Was news ষ্টাফৰিপোৰ্টাৰ : সনাতন ধৰ্মক সুৰক্ষিত কৰাৰ সময় আহি পৰিছে-এইদৰে কয় স্বামী জ্ঞানানন্দ তীৰ্থ জগতগুৰু শংকৰাচার্যই। সোমবাৰে শিলপুখুৰীস্থিত শ্ৰী শ্ৰী নৱগ্ৰহ শ্মশান নিৰামুহীয়া শিৱ মন্দিৰত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয় ' কাম, ক্ৰোধ, লোভ , মোহ পৰম্পৰে পৰম্পৰৰ বিৰোধি। অৰ্থ লোভীয়ে ধৰ্মক গ্ৰাস কৰে। সমগ্ৰ বিশ্বত শান্তি প্ৰতিষ্ঠা হবলৈ প্ৰথমে মানুষ্য জাতিয়ে সাত্বিক আহাৰ গ্ৰহণ কৰিব লাগিব।'তেওঁ লগতে শ্ৰী শ্ৰী নৱগ্ৰহ শ্মশান নিৰামুহীয়া শিৱ মন্দিৰৰ মহত্ত্বৰ কথা উল্লেখ কৰে। উল্লেখ্য, শ্ৰী শ্ৰী নৱগ্ৰহ শ্মশান নিৰামুহীয়া শিৱ মন্দিৰৰ 'ৰুদ্ৰযজ্ঞ'ৰ ৰূপালী জয়ন্তী বর্ষ আৰু মহাশিৱৰাত্রীৰ উপলক্ষে গুৱাহাটীলৈ আহিছে স্বামী জ্ঞানানন্দ তীৰ্থ জগতগুৰু শংকৰাচার্য।
No comments:
Post a Comment