পঞ্চভূতত বিলীন হ'ল অপূৰ্ব বেজবৰুৱা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 10 February 2022

পঞ্চভূতত বিলীন হ'ল অপূৰ্ব বেজবৰুৱা

 



জ্যোতি চিত্ৰবন, ৰবীন্দ্ৰ ভৱন আৰু শ্বহীদ ন্যাসত শেষ শ্রদ্ধা গুণমুগ্ধৰ



W7s News ষ্টাফৰিপোৰ্টাৰ : পঞ্চভূতত বিলীন হ'ল জনপ্ৰিয়  শিল্পী, গীতিকাৰ, সুৰকাৰ অপূৰ্ব বেজবৰুৱা। 

বৃহস্পতিবাৰে অসংখ্য গুণমুগ্ধ, সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া আদি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত 

শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁৰ কনিষ্ঠ কন্যা ইলোৰা বেজবৰুৱাই মুগাগ্নি কৰে।

নৱগ্ৰহ শ্মশানত সাংস্কৃতিক মন্ত্ৰী বিমল বড়া উপস্থিত থাকি ৰাজ্য চৰকাৰৰ হৈ শেষ শ্ৰদ্ধা জনায়। মন্ত্ৰী বড়াই অপূৰ্ব বেজবৰুৱাৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় ' অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী যাৰ সৃষ্টি আমি সকলোৱে গুণগুণাই থাকোঁ তেওঁ আজি জীৱন নাট সামৰি অনন্ত ধামলৈ গতি কৰিলে। ৰাজ্যচৰকাৰৰ পৰা সৰ্বোত্তম চিকিৎসা আগবঢ়াবলৈ আমি চেষ্টা কৰিছিলোঁ। তেওঁ পুনৰ সুস্থ হৈ আহি সৃষ্টিৰ পথাৰখন জীপাল কৰি তুলিব বুলি আশা কৰিছিলোঁ। মৃত্যু কোনেও ৰোধিব নোৱাৰে। তেওঁৰ অমূল্য সৃষ্টি ৰাজি আমি জীয়াই ৰাখিব লাগিব। নতুন প্ৰজন্মই যাতে তেঁওৰ গীত, সৃষ্টি সমূহৰ সৈতে যাতে চিনাকি হ'ব পাৰে তাৰবাবে আমি চিন্তা চৰ্চা কৰিব লাগিব। তেওঁ শেহতীয়াকৈ শিল্পীপেঞ্চন লাভ কৰিছিল।

তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ।' নৱগ্ৰহ শ্মশানত বিশিষ্ট সংগীত শিল্পী খগেন গগৈয়ে কয় ' আমাৰ ককাই ভাইৰ দৰে সম্পৰ্ক আছিল। তেওঁ সুন্দৰ সুন্দৰ গীত আমাক উপহাৰ দি গ'ল। তেওঁৰ গীতবোৰত মাটিৰ গোন্ধ আছিল। তেওঁ আৰু কিছুদিন জীয়াই থকা হলে  অসমৰ সংগীত জগতত ভালেখিনি অৰিহণা যোগাব পাৰিলেহেঁতেন। 'উল্লেখ্য, ব্ৰেইন ষ্ট'কত আক্ৰান্ত হোৱাৰ পাছত তেওঁক মঙলবাৰে  দিশপুৰ পলিক্লিনিক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। বুধবাৰে

সন্ধিয়া দিশপুৰ পলিক্লিনিকৰ আই চি ইউত চিকিৎসাধীন অৱস্থাত অপূৰ্ব বেজবৰুৱাৰ ৭১ বছৰ বয়সত মৃত্যু হয়। সত্তৰৰ দশকত অসমৰ সংগীত জগতত প্ৰৱেশ কৰা চিৰসেউজ শিল্পীসকলৰ ভিতৰত অন্যতম অপূৰ্ব বেজবৰুৱাৰ নশ্বৰ

