শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ গেলেকী, চুণপোৰা আৰু নিমনাগড়ত বিজেপি সদস্যৰ নেতৃত্বত বৃহৎ কয়লা চিণ্ডিকেট চলিছে -বৃহত্তৰ অসমীয়া যুৱ মঞ্চ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 7 February 2022

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ গেলেকী, চুণপোৰা আৰু নিমনাগড়ত বিজেপি সদস্যৰ নেতৃত্বত বৃহৎ কয়লা চিণ্ডিকেট চলিছে -বৃহত্তৰ অসমীয়া যুৱ মঞ্চ

 




W7s News ষ্টাফৰিপোৰ্টাৰ :

'শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ গেলেকী, চুণপোৰা আৰু নিমনাগড়ত বিজেপি সদস্যৰ নেতৃত্বত বৃহৎ কয়লা চিণ্ডিকেট চলিছে- এই তথ্য সদৰী কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই। সোমবাৰে মঞ্চৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত মঞ্চৰ কাৰ্যনিৰ্বাহক সদস্য যাদৱ গগৈয়ে কয় ' বিগত সময়ত বিধন সভা নিৰ্বাচনৰ পাছত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে অসমখন দুর্নীতিমুক্ত কৰিবৰ বাবে যিদৰে বিভিন্ন পদক্ষেপ আগবঢ়াইছিল সেইয়া দেখি আমি ভাৱিবলৈ লৈছিলো যে সঁচাকৈয়ে অসমখন দুর্নীতিমুক্ত হ'ব। কিন্তু বর্তমান কিছুমান কাম দেখি সকলো ফুটুকাৰ ফেন যেন অনুভৱ হৈছে। আমি দেখিবলৈ পাইছো যে, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ গেলেকী, চুণপোৰা আৰু নিমনাগড়ত বিজেপি সদস্যৰ নেতৃত্বত বৃহৎ কয়লা চিণ্ডিকেট চলিছে। যাৰ পৰিপেক্ষিত এই কয়লা ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰ হোৱা কেইজনমান স্থানীয় নিবনুৱা কর্ম বিমুখ হ'বলগীয়া অৱস্থাত সৃষ্টি হৈছে। আমি জানিবলৈ পোৱা মতে এখন এখন গাড়ীত প্রায় ষোল্লৰ পৰা বিশ হাজাৰ টকাকৈ চিণ্ডিকেট পার্টিয়ে টকা সংগ্ৰহ কৰি আছে। সেয়েহে অসম চৰকাৰ তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক গেলেকী, চুণপোৰা আৰু নিমনাগড়ত চলি থকা কয়লাৰ বৃহৎ চিণ্ডিকেট বন্ধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনালোঁ। ইয়াৰ অন্যথা গণতান্ত্রিক ভাৱে তীব্র আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। তদুপৰি অইল ইণ্ডিয়া লিমিটেডে ভয়াৱহ বাঘজান কাণ্ডৰ পুনৰাবৃত্তি কৰিবলৈ গুজৰাটৰ বহু বিতর্কিত অইল কোম্পানী জন এনাৰ্জীক পুনৰ ডিলিংৰ ঠিকা প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে। পুঁজিপতি বণিক গোষ্ঠীক মোহ এৰিব নোৱাৰি অইল ইণ্ডিয়া লিমিটেডৰ কেইজনমান শীর্ষ বিষয়াই কমিচনৰ বাবেই এনেধৰণৰ বিপর্জনক পন্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। অইল ইণ্ডিয়াৰ এই সকলক কমিচনৰাজৰ বাবেই তিনিচুকীয়া জিলাৰ বাঘজানত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল। যিটো ভয়ংকৰ ঘটনাৰ বাবেই দেশৰ লাভজনক তৈল উদ্যোগ প্রতিষ্ঠানটোৱে বহু হাজাৰ কোটি লোকচানৰ সন্মুখীন হৈছিল। ইয়াৰ লগতে বাঘজানৰ সাধাৰণ জনতাৰ ঘৰ-বাৰী, খেতি-পথাৰ সকলো জুইত জাহ গৈছিল। যাৰ ক্ষতিপূৰ্ণ অইল ইণ্ডিয়াই এতিয়াও বহন কৰা হোৱা নাই। বাঘজান কাণ্ডই অইল ইণ্ডিয়াৰ প্ৰতি হংকা আৰু উৎগণিতাৰ সৃষ্টি কৰিছে। সেই বাঘজ্ঞান কাণ্ডক লৈ কোনো কাৰণতে চিন্তিত নহয় অইলৰ শীৰ্ষ বিষয়াসকল। তেওঁলোকৰ চক্ৰান্তৰ বাবেই তৈল প্ৰতিষ্ঠানটোত পুনৰ কাম কৰাৰ যো-জা চলাইছে বিতর্কিত প্রতিষ্ঠান জন এনার্জীয়ে। আনহাতে বাঘজান কাণ্ডৰ মূল নায়ক হিচাপে পৰিগণিত হোৱা বহিৰাগত কোম্পানী কোম্পানী জন এনার্জীর অইল ইণ্ডিয়াই ব্লেক লিষ্টেড কৰিছিল। কিন্তু অতি পৰিতাপৰ বিষয়ে যে প্রতিষ্ঠানটোক পুনৰ অইল ইণ্ডিয়াই ডিলিং ৰিগ্ৰ ঠিকা প্ৰদান কৰিছে। ইতিমধ্যে এই বিষয়টোৰ সন্দৰ্ভত বৃহত্তৰ অসমীয়া যুৱ মঞ্চই নিবিদা বাতিল কৰিবলৈ অইল ইণ্ডিয়াক বাৰম্বাৰ দাবী জনোৱা হৈছে। তথাপিও অইল ইণ্ডিয়াৰ ঊর্ধতম কর্তৃপক্ষই বিষয়টোৰ সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। আমি অইল ইণ্ডিয়াক সকিয়াই দিও যে, আগন্তুক ৭ দিনৰ ভিতৰত যদি বহিৰাগত কোম্পানী জন এনাৰ্জীক ডিলিংৰ নিবিদা বাতিল নকৰে তেনেহলে অইল ইণ্ডিয়াৰ বিৰুদ্ধে জংগী আন্দোলন কৰিবলৈ বাধ্য হন। লগতে বহিৰাগত প্রতিষ্ঠানটোৱে বর্তমানে অসমৰ যি কেইখন জিলাত ডিলিংৰ কাম চলাই আছে সেই সকলো কাম-কাজ আমি বন্ধ কৰি দিবলৈ বাধ্য হম আৰু অইল ইণ্ডিয়া লিমিটেডক অতি শীঘ্ৰে যিসকল পৰিয়ালে বাঘজান কাণ্ডৰ ক্ষতিপূৰ্ণ এতিয়াও পোৱা নাই সেইসকল পৰিয়ালক ক্ষতিপূৰণ দিবলৈ দাবী জনালো। এই সমগ্ৰ বিষয়টোৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক হস্তক্ষেপ কৰিবলৈ আমাৰ তৰফৰ পৰা দাবী জনাইছো।'সংবাদ মেলত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ কেন্দ্রীয় সমিতিৰ সহঃ সচিব প্রধান আকাশ শ‍ইকীয়া, নয়ন জ্যোতি তালুকদাৰ আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here