গুৱাহাটীত দৃষ্টিহীন ল'ৰা-ছোৱালীৰ মাজত ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 13 February 2022

গুৱাহাটীত দৃষ্টিহীন ল'ৰা-ছোৱালীৰ মাজত ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন

 




W7s news ষ্টাফৰিপোৰ্টাৰ: কেয়াৰ ইউ ৩৬৫ আৰু কুদৰট নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত দেওবাৰে গুৱাহাটীৰ ফৰেষ্ট গেটত থকা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ খেলপথাৰত মাণ্ডলিক দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হয় । মুঠ চাৰিটা দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । দলকেইটা হ'ল নামনি অসম ক্ৰিকেট ক্লাব, ব্ৰাইট লিজেণ্ড, ইউ বি এফ ক্লাব আৰু মিক্স ইলেভেন । প্ৰথমখন খেলত নামনি অসম ক্ৰিকেট ক্লাবে টচত জিকি প্ৰথমে বেটিং কৰি ছয় অভাৰত ইউ বি এফ ক্লাবক জয়ৰ বাবে ১১৭ ৰাণৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি দিয়ে । দলটোৰ হৈ মঞ্জিত চৌধুৰীয়ে ৭০ ৰাণ কৰি অপৰাজিত হৈ ৰয় । দলটোৱে ৬৪ ৰাণত বিজয় সাব্যস্ত কৰে । দ্বিতীয়খন খেলত ইউ বি এফ ক্লাবে টচত জিকি ব্ৰাইট লিজেণ্ডক জয়ৰ বাবে ৬৪ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । দলটোৰ জিতুল দত্তই ৪৯ ৰাণ কৰে । আনহাতে ইউ বি এফৰ দেবেন অধিকাৰীয়ে ৫২ ৰাণ কৰি অপৰাজিত হৈ ৰয় । খেলখনত ব্ৰাইট লিজেণ্ড দলে ৫ উইকেটত জয়লাভ কৰে । তৃতীয় তথা ফাইনেল খেলখন নামনি অসম ক্ৰিকেট ক্লাব আৰু ব্ৰাইট লিজেণ্ডৰ মাজত অনুষ্ঠিত হয় । টচত জিকি নামনি অসম ক্ৰিকেট ক্লাবে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় । ব্ৰাইট লিজেণ্ড দলে প্ৰথমে বেটিং কৰি হোমেন বুঢ়াগোহাঁইৰ ৬৫ ৰাণৰ বৰঙণিৰে ১১৩ ৰাণৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি দিয়ে । ব্ৰাইট লিজেণ্ড দলে ২০ ৰাণত ফাইনেল খেলখনত জয়লাভ কৰে । ইউ বি এফ ক্লাব আৰু মিক্স ইলেভেনৰ মাজত এখন সৌহাদ্যমূলক খেলো অনুষ্ঠিত হয়। উল্লেখ্য,মিক্স ইলেভেন দলটো ছোৱালী খেলুৱৈৰ দ্বাৰা গঠিত । খেলৰ শেষত কুদৰটৰ তৰফৰ পৰা খেলুৱৈসকলক ক্ৰিকেট কিট প্ৰদান কৰা হয় । খেলসমূহত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক  বাতৰি বিভাগৰ বাতৰি সম্পাদক মানস প্ৰতিম শৰ্মা, আকাশবাণীত কৰ্মৰত জিতেন্দ্ৰ কলিতা আৰু কেয়াৰ ইউ ৩৬৫ ৰ ৰঞ্জন গোস্বামীয়ে আম্পায়াৰ হিচাপে অংশ লয় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here