কামৰূপত বনভোজথলীসমূহ বন্ধ ৰখাৰ আদেশ জাৰি - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Friday, 21 January 2022

demo-image

কামৰূপত বনভোজথলীসমূহ বন্ধ ৰখাৰ আদেশ জাৰি

Responsive Ads Here

 

.com/img/a/



W7s News ষ্টাফৰিপোর্টাৰ :  বৰ্তমানৰ ক'ভিড-১৯ৰ বৰ্দ্ধিত সংক্ৰমণ আৰু  ৰাইজৰ মাজত ক'ভিড ১৯ সম্বন্ধীয় নীতি-নিৰ্দেশনা যেনে দূৰত্ব বজাই ৰখা, মাস্ক পিন্ধা আদি কঠোৰভাৱে মানি নচলাৰ ফলত জনস্বাস্থ্যৰ প্ৰতি অহা ভাবুকিৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ কৈলাশ কাৰ্তিক এনে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ অধীনত জিলাখনৰ বনভোজথলীসমূহ বন্ধ ৰাখিবলৈ এক নিৰ্দেশনা জাৰি কৰিছে। তৎকালীনভাৱে  শুকুৰবাৰে অৰ্থাৎ ২১ জানুৱাৰীৰ পৰা বলবৎ হোৱা এই নিৰ্দেশনা অনুসৰি জিলাখনৰ উকিয়াম, কুলশী, চানডুবি, বাৰেগাঁও, ৰাণীখামাৰ, কপিলী, কেদাৰ, দীর্ঘেশ্বৰী, মদন কামদেৱ, মলং শিলডুবি হহুৱাপাৰাকে ধৰি জিলাখনৰ সকলো বনভোজথলী পুনৰ নিৰ্দেশনা নিদিয়া পৰ্যন্ত বন্ধ থাকিব।

এই নিৰ্দেশনা উলংঘা কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ ৫১ৰ পৰা ৬০ দফাৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত বিহীত ব্যৱস্থা লোৱা হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *