এইচডিএফচি বেংকত চলিত বিত্তীয় বৰ্ষত ২১,০০০ লোক নতুনকৈ নিয়োগ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 20 March 2022

এইচডিএফচি বেংকত চলিত বিত্তীয় বৰ্ষত ২১,০০০ লোক নতুনকৈ নিয়োগ

 




W7s news গুৱাহাটী: এইচডিএফচি বেংকে চলিত বিত্তীয় বৰ্ষত তেওঁলোকৰ ২১,৫০৩ জন স্থায়ী কৰ্মচাৰী বৃদ্ধি হোৱাৰ প্ৰতিবেদন জাৰি কৰিছে, যি বিগত বছৰৰ তুলনাত বৃদ্ধিৰ হাৰ ৯০ শতাংশতকৈ অধিক। এই সংখ্যা ২০২১-২২ বিত্তীয় বৰ্ষৰ শেষলৈ ২৬,০০০ অতিক্ৰম কৰিব। বিগত বিত্তীয় বৰ্ষ ২০২০-২১ত বেংকত ১২,৯৩১ জন লোকক নিযুক্তি দিয়া হৈছিল। বেংকৰ কৰ্মচাৰী সংযোজন তথা বৃদ্ধি 'ফিউচাৰ - ৰেডি' আঁচনিৰ এক কৌশলগত অংশস্বৰূপ  ,যি ২০২১ত মুকলি কৰা হৈছিল। এই পৰিকল্পনাৰ আধাৰত ১৩,০০০ ৰো অধিক লোকক নিয়োগৰ বেছিভাগ বেংকৰ চাৰিটা ব'ৰ্ড ডেলিভাৰী চেনেলত কৰা হৈছে। সেইকেইটা হৈছে ব্ৰান্স বেংকিং; টেলি-ছাৰ্ভিছ/চেলছ (ভাৰ্চুৱেল সম্পৰ্কসহ মেনেজাৰ চেনেল); ব্যৱসায়ীক সম্পৰ্কীয় চেলছ চেনেলসমূহ আৰু ডিজিটেল মাৰ্কেটিং। এই চেনেলবোৰে বেংকক লক্ষ্যত উপনীত হোৱাত সহায় কৰিছে, যাৰ দিশসমূহে দেশৰ মফচলিয়া চহৰ আৰু গ্ৰাম্য স্থানসমূহক আৱৰি আছে। বেংকে গ্ৰাহকৰ অভিজ্ঞতা বৃদ্ধি কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই চেনেলবোৰ প্ৰয়োগ কৰি আছে।বাকী নিযুক্তিবোৰ ক্ৰেডিট কাৰ্ড, ৰিটেল এছেটছ (Retail Assets), বাণিজ্যিক বেংকিং (ব্যৱসায় বেংকিং) আৰু চৰকাৰী আৰু প্ৰতিষ্ঠানগত ব্যৱসায়ত কৰা হৈছে। বেংকৰ অংশ হিচাপে প্ৰযুক্তি পৰিৱৰ্তন কাৰ্যসূচীত দুটা বিশেষ ইউনিটক প্ৰাধান্য দিয়া হৈছে, তাৰে প্ৰথমটো এণ্টাৰপ্ৰাইজ ফেক্টৰী আৰু দ্বিতীয়টো ডিজিটেল ফেক্টৰী। দুয়োটা প্ৰযুক্তিক সমন্বয় আৰু একত্ৰিত কৰাৰ বাবে (ডিজিটেল ফাংচন) চলিত বছৰত সৃষ্টি কৰা হৈছিল।

এই সম্প্ৰসাৰণটো তৈয়াৰ কৰাৰ বাবে বেংকে এক প্ৰতিভা অর্জন (Acquisition) ৰণনীতি প্ৰস্তুত কৰিছে, যিটো শিক্ষানুষ্ঠানৰ সৈতে কৌশলগত শৈক্ষিক মিত্ৰতাৰ জৰিয়তে ভৱিষ্যতৰ প্ৰস্তুত প্ৰতিভা পাইপলাইন সৃষ্টি কৰাৰ দিশত কাম কৰে । এটা মুখ্য উদাহৰণ হৈছে ফিউচাৰ বেংকাৰ প্ৰ'গ্ৰাম। আন এটা এই ৰণনীতিৰ স্তম্ভ হৈছে চৌহদৰ পৰা পোনপটীয়াকৈ নিয়োগ কৰা। ইয়াৰ লক্ষ্য হৈছে অহা প্ৰজন্মক বেংকাৰৰূপে সৃষ্টি কৰা।

এই সন্দৰ্ভত এইচডিএফচি বেংকৰ চি এইচ আৰ অ' বিনয় ৰাজদানে (Vinay Razdan)কয়- "আমাৰ কৰ্মচাৰীসকল সদায় আমাৰ মূল শক্তি হৈ আহিছে আৰু এই নিয়োগৰ দ্বাৰা আমি 'পিপল এডভাণ্টেজ' অব্যাহত ৰাখিছো।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here