খিলঞ্জীয়া চাওতাল জনগোষ্ঠীক সংবিধানৰ ৩৪২ অনুচ্ছেদ অনুসৰি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰাৰ দাবীত চচলত ধর্ণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 29 April 2022

খিলঞ্জীয়া চাওতাল জনগোষ্ঠীক সংবিধানৰ ৩৪২ অনুচ্ছেদ অনুসৰি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰাৰ দাবীত চচলত ধর্ণা

 

W7s news ষ্টাফৰিপোৰ্টাৰ:  চাওতাল ছাত্ৰ সন্থা, সদৌ অসম চাওতাল উন্নয়ণ সন্থা, চাওতাল মাঝি মণ্ডল, চাওতালী সাহিত্য পৰিষদ আৰু অন্যান্য চাওতাল দল সংগঠনৰ সহযোগত শুকুৰবাৰে চচলৰ ধর্ণাস্থলিত দুই ঘন্টীয়া ধর্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। খিলঞ্জীয়া চাওঁতাল জনগোষ্ঠীক সংবিধানৰ ৩৪২ অনুচ্ছেদ অনুসৰি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰা, অসমৰ অষ্ট্ৰিকমুলৰ চাওতাল জনগোষ্ঠী চাহ জনগোষ্ঠীৰ নামেৰে নামাকৰণ কৰা, ভূমি আৰু ৰাজহ আইন, ১৮৮৬ মতে ভূমিপুত্ৰ চাওঁতালসকলৰ ভূমি সংৰক্ষণ কৰি অধিকাৰ ৰূপায়ণ কৰা,চাওতালী ভাষাৰ শিক্ষক নিযুক্তি প্রদান কৰা দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। এই কাৰ্যসুচিৰ জৰিয়তে সদৌ চাওতাল ছাত্ৰ সন্থা, (এছু)ৰ সভাপতি মিন্টু হেমব্রম


কয়- চলিত বছৰৰ ১৫ মার্চত অসম চৰকাৰে গ্ৰহণ কৰা চাহ জনজাতি জাতীয় সন্মিলনক জাতিগত প্রমাণ পত্ৰ দিয়াৰ অংগীকাৰ বাতিল হ'ব লাগিব।

চাওতাল জনগোষ্ঠীক চাহ জনজাতিৰ পৰিৱৰ্তে পূৰ্বৰ দৰেই অন্যান্য পিছপৰা শ্ৰেণীৰ নামতেই জাতিগত প্রমাণ পত্ৰক প্ৰদান কৰিব লাগিব। অসম চৰকাৰ আৰু চাওতাল জনগোষ্ঠীয় দল-সংগঠনৰ মাজত এখন দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি সমাধানৰ পথ প্ৰস্তুত কৰাৰ বাবে আমি চৰকাৰক দাবী জনাইছোঁ।'

এই কাৰ্যসুচিৰ জৰিয়তে সদৌ চাওঁতাল ছাত্ৰ সন্থা, (এছু)ৰ সাধাৰণ সম্পাদক ৰিমান চৰেনে কয়-অসমৰ 

অষ্ট্ৰিকমুলৰ চাওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠীৰ লগত অন্তৰ্ভুক্ত আৰু নামাকৰণ কৰাৰ বাবে আমি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। চলিত বছৰৰ

১৫ মাৰ্চত  অসম চৰকাৰৰ সিদ্ধান্তত চাওতাল ছাত্ৰ সন্থা আশ্বস্ত হব পৰা নাই কাৰণ চাওতাল জনগোষ্ঠীয়ে চাহ জনগোষ্ঠী নহয় আৰু মানি নলওঁ। আমি বিচাৰো চৰকাৰৰ এই সিদ্ধান্তক বাতিল হব লাগে আৰু চাওতাল জনগোষ্ঠীৰ কোনো ক্ষতি নোহোৱাকৈ চৰকাৰে চাওঁতাল জনগোষ্ঠীয় দল-সংগঠনেৰে মিলি আলোচনাৰমাধ্যমেৰে এক স্থায়ী সমাধানৰ পথ প্ৰস্তুত কৰিব বুলি আমি আশা প্ৰকাশ কৰিলোঁ।' এই কাৰ্যসুচীত সন্থাৰ বহু সংখ্যক সদস্য উপস্থিত থাকি চৰকাৰ বিৰোধী শ্ল'গান দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here