দেহ বৃহস্পতিবাৰে দিশপুৰ পলিক্লিনিকৰ পৰা কাহিলিপাৰাৰ জোনাকপুৰলৈ নিয়া হয়। তাত অসংখ্য গুণমুগ্ধই শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনায়। তাৰপাছত পুষ্পসজ্জিত বাহনেৰে শিল্পীগৰাকীৰ নশ্বৰ দেহ

জ্যোতি চিত্ৰবনলৈ নিয়া হয়। জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যা সাগৰ, উপাধক্ষ্য

সুনীল ৰাজকোঁৱৰৰ লগতে জ্যোতিচিত্ৰবন বিষয়া, কৰ্মচাৰীসকলে শেষ শ্রদ্ধা জ্ঞাপন কৰে। তাৰপৰা জনপ্ৰিয় সংগীত শিল্পীজনৰ নশ্বৰ দেহ ৰবীন্দ্ৰ ভৱনলৈ নিয়া হয়। ৰবীন্দ্ৰ ভৱনত সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ড০ দেৱজিৎ খনিকৰ আৰু সমূহ কৰ্মচাৰী সকলে শ্রদ্ধাঞ্জলি জনায়। 

সঞ্চালক ড০ দেৱজিৎ খনিকৰে কয় 'তেওঁ ১৯৫১ চনত জন্মাৰ পৰা ২০২২ চনলৈ অসমৰ সাংস্কৃতিক জগতলৈ যথেষ্ট অৱদান আগবঢ়াই গৈছে। তেওঁ জনসাধাৰণৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল। তেওঁক আমি চিৰদিন মনত ৰাখিব লাগিব। কম বয়সতে তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গ'ল। অসমৰ সাংস্কৃতিক জগতত অতি সন্মানেৰে তেওঁৰ নাম লোৱা হ'ব।' শিল্পী জনলৈ শেষ শ্ৰদ্ধা জনাই বিশিষ্ট সংগীত শিল্পী ড০ সংগীতা কাকতিয়ে কয় 'তেওঁ এজন মহান ব্যক্তি আছিল। মৰমিয়াল, হাঁহিমুখীয়া শিল্পীজনে ধেমেলীয়া কথা কৈ  ভাল পাইছিল আমাক ভাল পৰামৰ্শ দিছিল। বহুতো জনপ্ৰিয় গীত অসমবাসীক উপহাৰ দি তেওঁ সোনকালে আমাৰ মাজৰ পৰা আঁতৰি গ'ল।'  ৰবীন্দ্ৰ ভৱনৰ পৰা শিল্পীগৰাকীৰ নশ্বৰ দেহ শ্বহীদ  ন্যাসলৈ নিয়া হয়। শ্বহীদ ন্যাসত সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি বিপুল ৰাভাই আঁতধৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ লগতে সন্থাৰ অন্যান্য বিষয় ববীয়া, শিল্পী সমাজৰ হৈ চলচিত্ৰ পৰিচালক ৰাজেশ ভূঞা, গৰিমা শইকীয়া গাৰ্গ, ইনু বৰুৱা আদিয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। 

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই শ্রদ্ধাঞ্জলি অনুষ্ঠানত কয় ' অপূৰ্ব বেজবৰুৱাৰ মৃত্যুত মৰ্মাহত হৈছোঁ। তেওঁৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ লগতে অসমৰ সমাজ জীৱনৰ বাবে বৃহৎ ক্ষতি। বহু সুৱাদি গীতত কণ্ঠ নিগৰাই তেওঁ এটা নতুন  ধাৰাৰ সৃষ্টি কৰিছিল। তেওঁৰ সৃষ্টি, কণ্ঠ আমি হৃদয়ত স্থাপন কৰিম। প্ৰজন্মই প্ৰজন্মই তেওঁক আঁকোৱালি ল'ব লাগিব।' শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গে কয় ' সুৰৰে পৰা ৰেডিঅ', মঞ্চত তেওঁৰ গীত শুনিছোঁ। তেওঁ সংগীতৰ যি ধাৰাৰ সৃষ্টি কৰিছিল সেই ধাৰা আমাৰ প্ৰজন্ম তথা আমাৰ পাছত প্ৰজন্মই ধৰি ৰাখিব লাগিব।তেওঁ কায়িকভাৱে আমাৰ মাজত নাই যদিও তেওঁৰ সৃষ্টি ৰাজি অমৰ হৈ থাকিব।'

