শিশু হৃদ-শল্য চিকিৎসা' আঁচনিৰদ্বাৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ হৃদৰোগত আক্ৰান্ত শিশুক বিনামূলীয়া শল্য চিকিৎসা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 10 March 2022

শিশু হৃদ-শল্য চিকিৎসা' আঁচনিৰদ্বাৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ হৃদৰোগত আক্ৰান্ত শিশুক বিনামূলীয়া শল্য চিকিৎসা

 


 

W7s News গুৱাহাটী: 'ডাঃ ভৱ দাস ফাউণ্ডেচনে ৰাজ্যৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ হৃদৰোগী শিশুসকলৰ বাবে "শিশু হৃদ-শল্য চিকিৎসা"ৰ এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত অসমৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ তথা ১৪ বছৰ অনুৰ্দ্ধ হৃদৰোগী শিশুসকলক সম্পূর্ণ বিনামূলীয়াকৈ শল্য চিকিৎসা আগবঢ়োৱা হ'ব - এইদৰে কয়  বিশিষ্ট চিকিৎসক ডাঃ বি পি চক্রবর্তীয়ে। বৃহস্পতিবাৰে গুৱাহাটীৰ হেলথ চিটি হাস্পতালত অনুষ্ঠিত এখন  সংবাদমেলত তেওঁ এইদৰে কয়। আনহাতে বিশিষ্ট চিকিৎসক ডাঃ বি পি চক্রবর্তীয়ে কয়, "ন' প্রফিট ন’ ল'চ" নীতিৰে আন্তর্জাতিক খ্যাতি সম্পন্ন হৃদশল্য বিশেষজ্ঞ তথা অসম সন্তান ডাঃ ভৱানন্দ দাসে প্রতিষ্ঠা কৰা সমাজ সেৱামূলক এই ফাউণ্ডেচনৰ মূল উদ্দেশ্য হৈছে অর্থনৈতিকভাৱে পিছপৰা লোকসকলক বিনামূলীয়া হৃদশল্য চিকিৎসাৰ লগতে কেঞ্চাৰকে ধৰি বিভিন্ন চিকিৎসা সাহায্য আগবঢ়োৱা। তদুপৰি যোগ্য শিক্ষার্থীক চিকিৎসা বিজ্ঞানৰ শিক্ষা, নাৰ্ছিং শিক্ষা তথা বৈজ্ঞানিক গৱেষণাত সহায় কৰা।" বিশিষ্ট হৃদ-শল্য ৰোগ বিশেষজ্ঞ ডাঃ জে পি কলিতাই ভাৰতবৰ্ষৰ শিশু হৃদৰোগীৰ পৰিসংখ্যা দাঙি ধৰি কয়, "আমাৰ দেশত প্ৰতিবছৰে ২ লাখ শিশু হৃদৰোগত আক্রান্ত হয়। অস্ত্রোপচাৰ কৰিবলগীয়া শিশু হৃদৰোগীৰ আৰোগ্যৰ হাৰ প্ৰায় ৯০ শতাংশ। হৃদযন্ত্ৰৰ ফুটা, হৃদযন্ত্ৰৰ "ব্লাড মিক্সিং-আপ”, শিশু নীলা পৰা আদি ৰোগৰ অস্ত্ৰোপচাৰ এক ব্যয়বহুল চিকিৎসা। অসমৰ দৰে ৰাজ্যত কেৱল আর্থিক সামর্থ্য নথকাৰ বাবে বহু শিশুয়ে এনে ৰোগত আক্ৰান্ত হৈ অকালতে প্রাণ হেৰুৱাব লগা হয়।"অনুষ্ঠানত ডাঃ ভৱ দাস ফাউণ্ডেচনৰ তৰফৰ পৰা হৃদৰোগী শিশুৰ অভিভাৱক সকলক শিশুৰ হৃদৰোগ সন্দৰ্ভত অধিক জনাৰ বাবে ৭০০২৩-৮০৩৩৫ নম্বৰত ফোন কৰি পাৰিব বুলি মন্তব্য কৰিছে। সংবাদ মেলত  হাস্পতালখনৰ চিকিৎসক ডাঃ অতনু বৰঠাকুৰ, ডাঃ হেমজিৎ তালুকদাৰ, ডাঃ বিজু চৌধুৰী, ডাঃ সুপ্রিয়া চৌধুৰী আৰু ডাঃ ইয়াছিন আলিৰ লগতে কেইবাজনো বিশিষ্ট চিকিৎসক উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here