শ্ৰমিক-কৰ্মচাৰী ধৰ্মঘটত অচল দেশ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 28 March 2022

শ্ৰমিক-কৰ্মচাৰী ধৰ্মঘটত অচল দেশ

 



অসমতো সৰ্বাত্মক প্ৰভাৱ


বন্ধ হৈ পৰিল সকলো শিল্প প্ৰতিষ্ঠান আৰু মটৰ পৰিবহন



ধৰ্মঘটকাৰী শ্ৰমিকক ঠায়ে ঠায়ে গ্ৰেপ্তাৰ




W7s news ষ্টাফৰিপোৰ্টাৰ: কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত সোমবাৰে সংগঠিত হয় দেশজোৰা ধৰ্মঘট। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কেৰালাত ইয়াৰ ব্যাপক প্ৰভাৱ পৰে। সেইদৰে পশ্চিম বংগৰ ঠায়ে ঠায়ে ধৰ্মঘটকাৰীৰ সমৰ্থক আৰু চৰকাৰী বাহিনীৰ মাজত খণ্ড যুদ্ধৰ সৃষ্টি হয়। হাৰিয়ানাত এই ধৰ্মঘটৰ আংশিক প্ৰভাৱ পৰে। ঠায়ে ঠায়ে ৰেল সেৱা ব্যাহত হয়। দেশৰ বিভিন্ন স্থানত ৰাজহুৱা খণ্ডৰ বেংক কৰ্মচাৰী সকলে ব্যক্তিগত খণ্ডৰ বেংকৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰে।

এই ধৰ্মঘটৰ প্ৰভাৱ অসমতো সৰ্বাত্মকভাৱে পৰিলক্ষিত হয়। অসমৰ প্ৰায় সকলো চৰকাৰী ব্যক্তিগত শিল্প প্ৰতিষ্ঠান, বেংক, বীমা, ডাক, প্ৰতিৰক্ষা, টেলিকম, তৈলশিল্প, চাহ, কয়লা, পৰিবহন, নিৰ্মাণ খণ্ড, কল-কাৰখানা আদি বন্ধ হোৱাৰ উপৰিও হাজাৰ হাজাৰ অসংগঠিত খণ্ডৰ শ্ৰমিক আৰু কেন্দ্ৰীয় চৰকাৰৰ আই চি ডি এচ, এন এইছ এম, মিড ডে মিল আদিত কৰ্মতৰ আঁচনিভূক্ত কৰ্মচাৰীসকলে ৰাজপথত ওলাই আহি চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যখনৰ গুৱাহাটীক মহানগৰীৰ লগতে ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, লক্ষিমপুৰ, শোণিতপুৰ, কামৰূপ, দক্ষিণ কামৰূপ, কোকৰাঝাৰ, ধুবুৰী, বাস্কা, গোলাঘাট, বৰপেটা, নলবাৰী, কাচাৰ, কৰিমগঞ্জ, হোজাই, নগাঁও, বঙাইগাঁও, গোৱালপাৰা,  বিশ্বনাথ আদি জিলাৰ বিভিন্ন ঠাইত শ শ শ্ৰমিক কৰ্মচাৰীয়ে সভা-সমদল সংগঠিত কৰে। ৰাজ্যখনৰ বিভিন্ন ঠাইত পিকেটিংকাৰী প্ৰায় ১১৪৮ জন শ্ৰমিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৰ্মঘটৰ আহবান দিয়া সংগঠন ক্ৰমে আই এন টি ইউ চি, এ আই টি ইউ চি, এইছ এম এছ, চি আই টি ইউ, এ আই চি চি টি ইউ, এ আই ইউ টি ইউ চি, ইউ টি ইউ চি, গুৱাহাটী বিভাগীয় বীমা কৰ্মচাৰী সমিতি, উত্তৰ পূৰ্বাঞ্চল সাধাৰণ বীমা কৰ্মচাৰী সমিতি, অসম প্ৰাদেশিক বেঙ্ক কৰ্মচাৰী সমিতি, বেঙ্ক এমপ্লয়িজ ফেডাৰেচন (উত্তৰ পূৰ্বাঞ্চল), অসম ৰাজ্যিক কৰ্মচাৰী ফেডাৰেচন, কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী সমম্বয়ৰক্ষী সমিতি, এ আই ডি ই এফ, নেচনেল ফেডাৰেচন অৱ পোষ্টেল এমপ্লয়িজ, বি এছ এন এল এমপ্লয়িজ ইউনিয়ন,  উত্তৰ-পূৰ্বাঞ্চল তৈল শ্ৰমিক সমন্বয়ৰক্ষী সমিতি, অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ওৰ্কাৰ্চ ফেডৰেচন,আছাম ট্ৰিবিউন এমপ্লইজ ইউনিয়ন আৰু ষ্টেট বেংক অব ইণ্ডিয়া ষ্টাফ এছোচিয়েচনৰ নেতা কৰ্মীসকলে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সভা সমদল আৰু ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠনসমূহত পেকেটিং কৰে।