সংগীতৰ মননশীল দিশটোৰ ওপৰত অধিক গুৰুত্ব ৰাখি, সৃজনশীল চিন্তা-চৰ্চাৰে অসমৰ থলুৱা আৰু লোক সংগীতৰ ওপৰত বিশেষভাৱে পৰীক্ষা-নিৰীক্ষাৰে আধুনিক অসমীয়া সংগীতৰ ভেটিটোক ধৰি ৰখা নিষ্ঠাবান লোক শিল্পীসকলৰ ভিতৰত অগ্রণী অপূর্ব বেজবৰুৱাই তেওঁৰ শিল্পী জীৱনৰ চাৰিটা দশক পাৰ কৰিলে।

একেধাৰে কবি, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক, অপূৰ্ব বেজবৰুৱাৰ জন্ম হৈছিল ১৯৫১ চনৰ ১৫ অক্টোবৰত, শিৱসাগৰ জিলাৰ নাজিৰা চহৰত। পিতৃৰ নাম প্রয়াত নিৰা বেজবৰুৱা আৰু মাতৃৰ নাম প্রতিভা দেবী বেজবৰুৱা। পিতৃ এগৰাকী চাহ খেতিয়ক আছিল। সাপেখাতী কুঁৱৰীবাৰী চাহ বাগান তেওঁ আছিল। তেওঁ এগৰাকী সু-অভিনেতাও আছিল। অৱশ্যে ব্যৱসায়ত অধিক সময় দিব লগা হোৱাত অভিনয় জীবন সাপেখাটী আৰু নাজিৰাতে আৱদ্ধ আছিল। মাতৃ এগৰাকী সু-গায়িকা আৰু কবি আছিল। তেওঁৰ কেইবাখনো কবিতা আৰু গোসাঁনী নামৰ পুথি প্ৰকাশ পাইছে। লোক সংগীতৰ লগতে বৰগীতৰ ওপৰতো তেওঁৰ ভাল দখল আছিল। হয়তো পিতৃ-মাতৃৰ কাৰণেই অপূৰ্ব বেজবৰুৱা শৈশৱৰ পৰাই সংগীতৰ প্ৰতি আকৰ্ষিত হৈছিল। প্রথম সংগীত শিক্ষা মাতৃৰ পৰাই পাইছিল। স্কুলীয়া জীৱন আৰম্ভ হোৱাৰ আগেয়েই ‘মইনা পাৰিজাত চ’ৰাত’ মাতৃয়ে শিকোৱা গীতবোৰ গাইছিল। কর্মসূত্ৰে দেউতাক মাক সাপেখাটীত আছিল যদিও অপূর্ব বেজবৰুৱা ডাঙৰ-দীঘল হৈছিল নাজিৰাৰ ককাক-আইতাকৰ লগত। গতিকে নাজিৰাৰ, নাজিৰা বৰপুখুৰীপাৰ এল পি স্কুল আৰু নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী শিক্ষা গ্ৰহণ কৰা অপূৰ্ব বেজবৰুৱাই ১৯৬৯-৭০ চনত হায়াৰ ছেকেণ্ডাৰীত উত্তীৰ্ণ হৈ গুৱাহাটীৰ বি বৰুবা মহাবিদ্যালয়ৰ পৰা বুৰঞ্জী সহ বিএ পাছ কৰে, ১৯৭৩ চনত। তাৰ পাছত তেখেতে জে. বি. ল' কলেজত আইন বিষয়ৰ পাঠ্যক্ৰমতো নামভৰ্তি কৰিছিল যদিও সেয়া অসম্পূর্ণ হৈ ৰয়। পিছত তেওঁ ১৯৭৮ চনত ভাৰতীয় খাদ্য নিগমৰ বিষয়া হিচাপে কেন্দ্ৰীয় চৰকাৰৰ চৰকাৰী চাকৰিত যোগদান কৰে আৰু ২০১২ বৰ্ষত অৱসৰ গ্ৰহণ কৰে। পত্নী মণিকা বেজবৰুৱা আৰু দুগৰাকী কন্যা সন্তান অৰুন্ধতী আৰু ইলোৰা বেজবৰুৱাৰে সাংসাৰিক জীৱন সংগীতৰ লগতে সমান্তৰালভাৱে চলি আছে।

