গুৱাহাটী চিনে ক্লাবৰ ১৪ সংখ্যক আন্তর্জাতিক গুৱাহাটী চলচ্চিত্র মহোৎসৱ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 10 February 2022

গুৱাহাটী চিনে ক্লাবৰ ১৪ সংখ্যক আন্তর্জাতিক গুৱাহাটী চলচ্চিত্র মহোৎসৱ

 




W7s News ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটী চিনে ক্লাবে আন বছৰৰ দৰে এই বছৰ ১৪ সংখ্যক  আন্তর্জাতিক গুবহাটী চলচ্চিত্র মহোৎসব ২৫ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চ লৈ গুৱাহাটীৰ ৰবীন্দ্র ভবন প্রেক্ষাগৃহত অনুষ্ঠিত কৰিবলৈ আয়োজন কৰিছে। ক'ভিড পৰিস্থিতিৰ বাবে চৰকাৰে আৰোপ কৰা বাধা নিষেধৰ পৰিপ্ৰেক্ষিতত প্ৰতিবছৰে ডিচেম্বৰ মাহত অনুষ্ঠিত কৰা এই উৎসব এইবাৰ ফেব্ৰুৱাৰী, মার্চ মাহত আয়োজন কৰা হৈছে। মহোৎসৱৰ লগত সংগতি ৰাখি আন বছৰৰ দৰে চুটি চলচ্চিত্র প্রতিযোগীতাৰ আয়োজন কৰিছে। ১৫ মিনিট দৈৰ্ঘ্যৰ ভিতৰত নিৰ্মাণ কৰা চুটি চলচ্চিত্র ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত জমা দিব লাগিব। প্রতিযোগীতাৰ নিয়মাবলী সহ সবিশেষ গুৱাহাটী চিনে ক্লাব আৰু আন্তর্জাতিক গুৱাহাটী চলচ্চিত্র মহোৎসৱৰ ফেচবুক পৃষ্ঠতে পাব। ইয়াৰোপৰি অ-প্রতিযোগীতামূলক শীর্ষত ৭ খন আন্তর্জাতিক উৎকৃষ্ট চলচ্চিত্ৰৰ বাবেও নির্মাতা সকলৰ পৰা ত্রুটি ছবি আহ্বাব কৰা হৈছে। উৎসৱৰ লগতে গুৱাহাটী চিনে ক্লাবৰ বছৰেকীয়া মুখপত্ৰৰ 'চিত্ৰচিন্তা' প্ৰকাশ কৰা হ'ব।ক্লাবৰ সদস্য ভর্তিৰ বাবে পাগনজাৰস্থিত ভাৰত স্কাউট  এন্ড গাইডৰ অফিচৰ চৌহদত থকা গুৱাহাটী চিনে ক্লাবৰ কাৰ্যালয়ত যোগাযোগ কৰিব পৰিব। চলচ্চিত্র উৎসৱ আৰু প্রতিযোগীতাৰ বিষয়ে জানিব বিচাৰিলে gauhaticineclub@hotmail.com মেইল যোগে অথবা ৯৩৪৫০৪৩৯০১, ৮৭২৩৪ ১৪২৪৫, ৭০০২৫ ৭১১১৩,৯৯৫৪২-৩৬৮৬৯ নম্বৰত যোগাযোগ কৰিব পাৰিব।১৪ সংখ্যক আন্তর্জাতিক গুৱাহাটী চলচ্চিত্র মহোৎসত ক্লাবৰ সভাপতি এ কে আবছাৰ হাজৰিকা আৰু  সম্পাদক মাধুৰিমা বৰুৱাই সকলো চলচ্চিত্রপ্রেমী ৰাইজৰ সহযোগীতা আন্তৰিকতাৰে কামনা কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here