 গুৱাহাটীত ধৰ্মঘটৰ সমৰ্থনত পুৱা উলিওৱা সমদলত ধৰ্মঘটকাৰী সংগঠনৰ নেতৃবৃন্দ ক্ৰমে এ আই টি ইউ চিৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰমেন দাস, চি আই টি ইউৰ অন্যতম সম্পাদক মদন তালুকদাৰ সহ প্ৰায় ৫০ জন শ্ৰমিক নেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। শ্ৰমিক নেতাসকলে কয় যে -এই ধৰ্মঘট মঙলবাৰেও চলিব। বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি বাতিল কৰা, মালিকৰ স্বাৰ্থত কৰা শ্ৰম সংহিতা (কোড),বাতিল কৰা, বিদ্যুৎ (সংশোধনী). বিল-২০১১ বাতিল কৰা, ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ বন্ধ কৰা, জাতীয় মুদ্ৰাকৰণ পাইপ লাইন বাতিল কৰা, আয়কৰৰ আওতাত নপৰা প্ৰতিগৰাকীক খাদ্য আৰু উপাৰ্জনৰ নিৰিখত মাহিলি ৭৫০০ টকা আদায় দিয়া, এম.এন.ৰেগাৰ পাৰিশ্ৰমিকৰ হাৰ বৃদ্ধি কৰা, চহৰ অঞ্চলতো নিয়োগ প্ৰতিশ্ৰুতি আঁচনি লাঘু কৰা, শ্ৰমিকৰ ন্যূনতম মজুৰি দৈনিক ৮০০ টকা ধাৰ্য কৰি শীঘ্ৰে চৰকাৰী জাননী জাৰি কৰা, সমান কামত সমান মজুৰি প্ৰদান কৰা, চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি ৩৫১ টকা ধাৰ্য কৰা, অঙ্গনবাড়ী, ৰন্ধন কৰ্মী, আশা কৰ্মী আৰু অন্যান্য আঁচনিভুক্ত শ্ৰমিক কৰ্মীৰ বাবে মাননিৰ সলনি মজুৰি প্ৰদান কৰা, মটৰ শ্ৰমিক সহ সকলো অসংগঠিত শ্ৰমিকৰ বাবে সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰা, অতিমাৰী সংক্ৰান্ত কামৰ ক্ষেত্ৰত আগশাৰীৰ স্বাস্থ্য কম¹ৰ বাবে সুৰক্ষা আৰু বীমা নিশ্চিত কৰা, দেশৰ আৰ্থিক স্থিতি টনকিয়াল কৰাৰ বাবে দেশৰ অতি ধনীসকলৰ পৰা অতিৰিক্ত কৰ সংগ্ৰহ কৰি কৃষিখণ্ড, শিক্ষা, স্বাস্থ্য আৰু অন্যান্য গুৰুত্বপূৰ্ণ জনহিতকৰ কামৰ বাবে চৰকাৰী ব্যয় বৃদ্ধি কৰা, পেট্ৰ’লিয়াম পণ্যৰ ওপৰত থকা কেন্দ্ৰীয় কৰৰ অংশ কমাই মূল্যবৃদ্ধি ৰোধ কৰা, নামৰূপ সাৰ কাৰখানাত চতুৰ্থ গোট স্থাপন কৰা, নগাঁও আৰু কাচাৰ কাগজ কলকে ধৰি বন্ধ হৈ থকা সকলো সৰু-বৰ কল-কাৰখানা খোলাৰ ব্যৱস্থা কৰা, নিয়োগৰ ব্যৱস্থা সুচল কৰি নিবনুৱাক কৰ্মসংস্থাপন প্ৰদান কৰা, আন্দোলনকাৰী কৃষকক দিয়া প্ৰতিশ্ৰুতি শীঘ্ৰে পালন কৰা আদি দাবীসমূহৰ ভিত্তিত এই ধৰ্মঘট দেশৰ সকলো প্ৰান্তত আজিৰ পৰা আৰম্ভ হৈছে। চৰকাৰৰ ওচৰত বাৰে বাৰে দাবীবোৰ উত্থাপন কৰি কোনো সঁহাৰি নাপায় বাধ্য