উল্লেখ্য, অপূর্ব বেজবৰুৱাই (অপু) ১৯৭৪ চনৰ পৰা ১৯৭৬ চনলৈকে তিনি বছৰ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত অস্থায়ী ঘোষক হিচাপে বাতৰি বিভাগত কাম কৰিছিল। ১৯৭৫-৭৬ চনত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ পৰা একেধাৰে গীতিকাৰ সুৰকাৰ আৰু কণ্ঠশিল্পী হিচাপে স্বীকৃতি পায়। তেতিয়াৰ পৰাই তেওঁ  সংগীত জগতত প্রত্যক্ষভাৱে প্ৰৱেশ ঘটে বুলি ক'ব পাৰি। ইয়াৰ আগতেও তেওঁ বিভিন্ন মাধ্যমত গীত পৰিবেশন কৰিছিল যদিও সেয়া তেওঁৰ এটি উজ্জ্বল শিল্পী জীৱনৰ বাবে প্ৰস্তুতি পৰ্বহে আছিল। স্কুলীয়া জীৱনত ঘৰখনৰ লগতে সংগীতৰ অ-আ, ক-খ খিনি তেওঁ গুৰু প্ৰয়াত জগন্নাথ দেৱৰ পৰা শিকে। অৱশ্যে সংগীতৰ প্ৰকৃত শিক্ষা গুৱাহাটীলৈ আহিহে লোৱা হ'ল, প্রয়াত দেৱেন শৰ্মা আৰু প্ৰয়াত বীৰেণ ফুকনৰ তত্ত্বাৱধানত। স্কুলীয়া জীৱনত অসমৰ বহুতো চহৰৰ লগতে অৰুণাচলৰো বহু ঠাইত (সেই সময়ৰ নেফা) গীত পৰিবেশন কৰিছিল, নাজিৰাৰ 'জ্যোতি সমাজ' নামৰ সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে। জ্যোতি সমাজ'ৰ প্ৰতিষ্ঠাপক আছিল প্রয়াত হিতেশ্বৰ শইকীয়া। সেইখিনি সময়ত নাজিৰাৰ লগতে পৰৱৰ্তী সময়ত গুৱাহাটীৰ বহু প্রবীন শিল্পীৰ সান্নিধ্য লাভ কৰিছিল অপূৰ্ব বেজবৰুৱাই। তাৰ ভিতৰত পুলিন হাজৰিকা, কালী প্ৰসাদ ৰেড্ডী, মহানন্দ মজিন্দাৰ বৰুৱা, কীর্তি গোস্বামী, টুনি শ‍ইকীয়া, এলি আহমেদ, সুবীৰ মুখার্জী, দেৱেন শৰ্মা, বীৰেণ ফুকন, ৰেহিম আলী, আইমন শ‍ইকীয়া, ৰোহিণী শ‍ইকীয়া আদি অন্যতম। ১৯৬৬-৬৭ চনত নাজিৰাত অনুষ্ঠিত সদৌ অসম লাচিত মেলাৰ সংগীত প্রতিযোগিতাত শ্রেষ্ঠ শিল্পী হিচাপে স্বীকৃতি পাইছিল।গীত লিখাৰ ক্ষেত্ৰতো স্কুলীয়া জীৱনৰ পৰাই চৰ্চা আছিল। স্কুলৰ | আলোচনীত সেইবোৰ প্ৰকাশ পাইছিল। কিছুমান গীত নিজেই লিখি সুৰ কৰি বহুতো অনুষ্ঠানত পৰিবেশন কৰি শ্ৰোতাৰ পৰা প্ৰেৰণা পাইছিল। কলেজীয়া জীৱনত লিখা বহুতো কবিতা সেইখিনি সময়ৰ আলোচনীত প্ৰকাশ পাইছিল। বিশেষকৈ ‘আমাৰ প্ৰতিনিধি', য'ত অসমৰ শ্ৰদ্ধাৰ শিল্পী প্রয়াত ড° ভূপেন হাজৰিকাদেৱ সম্পাদক আছিল। ইয়াৰ উপৰি তেখেত ১৯৭১-৭২ বৰ্ষত গুৱাহাটীৰ বি বৰুৱা কলেজত দুবাৰকৈ শ্রেষ্ঠ সংগীত শিল্পী হৈছিল।

