প্রধান মন্ত্ৰীৰ কান্ধত ঢোল, বজালে পেঁপা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 23 April 2022

প্রধান মন্ত্ৰীৰ কান্ধত ঢোল, বজালে পেঁপা

 




W7s news নিউজ ডেস্ক: অসমীয়া জাতিৰ আয়ুসৰেখা- বাপতিসাহোন ব'হাগ বিহু আৰু অসমীয়া নৱবৰ্ষৰ সৈতে সংগতি ৰাখি নতুন দিল্লীস্থিত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয় আৰু আয়ুষ মন্ত্ৰালয়ৰ দায়িত্ব থকা মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসভৱনত আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিত থাকে। অসমৰ চহকী কলা-সংস্কৃতিৰ এগৰাকী প্ৰকৃত অনুৰাগী আৰু শুভাকাংক্ষী প্ৰধানমন্ত্ৰী মোদীক অসমৰ আদৰৰ ঢোল, পেঁপা, গামোচা, তাল আদিৰে আদৰণি জনোৱা হয়। নতুন দিল্লীৰপৰাই তেওঁ অসমবাসীলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ জনালে। আনহাতে সৰ্বানন্দ সোণোৱালেও অসমবাসীৰ অতিকৈ আপোন আৰু শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰীক আন্তৰিক  শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ এই অনুষ্ঠানত উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে মন্ত্ৰী, সাংসদ প্ৰমুখ্যে অতিথিবৃন্দক আন্তৰিক কৃতজ্ঞতা জনায়। হেঁপাহৰ বিহুটিয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক নতুন আশা, নতুন উদ্যম আৰু সুখ-সমৃদ্ধি, সুস্বাস্থ্যৰ নতুন বতৰা লৈ আহিব বুলি আশা প্ৰকাশ কৰে।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here