৰুৱাৰীত চিত্ৰগৃহলৈ অহাৰ কথাৰ সম্ভাৱনা আছে। প্ৰথম বাৰৰ বাবে পৰিচলান কৰা এই চলচ্চিত্ৰখনকলৈ আমি যথেষ্ট আশাবাদী।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here