বেজবৰুৱাই ড° ভূপেন হাজৰিকাৰ পিছতেই অসমৰ চাহ জনজাতিৰ লোক সংগীতৰ ওপৰত ভিত্তি কৰি আৰু চাহ বাগিচাৰ সেউজীয়া পাতৰ কোমল পৰশ থকা গীতৰ ৰচনা আৰু সুৰ কৰি স্ব-জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে এই দিশত আন এক সুকীয়া ধাৰাৰ পাতনি মেলে।অপূৰ্ব বেজবৰুৱাই চলচিত্ৰৰ বাবেও বহু গীত ৰচনা কৰিছিল। 'ৰঙা নদী', ‘বুকুৰ মাজত জ্বলে’, ‘আই কিল্ড হিম ছাৰ', 'অভিশপ্ত প্ৰেম (অসমীয়া আৰু বেংগলী), ‘সোণৰ খাৰু নোলাগে মোক' আদি তাৰ ভিতৰত অন্যতম। তেওঁ চলচ্চিত্ৰৰ সংগীত পৰিচালক হিচাপেও আত্মপ্রকাশ কৰে। 'অভিশপ্ত প্রেম' (দ্বিভাষিক), ‘মায়া’ (বেংগলী), 'তেহেচ নেহেচ' (নাগপুৰী), 'সোণৰ খাৰু নেলাগে মোক' ইত্যাদি। উল্লেখ্য, 'অভিশপ্ত প্রেম' হ'ল অসমৰ প্ৰথমখন দ্বিভাষিক (অসমীয়া আৰু বাংলা) বোলছবি, য'ত প্ৰথমজন অসমীয়া সংগীত পৰিচালক হিচাপে তেওঁৰ নামটো চিৰদিনৰ বাবে থাকি গ'ল। লগতে বোলছবিখনৰ আটাইকেইটা গীতৰ ৰচনা তথা সুৰ আছিল অপূৰ্ব বেজবৰুৱাৰেই।ইয়াৰ উপৰিও বেজবৰুৱাই দূৰদৰ্শনৰ কেবাখনো ধাৰাবাহিক, টেলিফিল্ম আৰু ডকুমেণ্টৰীত কণ্ঠদানৰ লগতে সংগীত পৰিচালনা কৰিছে। টেলিফিল্মৰ ভিতৰত অতুল ভি বৈশ্যই পৰিচালনা কৰা ‘অগ্নিযুগৰ ফিৰিঙতি', বিধান ৰয়ে পৰিচালনা কৰা প্ৰজাপতয়ে নমঃ, ইন্দ্ৰ গগৈ পৰিচালিত পিপাসু আদি অতুল ভি বৈশ্যই পৰিচালনা কৰা ডকুমেণ্টৰী 'কুঁৱলীৰ ওৰণি গুচাই', ‘বিহাইণ্ড দ্য বৰাইল ৰেঞ্জ' আদি আৰু পুষ্পা দেৱীয়ে পৰিচালনা কৰা সংগীতৰ ধাৰাবাহিক ‘প্ৰতিশ্ৰুতি', লক্ষী বৰঠাকুৰৰ 'জীবনযাত্রা' আদি উল্লেখযোগ্য। তদুপৰি অৰুণাচল প্রদেশতো চাকৰি সূত্ৰে থকা অ কে'বাখৰো অৰুণাচলী চিৰিয়েল আৰু ডকুমেন্টৰীত সংগীত পি কৰিছিল। বর্তমান গুৱাহাটীৰ কাহিলিপাৰাৰ জনকপুৰত থাকিবলৈ লোৱা বেজবৰুৱাৰ জীৱনৰ সাধনা হৈছে সংগীত হৈছে সংগীতৰ উৎকর্ষ।

