এইচডিএফচি বেংকৰ অসমত মুঠ এডভান্সে ৭,০০০ কোটি টকাৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 7 April 2022

এইচডিএফচি বেংকৰ অসমত মুঠ এডভান্সে ৭,০০০ কোটি টকাৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে

 

এডভান্সৰ ক্ষেত্ৰত অসমৰ ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ বেংক



W7s news ষ্টাফৰিপোৰ্টাৰ : এইচডিএফচি বেংকে বৃহস্পতিবাৰে অসমত আগবঢ়োৱা ইয়াৰ মুঠ অগ্ৰিম ধন (advance) য়ে ৭,০০০ কোটি টকা অতিক্ৰম কৰিছে বুলি ঘোষণা কৰে। ২০২১ ৰ ৩১ ডিচেম্বৰলৈকে, অসমত বেংকটোৱে আগবঢ়োৱা এডভান্সৰ পৰিমাণ আছিল ৭,০০৮ কোটি টকা। মুঠ এডভান্সৰ ভিতৰত আছে ৰাজ্যখনত বেংকে আগবঢ়োৱা সকলো ঋণ– যাৰ অন্তৰ্ভুক্ত হৈছে ৰিটেইল, কৰ্প’ৰেট, এমএছএমই আৰু মাইক্ৰ'ফাইনেন্স গ্ৰাহকসকললৈ আগবঢ়োৱা ঋণ।

আমি হৈছো ৮.৭২% মুঠ বজাৰ অংশ (market share) সহ অগ্ৰাধিকাৰ খণ্ডৰ এমএছএমই ঋণ আগবঢ়োৱা ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ বেংক।এইচডিএফচি বেংক হৈছে অসমত মুঠ এডভান্সৰ ৭.৫৪% শতাংশ বজাৰ অংশৰে ৰাজ্যখনৰ ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ বেংক। ইয়াৰোপৰি, যোৱা ১২ মাহত, বেংকটোৰ মুঠ এডভান্স ৩১ ডিচেম্বৰ, ২০২০ ত ৬,২১২ কোটি টকাৰপৰা ১২.৮১% বৃদ্ধি হৈছে।

এইচডিএফচি বেংকৰ ব্ৰান্স বেংকিং হেড- ইষ্ট শ্ৰী সন্দীপ এছ কুমাৰে কয়, "আমাক অসমৰ জনসাধাৰণলৈ সেৱা আগবঢ়োৱাৰ সুযোগ প্ৰদানৰ বাবে আমি আমাৰ গ্ৰাহকসকলৰ ওচৰত কৃতজ্ঞ।" "আমি অসমৰ বিকাশৰ অংশীদাৰ হ'বলৈ আৰু অৰ্থনৈতিক কাৰ্য্যকলাপত ইন্ধন যোগাবলৈ পাই সুখী হৈছো। যোৱা ১২ মাহত এডভান্স ১২.৮১ শতাংশ বৃদ্ধিয়ে অৰ্থনীতিক সমৰ্থন জনাবলৈ ক’ভিড-১৯ ৰ সময়তো বেংকে ঋণ আগবঢ়াই থকাটো প্ৰতীয়মান হৈছে।"

তদুপৰি, বেংকটোৰ অসমত ৯,০৮৫ কোটি টকা ডিপ’জিট আছে, ইয়াৰ সৈতে এডভান্সৰ পৰিমাণ যোগ হ’লে মুঠ ব্যৱসায় ১৬,০০০ কোটি টকা। মুঠ ব্যৱসায়ত বেংকটোৰ বজাৰ অংশ হৈছে ৫.৯৩%।

এইচডিএফচি বেংক অসমৰ বিকাশৰ বাবে অংগীকাৰবদ্ধ। ৰাজ্যখনৰ সকলো প্ৰান্ততে ইয়াৰ নেটৱৰ্কে এই অংগীকাৰকে প্ৰমাণ কৰে। আজি ৰাজ্যখনত ইয়াৰ ৮৬ টা শাখা আৰু ১৪৩ ৰোধিক এটিএম আছে। ২০০৪ চনত গুৱাহাটীত বেংকটোৰ প্ৰথম শাখাৰে ই অসমত ইয়াৰ কাম-কাজ আৰম্ভ কৰিছিল। তেতিয়াৰেপৰা, ই ক্ষীপ্ৰতাৰে ইয়াৰ নেটৱৰ্ক সম্প্ৰসাৰিত কৰিছে আৰু আজি অসমৰ ৩১ খন জিলাত ইয়াৰ শাখা আছে। বেংকটোৱে তদুপৰি ইয়াৰ ৫৯২ জন বিজনেছ কৰেছপণ্ডেন্টৰ নেটৱৰ্কৰ জৰিয়তে ৰাজ্যখনৰ প্ৰত্যন্ত অঞ্চলসমূহত সেৱা আগবঢ়াইছে।

বেংকটোৱে ইয়াৰ কাৰ্য্যক্ৰমসমূহ ৰূপায়ণৰ বাবে ডিজিটেল সমাধান প্ৰদানৰদ্বাৰা অসম চৰকাৰৰ বিভিন্ন বিভাগৰ সৈতে কাম কৰিছে। বেংকটো তদুপৰি ৰাজ্যিক-পৃষ্ঠপোষকতাপ্ৰাপ্ত আত্ম সহায়ক গোট (SHG) সমূহক পুঁজি যোগানৰ ক্ষেত্ৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৈতে জড়িত হৈ আছে। ডিচেম্বৰ, ২০২১ লৈকে, বেংকটোৱে ১,৭০০ ৰোধিক গোটলৈ এডভান্স আগবঢ়াইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here