অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী সান্ত্বনা গুপ্তৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 29 April 2022

অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী সান্ত্বনা গুপ্তৰ মৃত্যু

 

W7s news ষ্টাফৰিপোৰ্টাৰ : অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা বিশিষ্ট সাংবাদিক অমল গুপ্তৰ পত্নী সান্ত্বনা


গুপ্তৰ শুকুৰবাৰে মৃত্যু হয়। তেওঁ দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্রান্ত হৈ আছিল। শেহতীয়াকৈ তেওঁ বৃক্কৰ ৰোগৰ আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। তেওঁক চলিত বছৰৰ ৫ ফেব্ৰুৱাৰীত শাৰীৰিক অসুস্থতাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছিল। তাত কিছুদিন চিকিৎসা কৰাৰ পাছত পশ্চিমবঙ্গৰ মুৰ্চিদাবাদলৈ  চিকিৎসাৰ বাবে নিয়া হয়। শুকুৰবাৰে পশ্চিমবঙ্গৰ বড়হমপুৰৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ। তেওঁৰ স্বামী বিশিষ্ট সাংবাদিক অমল গুপ্তই পৰিয়াললোকৰ উপস্থিতিত মুখাগ্নী সম্পন্ন কৰে।  তেওঁৰ মৃত্যুত দিছ্পুৰ প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ৰ লগতে জাৰ্নেলিষ্ট এছ'চিয়েছন অৱ আছাম (জাফা)ৰ তৰফৰ পৰাও শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here