কণ্ঠশিল্পী দীপলীনা ডেকাই উদ্বোধন কৰিলে উত্তৰ-পূৱৰ তিচৱাই প্ৰথমটো ফ্লেগশ্বিপ ষ্টুডিঅ' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 5 February 2022

কণ্ঠশিল্পী দীপলীনা ডেকাই উদ্বোধন কৰিলে উত্তৰ-পূৱৰ তিচৱাই প্ৰথমটো ফ্লেগশ্বিপ ষ্টুডিঅ'

 






W7s News ষ্টাফৰিপোৰ্টাৰ : ঊষা ইণ্টাৰনেচনেল লিমিটেডৰ প্রিমিয়াম লাইটিং ব্লেণ্ড তিচৱাই শনিবাৰে গুৱাহাটীৰ  বি, বৰুৱা ৰোড, উলুবাৰীত মেচাৰ্ছ নেক্সট লাইটছৰ সহযোগত শেহতীয়া আউটলেটটো মুকলি কৰে। কণ্ঠশিল্পী দীপলীনা ডেকাই উদ্বোধন কৰা উত্তৰ-পূবৰ প্ৰথমখন আউটলেট তিচৱা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে- কান্তা দেৱী চোনি, স্বাত্বাধিকাৰী ৰাজেশ চোনি, তুষাৰ চোনি আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল। ইপিনে তিচৱাৰ আঞ্চলিক প্ৰৱন্ধক মৃত্যুঞ্জয় কুমাৰে অংশগ্ৰহণ কৰি তিচবায়ৰ এই নতুন আউটলেটে উত্তৰ-পূৱৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব বুলি আশা প্রকাশ কৰে। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি চোনীয়ে কয় 'নতুন টিচৱা আউটলেটটোৱে ইয়াৰ অনন্য আৰু প্রিমিয়াম পোহৰ সমাধানৰ বিস্তৃত সংগ্ৰহৰ সৈতে গ্ৰাহকসকলৰ ব্যক্তিগতকৃত জীৱনশৈলীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। টিচৱাৰ শেহতীয়া চিগনেচাৰ স্প্রিং কালেকশন, আৰু নান্দনিকভাৱে হস্ত নির্মিত বোহেমিয়ান ক্রিষ্টাল, মুৰানো গ্লাছ, ইজিপ্তিয়ান এচফোৰ ক্ৰিষ্টাল, কে৯ স্ফটিক লুমিনেয়াৰও আউটলেটত উপলব্ধ হ'ব। টিচৱা সামগ্ৰীৰ বিভিন্ন পৰিসৰত অন্তৰ্ভুক্ত থাকে পৰিৱেশ পোহৰৰ ধাৰণা, এলইডি ডিজাইনাৰ পৰিসৰ, ঝাড়বাতি, টেবুল আৰু মজিয়াৰ চাকি, ৱাল লাইট, পেণ্ডেণ্ট, ডিজাইনাৰ স্পটলাইট, আৰু প্রিমিয়াম স্থাপত্য পোহৰৰ সামগ্রী প্রতিটো প্রয়োজনীয়তাৰ সৈতে খাপ খোৱা। তিচৱাই বিভিন্ন সেৱা আগবঢ়ায় যেনে- বিনামূলীয়া পোহৰ পৰামৰ্শ, ৱাৰেণ্টি আৰু সেৱা সমর্থন। চোনীয়ে কয় 'অসম আৰু উত্তৰ-পূৱৰ লোকসকলৰ বাবে নতুনকৈ মুকলি কৰা তিচৱাই আউটলেটে পোহৰৰ সমাধান সম্পর্কে তেওঁলোকৰ প্ৰয়োজনীয়তা আৰু সকলো অভাৱ পূৰণ কৰিব।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here