তোৰে খোপাত) শ্রোতাৰ মাজলে আগ গীতবোৰ জীয়াই ৰখাৰ ই এক সুন্দৰ প্ৰচেষ্টা। অপূৰ্ব বেজবৰুৱাই ৰচনা আৰু সুৰ কৰা বহুতো গীত কেইবাদশকৰো পৰা আজিলৈকে জনপ্ৰিয় হৈ আছে। তাৰ ভিতৰত কেইটামান গীত উল্লেখযোগ্য—ড° ভূপেন হাজৰিকাৰ কণ্ঠত ‘নানা ৰহণীয়া বাৰে বৰণীয়া’, ‘কোন ক'ত আছ আহ ঐ আহ'।

 ৰিদিপ দত্তৰ কণ্ঠত ‘মাইজান তোকে দেখা পাই', 'অ' নাচনী নাচি নাচি ভাগৰি যা’।

 সন্ধ্যা মেননৰ কণ্ঠত ‘তোৰে মন পাবলৈ চেনাই মই বলিয়া', ‘চিলমিল টোপনিতে’, ‘বোকাৰ মৰমে আঁকোৱালি লোৱা”।

শিৱচৰণ দাসৰ কণ্ঠত ‘চাহ গছৰ আঁৰত লুকাই। অনিমা চৌধুৰীৰ কণ্ঠত ‘লগ দিয়াৰ কথা আছিল নৈৰে ঘাটত',

'লুইতপৰীয়া মই গাভৰু'। বিজয় ভূঞাৰ কণ্ঠত ‘অ’ তামাই বিহুৱান মোলৈ বৈচনে নাই।লোনা সোণোৱালৰ কণ্ঠত ‘চেনাই তোৰ পেঁপাৰে মাত'।

আশা ভোচলেৰ কণ্ঠত 'জুই জুই একুৰা জুই।

 কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠত ‘অ' মোৰ কলিজা"। উদিত নাৰায়ণৰ কণ্ঠত 'এই কিনো হৈ যায়'।

 হেমা সৰদেশাইৰ কণ্ঠত 'বুকুত জ্বলিছে। আদি। ইয়াৰ উপৰি বেজবৰুৱাই নিজে কণ্ঠদান কৰা 'কপৌপাহি তোৰে খোপাত', 'নাচনী অ' শৰীৰত', 'কিনো জগৰ লগালো', 'চাহ গছৰ কোমল পাতত', ‘নিবিচাৰো আজি কাৰো’, ‘পানী অনাৰ চলেৰে নৈৰে ঘাটলৈ', 'কি ফুল ফুলিলে অ' মোৰ মাইচানা', 'কোন পাহি ফুল ভালপাওঁ আদি উল্লেখযোগ্য। তেওঁ  ২০২০ চনত শিল্পী বঁটা লাভ কৰাৰ লগতে চাতক সন্মান, ২০১৮ চনত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত আয়োজন কৰা উত্তৰ-পূব গ্ৰন্থমেলাত সম্বৰ্ধনা লাভ কৰাৰ লগতে বহুতো সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। অসমৰ সাংস্কৃতিক জগতলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা অপূৰ্ব বেজবৰুৱাৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here