W7s news ষ্টাফৰিপোৰ্টাৰ : সূৰ্য আৰু অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত আৰু বিদ্যুৎ চক্ৰৱৰ্তী ক্রিয়েটিভ ট্রাষ্টৰ সহযোগত ২০১৬ চনত প্ৰৱৰ্তন কৰা বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা ২০২২ আৰু শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা ২০২২ দেওবাৰে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয়। বিশিষ্ট অভিনেত্রী তথা পৰিচালক আইমী বৰুৱাক বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা আৰু উদীয়মান শব্দযন্ত্ৰী দেৱজিৎ গায়নক শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা প্ৰদান কৰা হ'য়। এই বঁটাত আছে এটা স্মাৰক, মানপত্ৰ, চেলেং চাদৰ আৰু ৫০ হাজাৰকৈ টকা। অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰা মুখ্য অতিথিৰূপে উপস্থিত থাকে। অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়া ক্রমে সন্দীপ গোস্বামী আৰু মাধুৰ্য বৰুৱা অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰে। যশস্বী আবৃত্তিকাৰ অৱনী বৰাই দুয়ো গৰাকী প্ৰয়াত শিল্পীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু বৰপেটাৰ ব'হেমিয়ান ব্লজ দলৰ শিল্পী সকলে গীত পৰিবেশন কৰে। অনুষ্ঠানত চলচ্চিত্ৰ নিৰ্মাতা ডাঃ সান্তনা বৰদলৈ, শিল্পী লাবু সেনাপতি, কিৰণ শংকৰ, তপন দত্ত, সূৰ্যৰ সভাপতি শান্তুনু চৌধুৰী, সম্পাদক অচিতাভ বৰুৱা, সাংস্কৃতিক কর্মী, নাট্যকাৰ নয়ন প্ৰসাদ আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
No comments:
Post a Comment