জাগীৰোড মহাবিদ্যালয়ত বিশেষ বক্তৃতানুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 10 March 2022

জাগীৰোড মহাবিদ্যালয়ত বিশেষ বক্তৃতানুষ্ঠান

 








W7s news ষ্টাফৰিপোৰ্টাৰ: জাগীৰোড মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আৰু আই কিউ এ চিৰ সহযোগত বৃহস্পতিবাৰে আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি এক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ বৰষা ডেকাই  'লিংগ বৈষম্য আৰু দৈনন্দিন অভিজ্ঞতা' বিষয়ত এক তত্বগধূৰ বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ বি চি নেওগ,  উপাধ্যক্ষ পুৰুষোত্তম ভাণ্ডাৰী, ড০ অনুভা পুৰকায়স্থ, ড০ হবিবুৰ ৰহমান, ড০ খগেন গগৈ, ওম প্ৰকাশ ডেকা আৰু ড০ ছোহেল আহমেদ, প্ৰীতম দলে উপস্থিত থাকি চমু বক্তব্য প্ৰদান কৰে। মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক ড০ লভিতা শৰ্মা আৰু বৰষা কলিতাই আঁতধৰা অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যাপক সকল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here