পোনপটীয়াকৈ কাষ্টমছ ডিউটি পৰিশোধৰ সুবিধা এইচডিএফচি বেংকত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 9 January 2022

পোনপটীয়াকৈ কাষ্টমছ ডিউটি পৰিশোধৰ সুবিধা এইচডিএফচি বেংকত

 

# ভাৰত চৰকাৰৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বেংক প্ৰতিষ্ঠান এইচডিএফচি বেংক

W7s news ষ্টাফৰিপোৰ্টাৰ উচ্চভাৰত চৰকাৰৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বেংক প্ৰতিষ্ঠান এইচডিএফচি বেংকে ৭ জানুৱাৰীত ঘোষণা কৰিছে যে তেওঁলোকৰ চেন্ট্ৰেল বৰ্ড অব ইনডাইৰেক্ট টেক্সেছ এণ্ড কাষ্টমছ (চিবিআইচি)আইচগেট(ICEGATE) প্লেটফৰ্মৰ সৈতে একত্ৰীকৰণ সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ জৰিয়তে গ্ৰাহকে এইচডিএফচি বেংক বাছনি কৰি অনলাইন মাধ্যমৰে পোনপটীয়াকৈ নিজৰ কাষ্টমছ ডিউটি পৰিশোধ কৰাৰ সুবিধা লাভ কৰিব।বেংকে ইয়াৰ বাবে আমদানি আৰু ৰপ্তানি সেৱাৰ আইজিএছটি সংগ্ৰহৰ পৰা প্ৰিন্সিপাল চিফ কন্ট্ৰলাৰ অব একাউণ্ট অব চিবিআইচিৰ অনুমোদন লাভ কৰিছে।


এইচডিএফচি বেংক লিমিটেডে কাষ্টমছ ডিউটি 

খুচুৰা আৰু পাইকাৰী দুয়োটা পৰিশোধৰ সুবিধা প্ৰদান কৰিছে। এতিয়াৰে পৰা এইচডিএফচি বেংকৰ সৈতে আন বেংকৰ গ্ৰাহকে একাউণ্টৰ মাধ্যমৰে পেমেন্ট কৰাৰ প্ৰয়োজন নহ'ব। এই একত্ৰীকৰণে বেংকৰ সেইসকল গ্ৰাহকৰ কাৰেণ্ট একাউণ্ট লাভ কৰাৰ সুযোগ প্ৰদান কৰিছে, যি বেংকে অন্যৰ সৈতে এনে সুবিধা প্ৰদান নকৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়মাৱলীয়ে নিৰ্দিষ্ট উদ্দেশ্যত যেনে বিধিবদ্ধ

পৰিশোধত কাৰেণ্ট একাউণ্ট খোলাৰ অনুমতি দিয়ে।এই সন্দৰ্ভত এইচডিএফচি বেংকৰ চৰকাৰ আৰু প্ৰতিষ্ঠানগত ব্যৱসায়, অংশীদাৰীত্ব আৰু অন্তৰ্ভুক্ত বেংকিং গ্রুপ ষ্টাৰ্টআপ বেংকিঙৰ গ্রুপ মুৰব্বী স্মিতা ভগতে কয়; "কাষ্টমছ ডিউটি

ডিজিটেল পৰিশোধে ভাৰতত ব্যৱসায় কৰাত সহায় কৰিব।অনলাইন কাষ্টম সংগ্ৰহত স্বচ্ছতা আৰু দক্ষতা বৃদ্ধি পাব। মহামাৰীৰ ফলত হোৱা বাধ্য বাধকতা আৰু চৰকাৰী পদক্ষেপ, যেনে বিমুদ্ৰাকৰণ, জিএছটি, ডিজিটেল ইণ্ডিয়া, আৰু বাধ্যতামূলক ই-ইনভইচিং(e- invoicing)ৰ বাবে অনলাইন পেমেন্ট ব্যাপক হাৰত বৃদ্ধি পাইছে।এইচডিএফচি বেংকে কাষ্টম ডিউটি সংগ্ৰহ কৰিবলৈ চিবিআইচিৰ আইচগেট পৰ্টেলৰ সৈতে ইয়াৰ প্ৰণালী একত্ৰিত কৰিছে। যিয়ে সৰ্বশ্ৰেষ্ঠ সেৱা সমৰ্থনৰ সৈতে জড়িত বেংকিং অভিজ্ঞতা প্ৰদান কৰিব।"

আনহাতে, এইচডিএফচি বেংকৰ চৰকাৰ আৰু

প্ৰতিষ্ঠানগত ব্যৱসায় আৰু গিগ বেংকিঙৰ 

কাৰ্যবাহী উপ-সভাপতি সুনালী ৰোহৰাই কয়; "এইচডিএফচি বেংকত আমি সদায় চৰকাৰৰ সৈতে অংশীদাৰীত্বৰ পথ প্ৰদৰ্শন কৰি আহিছোঁ,যেতিয়া আমাক ২০০১চনত আৰবিআইৰ দ্বাৰা কৰ সংগ্ৰহ ডিজিটাইজ কৰিবলৈ প্ৰথম সংস্থা বেংক হিচাপে নিযুক্ত কৰা হৈছিল।এই অভিজ্ঞতাৰ ওপৰত আধাৰিত 

২০০৩ চনত আন দুটা বেংকক অন্তৰ্ভুক্ত কৰা হৈছিল।আজি কৰ সংগ্ৰহৰ ক্ষেত্ৰত ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান বেংক হিচাপে আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে চৰকাৰ আৰু ব্যক্তিগত প্লেয়াৰৰ মাজত হোৱা অংশীদাৰীত্বত জীৱন সলনি কৰাৰ ক্ষমতা আছে।"

 এইচডিএফচি বেংক হৈছে ভাৰত চৰকাৰৰ কৰ সংগ্ৰহ, ডাইৰেক্ট টেক্স আৰু জিএছটি পেমেন্ট ক্ষেত্ৰখনত  দ্বিতীয় সৰ্ববৃহৎ বেংক প্ৰতিষ্ঠান। বিভিন্ন ৰাজ্য চৰকাৰেও বেংকক বিভিন্ন ধৰণৰ মাচুল সংগ্ৰহ, যেনে ষ্টাম্প ডিউটি, পঞ্জীয়ন মাচুলৰ বাবে কৰ্তৃত্ব প্ৰদান কৰিছে।ইয়াক চৰকাৰৰ জিইএম পৰ্টেল (GeM Portal) সৈতেও একত্ৰিত কৰা হৈছে। এই বেংকে 

বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলক যেনে এমজিএনৰেগা, পিএমএৱাই আৰু পিএমএচকেৱাইৰ মুঠ ডিবিটি পেমেন্টৰ প্ৰায় ১০% পৰিশোধ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here