W7s News ষ্টাফৰিপোৰ্টাৰ : পূৱ-গুৱাহাটী বিহু সন্মিলনৰ বাৰ্ষিক সাধাৰণ সভাখন দেওবাৰে পুৱা ১০.৩০ বজাত পূৱ-গুৱাহাটী বিহু সন্মিলনৰ চানমাৰিৰ স্থায়ী কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হ'ব। এই সভাত আগন্তক ৰঙালী বিহু উদযাপন কৰিবলৈ নতুন সমিতি গঠন কৰা হ'ব। সেয়েহে ৬০ সংখ্যক সন্মিলনৰ সভাপতি বসন্ত দাস আৰু সাধাৰণ সম্পাদক দীপজ্যোতি মিশ্ৰই পূব-গুৱাহাটী বিহু সন্মিলনৰ মুখ্য পৃষ্ঠপোষক, প্ৰধান উপদেষ্টা তথা উপদেষ্টা মণ্ডলী, বিষয়ববীয়া আৰু সাধাৰণ সভাৰ আজীৱন সভ্যক এই সভাত উপস্থিত থাকিবলৈ আহ্বান জনাইছে বুলি প্ৰচাৰ সম্পাদক চন্দন গোস্বামীয়ে জানিবলৈ দিছে।
No comments:
Post a Comment