হৈ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ যৌথ মঞ্চই এই দুদিনীয়া সাধাৰণ ধৰ্মঘটৰ আহবান দিবলৈ বাধ্য হৈ পৰিছিল। শ্ৰমিক নেতাসকলে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ কঠোৰ সমালোচনা কৰি কয় যে বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰখনে দেশৰ অৰ্থনীতি দুৰ্দশাগ্ৰস্ত কৰি তুলিছে। জনসাধাৰণৰ কৰৰ টকাৰে সৃষ্ট দেশৰ স্থাৱৰ-অস্থাৱৰ সকলো সম্পত্তি দ্বিধাহীনভাৱে পানীৰ দৰত বিক্ৰী কৰি দেশখনক ৰুগ্ন কৰি তুলিছে। শ্ৰমিক বিৰোধী, জনবিৰোধী আৰু কৃষক বিৰোধী নীতি গ্ৰহণ কৰি শ্ৰমজীৱী মানুহৰ বাবে অন্ধকাৰ নমাই আনিছে। চৰকাৰখনৰ এই জাতীয় স্বাৰ্থ বিৰোধী নীতি সমূহৰ বিৰুদ্ধে শ্ৰমজীৱী মানুহৰ ঐক্যবদ্ধ সংগ্ৰামক তীব্ৰ কৰি তোলাৰ প্ৰয়োজন আহি পৰিছে। দেশী-বিদেশী কৰ্প'ৰেটৰ সহযোগিতাত একনায়কত্ববাদী পথেৰে গণতান্ত্ৰিক ব্যৱস্থাক চুৰমাৰ কৰি দিয়া কাৰ্যৰ বিৰুদ্ধে চলাই থকা সংগ্ৰামৰ অংশ হিচাপে এই ধৰ্মঘটৰ আহ্বান দিছে। চৰকাৰে গ্ৰহণ কৰা নীতিৰ ফলত হোৱা অত্যাধিক মূল্যবৃদ্ধিৰ ফলত সৰ্বসাধাৰণ ৰাইজে নিত্যব্যৱহাৰ্য সামগ্ৰী ক্ৰয় কৰাটো কঠিন হৈ পৰিছে। ২৩ কোটি শ্ৰমিকক ঠেলি দিছে নূ্যনতম দৰমহাতকৈও কম উপাৰ্জনেৰে চলিবলৈ।  কৃষকে কৃষিখণ্ড ৰক্ষাৰ স্বাৰ্থত সংগ্ৰাম কৰি আছে। অন্ন-বস্ত্ৰ-বাসস্থান-শিক্ষা-স্বাস্থ্য আদিৰ বাবে দেশৰ জনগণে জীয়াতু ভূগিবলগীয়া হৈছে। নেতাসকলে উল্লেখ কৰে যে অসমত বিশেষকৈ ২৮ আৰু ২৯ মাৰ্চত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হৈছে। অৱশ্যে পৰীক্ষাৰ দিন সূচী সলনি কৰাৰ বাবে দুয়োখনবোৰ্ডৰ সচিবলৈ চলিত বছৰৰ ২২ মাৰ্চত আবেদন জনাই যৌথ মঞ্চই আবেদন জনাই পত্ৰ প্ৰদান কৰিছিল। দুয়োখনবোৰ্ডে কোনো সহাঁৰি নোজোনোৱাত পৰীক্ষাৰ্থীসকলৰ বাবে অসুবিধা নোহোৱাকৈ ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। ইয়াৰ পিছতো যিবোৰ ঠাইত কিছুপৰিমানে অসুবিধাৰ সৃষ্টি হৈছে ইয়াৰ বাবে শ্ৰমিক-কৰ্মচাৰী সংগঠনসমূহে দুখ প্ৰকাশ কৰে। আনহাতে বেংক সমূহ ব্যক্তিকৰণৰ বিৰোধিতাৰ নিখিল ভাৰত বেংক কৰ্মচাৰী সন্থাৰ প্ৰতিবাদত দেশজুৰি ব্যাহত হয় বেংক সেৱা। দেশজুৰি আহ্বান জনোৱা দুদিনীয়া ধৰ্মঘটৰ প্ৰভাৱ অসমতো পৰে। গুৱাহাটীৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। উল্লেখ্য,

