সৰ্বভাৰতীয় ষ্টেট বেংক বিষয়া ফেডাৰেচনৰ ২৮ সংখ্যক ত্ৰি-বাৰ্ষিক সন্মিলন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 21 April 2022

সৰ্বভাৰতীয় ষ্টেট বেংক বিষয়া ফেডাৰেচনৰ ২৮ সংখ্যক ত্ৰি-বাৰ্ষিক সন্মিলন

 







W7s news ষ্টাফৰিপোৰ্টাৰ :সৰ্বভাৰতীয় ষ্টেট বেংক বিষয়া ফেডাৰেচনৰ ২৮ সংখ্যক ত্ৰিবাৰ্ষিক সন্মিলনৰ এইবাৰ গুৱাহাটীত অনুষ্ঠিত হ'ব। বৃহস্পতিবাৰে গুৱাহাটীত ভাৰতীয় ষ্টেট বেংক বিষয়া সন্থা উত্তৰ- পূব মণ্ডলৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে  ভাৰতীয়

 ষ্টেট বেংক বিষয়া সন্থা উত্তৰ- পূব মণ্ডলৰ সাধাৰণ সম্পাদক ৰূপম ৰয়ে।  তেওঁ লগতে কয়- এই সন্মিলন খন এইবাৰ গুৱাহাটীৰ ন মাইলস্থিত

ইউ এছ টি এমৰ সভাগৃহত অনুষ্ঠিত হ'ব।  ২২ এপ্রিলৰ বিয়লি এই সন্মিলনখনৰ শুভাৰম্ভ হ'ব। আমাৰ এই সবল মহাসংঘৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে এই ত্রিবার্ষিক সন্মিলনৰ আয়োজক হিচাপে ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ পূব মণ্ডলে দায়িত্ব লাভ কৰিছে।

দেশৰ প্ৰতিটো কোণৰ পৰা সহস্রাধিক প্রতিনিধি আৰু পর্যবেক্ষক আহি এই বিশাল আয়োজনত যোগদান কৰিব। সৰ্বভাৰতীয় ষ্টেট বেংক বিষয়া মহাসংঘৰ বৰ্তমান সমিতিখনে ইয়াৰ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ বাবে এই সন্মিলন খনতেই আগন্তুক ত্রিবর্ষীয় কার্যকাল ২০২২-২৫ ৰ বাবে পৰৱৰ্তী সমিতি খন নির্বাচিত কৰিব। কেন্দ্ৰীয় চৰকাৰৰ ট্রেড ইউনিয়ন বিৰোধী মনোভাৱৰ এই অতি প্ৰত্যাহবানমূলক পৰিবেশৰ মাজত এই সন্মিলনখনে বিষয়া মহা সংঘৰ ভৱিষ্যত নেতৃবৃন্দৰ বাবে পথ নির্ণায়ক ভূমিকা গ্রহণ কৰিব। সৰ্বভাৰতীয় ষ্টেট বেংক বিষয়া মহা সংঘৰ পতাকাৰ তলত বিষয়া পৰিয়ালৰ ৫৭ বছৰীয়া আন্দোলনৰ ইতিহাস, কৃতকার্যতা, ত্যাগ আৰু সংগ্ৰামৰ গাঁথা, লগতে বঞ্চিত পেছাদাৰী, নিৰীক্ষক, পৰিচালক, কাৰ্যবাহী সকলৰ বাবেও অনুপ্ৰেৰণাৰ উৎস হৈ আহিছে।' সংবাদ মেলত সৰ্বভাৰতীয় ষ্টেট বেংক বিষয়া ফেডাৰেচনৰ সভাপতি দীপক কুমাৰ শৰ্মাই কয়-আমি এই সন্মিলনত দেশৰ অৰ্থনৈতিক অৱস্থা কেনেকৈ আগুৱাই নিব পাৰি সেই বিষয়ে আলোচনা কৰিম। লগতে ৰাজহুৱা খণ্ডৰ বেংকক চৰকাৰে ব্যক্তিগত কৰণ কৰিব বিচৰা বিষয়ত আলোচনা কৰা হ'ব।' সংবাদ মেলত সৰ্বভাৰতীয় ষ্টেট বেংক বিষয়া ফেডাৰেচনৰ সাধাৰণ সম্পাদক সৌম দত্তই (Soumya Datta) এই সন্মিলনৰ সফলতা কামনা কৰে। আনহাতে ভাৰতীয় ষ্টেট বেংকৰ বিষয়া কৰ্মচাৰী সকলে গ্ৰাহকক সততে ভাল ব্যৱহাৰ নকৰা অভিযোগ উত্থাপিত হয় বুলি সাংবাদিকে  সোধা প্ৰশ্নৰ উত্তৰত উপস্থিত বিষয়া সকলে কয় -ভাৰতীয় টেষ্ট বেংকৰ কৰ্মচাৰীৰ সংখ্যা যথেষ্ট কম আৰু তেওঁলোকে প্ৰতিদিনে বহু সংখ্যক গ্ৰাহকৰ  সৈতে কাম কৰিব লগীয়া হয়। এই বিষয়ত বেংকৰ উৰ্ধতম কৰ্তৃপক্ষক জনোৱা হ'ব। এনে ধৰণৰ অভিযোগ থাকিলে গ্ৰাহকে বেংকত অভিযোগ দিয়াৰ বাবেও ব্যৱস্থা আছে। সংবাদ মেলত ভাৰতীয় ষ্টেট বেংক বিষয়া সন্থা উত্তৰ পূৱৰ অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here