লক্ষ্মীনাথ বেজবৰুৱা চ'কত এক মহিলা সমাবেশ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 8 March 2022

লক্ষ্মীনাথ বেজবৰুৱা চ'কত এক মহিলা সমাবেশ

 


W7s news ষ্টাফৰিপোৰ্টাৰ: আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠনৰ উদ্যোগত গুৱাহাটীৰ লক্ষ্মীনাথ বেজবৰুৱা চ'কত এক মহিলা সমাবেশ অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠনৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি ডা° চিত্ৰলেখা দাসে।সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সংগঠনৰ সম্পাদক অধ্যাপিকা বৰ্ণালী শৰ্মাই। সভাত বক্তব্য ৰাখে বিশিষ্ট জননেত্ৰী এছ ইউ চি আই( কমিউনিষ্ট) দলৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক তথা কেন্দ্ৰীয় কমিটিৰ সদস্য


চন্দ্ৰলেখা দাসে। বক্তব্যত দাসে কয় যে নাৰী নিৰ্যাতন বন্ধ কৰি নাৰী মুক্তি অৰ্জন কৰিবলৈ হ'লে বৰ্তমান আমাৰ দেশত প্ৰতিষ্ঠিত পুঁজিবাদী সমাজ ব্যৱস্থাক উচ্ছেদ কৰি সমাজতান্ত্ৰিক সমাজ ব্যৱস্থা গঢ়াৰ কাৰ্যত নাৰী পুৰুষ নিৰ্বিশেষে ঐক্যবদ্ধ হ'ব লাগিব। সভাৰ শেষত এক সমদল উলিওৱা হয় যদিও পুলিচে বাধা দিয়ে বাবে সমদল বন্ধ কৰিব লগা হয়। সংগঠনৰ ৰাজ্যিক কমিটিৰ অন্যতম সদস্য স্বৰ্ণলতা চলিহাই প্ৰশাসনৰ এনে অগণতান্ত্ৰিক পদক্ষেপৰ তীব্ৰ নিন্দা জনাই বাধা দিয়া স্থানতে ব্ক্তব্য প্ৰদান কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here