আজিৰে পৰা দুদিনীয়াকৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বেংক কৰ্মচাৰীসকলে। তাৰমাজতে ভাৰতীয় ষ্টেট বেংক আৰু দুই এটা ব্যক্তিগত খণ্ডৰ বেংকে সেৱা অব্যাহত ৰাখে। 

বেংকৰ সেৱা ব্যাহত হোৱাৰ সমান্তৰালকৈ বহুলোকে এ টি এমত ধন উলিয়াবলৈ গৈ হাৰশাস্তি খাব লগীয়া হয়। 


গুৱাহাটীতো বন্ধ থাকে বহু কেইটা ৰাজহুৱা খণ্ডৰ বেংক।

সদৌ ভাৰত আঞ্চলিক গ্ৰামীণ বেংক কৰ্মচাৰী সন্থাৰ আহ্বানত আৰু কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন সমূহৰ দাবীৰ সমৰ্থনত পালন কৰা হৈছে দুদিনীয়া ধৰ্মঘট কাৰ্যসূচী

 সদৌ ভাৰত আঞ্চলিক গ্ৰামীণ বেংক কৰ্মচাৰী সন্থাৰ আহ্বানত আৰু কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন সমূহৰ দাবীৰ সমৰ্থনত পালন কৰা হৈছে দুদিনীয়া ধৰ্মঘট কাৰ্যসূচী । সমগ্ৰ দেশৰ লগতে সোমবাৰে গুৱাহাটীতো বন্ধ থাকিল বহু কেইটা ৰাজহুৱা খণ্ডৰ বেংক |  এই ধৰ্মঘটৰ সৰ্বাত্মক প্ৰভাৱ গুৱাহাটীতো দেখা গ’ল । 

|ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ ব্যক্তিগতকৰণ বন্ধ কৰা, অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ, অ' পি এছ ব্যৱস্থা পুনৰ প্ৰৱৰ্তনকে ধৰি বেংকৰ শাখা সমূহত পৰ্যাপ্ত কৰ্মচাৰী নিয়োগৰ দাবীৰে পালন কৰা হৈছে এই ধৰ্মঘট কাৰ্যসূচী |সেইদৰে দেশজুৰিট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনে

 আহ্বান জনোৱা চকা বন্ধৰ  অসমতো ব্যাপক প্ৰভাৱ

 পৰে। অসমতো

সদৌ অসম সংযুক্ত মটৰ শ্ৰমিক ইউনিনে মটৰ শ্ৰমিকৰ কল্যাণ আঁচনি শীঘ্ৰে কাৰ্যকৰী কৰা, অত্যধিক জৰিমণাৰ নামত হাৰাশাস্তি বন্ধ কৰাৰ দাবীত ২৮ আৰু ২৯ মাৰ্চত

দিয়া ৪৮  ঘণ্টীয়া চকা বন্ধৰ আহ্বান জনাইছিল।

চকা বন্ধৰ সময়ছোৱাত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ, দুই এখন ব্যক্তিগত বাছ আৰু দুই এখন স্কুল বাছ মাত্ৰ গুৱাহাটীৰ ৰাজপথত দেখিবলৈ পোৱা যায়। অৱশ্যে এই দেশজোৰা ধৰ্মঘটৰ সময়ছোৱাত ৰেল সেৱা ব্যাহত হোৱা নাই।

 ইফালে কেইবাটাও শ্ৰমিক সংগঠনৰ লগতে বেংক কৰ্মচাৰীয়েও এই ধৰ্মঘটলৈ সমৰ্থন জনায়।


দেশজুৰি আহ্বান জনোৱা চকা বন্ধৰ প্ৰভাৱ

- কলগাছিয়াত চকা বন্ধৰ সমৰ্থকক গ্ৰেপ্তাৰ আৰক্ষীৰ

- ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনে আহ্বান জনাইছিল বন্ধৰ।

দেশজুৰি দুদিনীয়াকৈ শ্ৰমিকসকলৰ প্ৰতিবাদী কাৰ্যসূচী।নগাঁৱতো শ্ৰমিকৰ প্ৰতিবাদৰ ব্যাপক প্ৰভাৱ 

- এই প্ৰতিবাদক সহযোগ নগাঁও ডাক কৰ্মচাৰীৰ 

- মঙলবাৰেও প্ৰতিবাদ অব্যাহত ৰাখি‍‍ব ডাক কৰ্মচাৰীয়ে। ইফালে গুৱাহাটী শোধনাগাৰ ইউনাইডে ৱৰ্ক মেন ইউনিয়নৰ উদ্যোগত নতুনমাটিত এক বিশাল সমবেশ, শোভাযাত্ৰা উলিওৱা হয় আৰু কাইলৈৰ ধৰ্মঘট সফল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য, সমগ্ৰ দেশৰ লগতে ৰাজ্যত কাইলৈও কেন্দ্ৰীয় চৰকাৰৰ কৃষক-শ্ৰমিক জনবিৰোধী নীতিৰ বিৰুদ্ধে

শ্ৰমিক, দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত থাকিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here