অসমৰ উদ্যোগপতি ড° জি ডি ধনুকালৈ আন্তঃৰাষ্ট্ৰীয় সন্মান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 13 April 2022

অসমৰ উদ্যোগপতি ড° জি ডি ধনুকালৈ আন্তঃৰাষ্ট্ৰীয় সন্মান

 





W7s news ষ্টাফৰিপোৰ্টাৰ: উত্তৰ-পূব ভাৰতৰ বিশেষকৈ অসমৰ যুৱপ্ৰজন্মই কেৱল ভাৰতৰেই নহয়, সমগ্ৰ বিশ্বৰ ঔদ্যোগিক প্ৰেক্ষাপটত নিজৰ এক সবল স্থিতি গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। উত্তৰ-পূব ভাৰতৰ এই ঔদ্যোগিক ক্ষেত্ৰখনৰ এক বিশেষ চৰ্চিত নাম আৰু যুৱ আইক'ন হৈছে ড° ঘনশ্যাম দাস ধনুকা। ঔদ্যোগিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবেই ধনুকাই শেহতীয়াকৈ ৪০ বছৰ অনূৰ্ধ শাখাত এছিয়াৰ ৪০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ সৈতে একেলগে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বাবে চলিত বৰ্ষৰ যোৱা ১২ এপ্ৰিলত লণ্ডনত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত তেওঁক এছিয়াওৱান বঁটাৰে সন্মানিত কৰা হয়।সামাজিক আৰু ব্যৱসায়িক ক্ষেত্ৰখনত আগবঢ়োৱা অভূতপূৰ্ব অৱদান আৰু অনবদ্য সফলতাপ্ৰাপ্তিৰ পৰিপ্ৰেক্ষিতত এই সন্মান ইতিমধ্যে লাভ কৰিছে এডুআর্ড' ছাভেৰিন, প্ৰণৱ আদানী, অনন্যা বিৰলা, অনন্ত গোয়েঙ্কা আদি যশস্বী উদ্যোগীসকলে।

১৭তম এছিয়া-ইউৰোপ বিজনেছ এণ্ড ছ'চিয়েল ফ'ৰাম ২০২২ৰ এক অংশ হিচাপে চলিত বছৰত উক্ত অনুষ্ঠানটি আয়োজিত হৈছে য'ত ইউৰোপ, এছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আফ্ৰিকাৰ প্ৰতিনিধিসকলৰ লগতে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানেও অংশগ্রহণ কৰে।

ড° জি ডি ধনুকা হৈছে জি আৰ ধনুকা গ্ৰুপৰ পৰিচালন সঞ্চালক। বিগত বছৰসমূহত ধনুকাৰ সবল উদ্যমত জি আৰ ধনুকা গ্ৰুপে ফার্মাচিউটিকেল, হস্পিতালিটী, সেউজ শক্তি, ৰীয়েল ইষ্টেট, আন্তঃগাঁথনি উন্নয়ন, তৈল আৰু খাদ্য খণ্ড আদি বিভিন্ন দিশত উল্লেখযোগ্য, পাৰদর্শিতা দাঙি ধৰিবলৈ সক্ষম হৈছে। পিতৃ অশোক কুমাৰজী ধনুকাই বহু কষ্টেৰে কেইবা দশকৰ পূৰ্বে গঢ় দিয়া পাৰিবাৰিক ব্যৱসায়ক ড° জি ডি ধনুকাই এক নতুন শিখৰত উপনীত কৰিবলৈ সক্ষম হৈছে। পিতৃৰ পদাংক অনুকৰণ কৰি ধনুকাই দূৰদৰ্শিতা, প্ৰবল ইচ্ছাশক্তি, অদম্য মনোবল, ধৈৰ্যশক্তি আৰু আত্মবিশ্বাসক সাৰথি কৰি ব্যৱসায়িক ক্ষেত্ৰখনত নিজৰ সুনাম আৰু খ্যাতি অৰ্জন কৰিছে। লণ্ডন স্কুল অৱ ইক'নমিক্স এণ্ড প'লিটিকেল ছাইন্স আৰু লাংকেষ্টাৰ ইউনিভাৰ্ছিটী মেনেজমেণ্ট স্কুলত শিক্ষাগ্রহণ কৰা ড° জি ডি ধনুকাই হার্ভার্ড বিজনেছ স্কুলৰপৰা লীডাৰশ্বিপ পাঠ্যক্ৰম সমাপন কৰাৰ লগতে আহমেদাবাদৰ আই আই এমৰপৰা উচ্চ শিক্ষা লাভ কৰাৰ উপৰিও এল এল বি ডিগ্রীও লাভ কৰে। তেওঁ বিশ্বাস কৰে যে, ভাৰতৰ আৰ্থ-সামাজিক সবলীকৰণ কেৱল এটি সময় নিৰ্ধাৰিত কাৰ্যসূচী নহয়, বৰঞ্চ ই এক অবিৰত যাত্ৰা, যিয়ে "বিশ্বমুখী চিন্তাৰে স্থানীয়ভাৱে কাৰ্য সম্পাদন" (Think Global, Act Local) আৰু আত্মনিৰ্ভৰশীলতাৰ মূলমন্ত্ৰক প্ৰতিফলিত কৰে।

ড° জি ডি ধনুকাই ইয়ং প্রেছিডেণ্টছ্ অর্গেনাইজেচন চমুকৈ ৱাই পি অ'ৰ উত্তৰ-পূবৰ অধ্যক্ষৰ লগতে এল ইউ বি, উত্তৰ-পূবৰ সম্পাদক, মাৰোৱাৰী হস্পিতালৰ দানবীৰ সদস্য আৰু উদ্যমী প্ৰতিষ্ঠান চমুকৈ ইঅ'-ৰ প্ৰতিষ্ঠাপক সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে। ঔদ্যোগিক ক্ষেত্ৰখনত লাভ কৰা অভূতপূৰ্ব সফলতাৰ বাবে টাইমছ গ্রুপে ২০২০ বৰ্ষত ড° ধনুকাক ইণ্ডিয়ান এচিভাৰ্ছ্ এৱাৰ্ডেৰে সন্মানিত কৰে। তদুপৰি অন্যান্য বহু প্ৰতিষ্ঠানৰদ্বাৰাও তেখেত সন্মানিত হৈছে। মা কামাখ্যাৰ পৰম ভক্ত ড° ধনুকাই "নিজৰ সৰ্বশ্ৰেষ্ঠত্ব উজাৰি দিয়া আৰু বাকী সকলোখিনি ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰা" আদৰ্শত বিশ্বাস ৰাখি কৰ্মক্ষেত্ৰত স্বকীয় প্ৰতিভাৰে উজলি উঠিছে। তেখেতৰ দৰে এগৰাকী যুৱ কৰ্মোদ্যমীয়ে লণ্ডনত উক্ত বঁটাৰে সন্মানিত হোৱাত বিভিন্ন মহলে সন্তোষ প্ৰকাশ কৰাৰ লগতে উষ্ম অভিনন্দন জ্ঞাপন কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here