ইউৰোমানি প্ৰাইভেট বেংকিং এণ্ড ৱেলথ মেনেজমেণ্ট ছাৰ্ভে ২০২২ৰ অত্যাধিক প্ৰভাৱশালী শাখাৰ শীৰ্ষত এইচডিএফচি বেংক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 10 March 2022

ইউৰোমানি প্ৰাইভেট বেংকিং এণ্ড ৱেলথ মেনেজমেণ্ট ছাৰ্ভে ২০২২ৰ অত্যাধিক প্ৰভাৱশালী শাখাৰ শীৰ্ষত এইচডিএফচি বেংক

 



W7s News ষ্টাফৰিপোৰ্টাৰ:  দেশৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক প্ৰতিষ্ঠান এইচডিএফচি বেংকে ভাৰতত দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে পুনৰ এবাৰ স্বীকৃতি লাভ কৰিছে। ইউৰোমানি প্ৰাইভেট বেংকিং এণ্ড ৱেলথ মেনেজমেণ্ট ছাৰ্ভে ২০২২য়ে বেংকটোক পুনৰ স্বীকৃতি প্ৰদান কৰিছে। এইচডিএফচি বেংকক নেট-মূল্য-নিৰ্দিষ্ট সেৱা শাখা, যেনে- গ্ৰাহকৰ (US$100K to US$5m) ওপৰত অধিক /অত্যাধিক প্ৰভাৱশালী বিস্তাৰৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিগত বেংকিং সেৱা বুলি বিবেচিত কৰা হৈছে।গ্লোবল ৱেলথ মেনেজমেণ্ট ইণ্ডাষ্ট্ৰীৰ আগশাৰীৰ বেন্সমাৰ্ক (benchmark) গ্লোবেল প্ৰাইভেট বেংকিং এণ্ড ৱেলথ মেনেজমেণ্ট ছাৰ্ভেয়ে ব্যক্তিগত বেংকসমূহে অঞ্চল অনুসৰি আগবঢ়োৱা সৰ্বশ্ৰেষ্ঠ সেৱাৰ গুণগত সমীক্ষা প্ৰদান কৰে। ই ১৩ টা বিভিন্ন সামগ্ৰী আৰু গ্ৰাহকৰ শ্ৰেণীক সামৰি লয়।এই ছাৰ্ভেটো সমগ্ৰ বিশ্বৰ ব্যক্তিগত বেংকাৰ আৰু ৱেলথ মেনেজাৰৰ ইনপুটৰ ওপৰত আধাৰিত,যিসকলে তেওঁলোকৰ ঘৰুৱা বজাৰত কোনবোৰ প্ৰতিষ্ঠানক প্ৰতিদ্বন্দী হিচাপে বিবেচনা কৰে তাৰ এক চিনাক্তকৰণ প্ৰক্ৰিয়া। ২০২২চনত ১৯ বৰ্ষত ভৰি দিছে ইউৰোমানি প্ৰাইভেট বেংকিং আৰু ৱেলথ মেনেজমেণ্ট ছাৰ্ভেয়ে। এই বছৰ, ইউৰোমানিয়ে ২,০৫৮ টা বৈধ সঁহাৰি লাভ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here