মালিগাঁও সাহিত্য সভাৰ বহুভাষিক কবি সন্মিলন সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 20 March 2022

মালিগাঁও সাহিত্য সভাৰ বহুভাষিক কবি সন্মিলন সম্পন্ন

 



 W7s news ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটীৰ মালিগাঁও সাহিত্য সভাই সভাৰ প্ৰাংগণত আজি এখন বহুভাষিক কবি সন্মিলন অনুষ্ঠিত কৰে৷ সভাৰ সম্পাদক দিলীপ বড়োয়ে আঁত ধৰা কবি সন্মিলনত অসমীয়াৰ লগতে বড়ো, হিন্দী, বাংলা, নেপালী আদি বিভিন্ন ভাষাৰ বিশিষ্ট কৰিসকল উপস্থিত থাকি কবিতা পাঠ কৰে৷ কবি সন্মিলনখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কণ্ঠশিল্পী ড॰ অনিমা চৌধুৰীয়ে সাহিত্য প্ৰেমা ৰাইজলৈ সাৰুৱা ভাষণ আগবঢ়ায়৷ ৰামেশ্বৰ ডেকাই আদৰণি ভাষণ দিয়া সন্মিলনখনত সভাপতিত্ব কৰে সভাপ সভাপতি জ্যোতিপ্ৰসাদ বৰাই৷ উক্ত বহুভাষিক কবি সন্মিলনত সমীৰ তাঁতি, ৰত্নেশ্বৰ বসুমতাৰী, নীলিম কুমাৰ, সুব্ৰত চৌধুৰী, বিনীতা গয়াৰী, অমৰ অধিকাৰী আদিয়ে অংশ গ্ৰহণ কৰে৷ অনুষ্ঠানত কবিতাৰ লগতে বৰগীত, সমবেত সংগীত, ভূপেন্দ্ৰ সংগীত আদিও পৰিবেশন কৰা হয়৷ কবি সন্মিলনখন উদ্বোধন কৰে মালিগাঁও সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰিয়নাথ দত্তই৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here