ৰাইজৰ ৰায় আমি নতশিৰে মানি লৈছোঁঃ ভূপেন বৰা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 10 March 2022

ৰাইজৰ ৰায় আমি নতশিৰে মানি লৈছোঁঃ ভূপেন বৰা

 


"নিৰাশ হ'লেও আমি হতাশ হোৱা নাই"




W7s News ষ্টাফৰিপোৰ্টাৰ: পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু মাজুলী উপ-নিৰ্বাচনৰ ফলাফলৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি শ্ৰীভূপেন কুমাৰ বৰাই আজি কয় যে কংগ্ৰেছে ৰাইজৰ ৰায় নতশিৰে মানি লৈ ভৱিষ্যতৰ দিনত দলৰ ভুল-ভ্ৰান্তিসমূহ দূৰ কৰি দলটোক সুসংগঠিত ৰূপত আগবঢ়াই নিবলৈ দল বদ্ধপৰিকৰ।শ্ৰীবৰাই কয়- "আজিৰ ফলাফলে আমাক এটা শিক্ষা দিলে যে আমি তৃণমূল পৰ্যায়ত অধিক মনোনিৱেশ কৰিব লাগিব"। 

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে আৰু কয় যে আজিৰ  ফলাফলত নিঃসন্দেহে দলটো নিৰাশ হৈছে, কিন্তু হতাশ হোৱা নাই। কংগ্ৰেছে সদায় ৰাইজৰ হকে যুঁজি যাব। নিৰ্বাচনী জয় বা পৰাজয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলক নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ পৰাৰ বিচ্যুত কৰিব নোৱাৰে বুলি প্ৰকাশ কৰি শ্ৰীবৰাই কয় কংগ্ৰেছ দল সদায় ৰাইজৰ সৈতে একাত্ম হৈ থাকিব। "আমি ৰাইজৰ ইচ্ছ্যু সমূহক লৈ, যেনে- মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, অৰ্থনৈতিক অনগ্ৰসৰতা, শিক্ষা, স্বাস্থ্য, আন্তগাথঁনিমূলক উন্নয়নৰ বিষয়বোৰ দায়িত্ব সহকাৰে সদায় তুলি ধৰিম।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here