W7s News ষ্টাফৰিপোৰ্টাৰ:বিজেপিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন কৰে। ভিডিঅ’ কনফাৰেন্সিং যোগে দলীয় নেতা-কৰ্মীৰ লগতে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰীজনে। প্ৰতিষ্ঠা দিৱসৰ দিনটোত প্ৰতিষ্ঠাপক নেতাসকলক স্মৰণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ইফালে বুধবাৰে বিজেপিৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যিক বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয় চৌহদত প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।গুৱাহাটীৰ বশিষ্ঠৰ লালমাটিত নিৰ্মাণ কৰা হৈছে এই কাৰ্যালয়প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা অন্যান্য নেতৃত্ব উপস্থিত থাকে।
#bjp #celebrating #42ndFoundationDay#assam



No comments:
Post a Comment