পাব্লিক ৰিলেশ্বন ছ'চাইটি অৱ ইণ্ডিয়া (পি আৰ এছ আই), গুৱাহাটী চেপ্তাৰৰ উদ্যোগত ৫ম উত্তৰ-পূৱাঞ্চল পি আৰ ক’নক্লেভ অনুষ্ঠিত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 8 January 2022

পাব্লিক ৰিলেশ্বন ছ'চাইটি অৱ ইণ্ডিয়া (পি আৰ এছ আই), গুৱাহাটী চেপ্তাৰৰ উদ্যোগত ৫ম উত্তৰ-পূৱাঞ্চল পি আৰ ক’নক্লেভ অনুষ্ঠিত

 



W7s News ষ্টাফৰিপোর্টাৰ:  পাব্লিক ৰিলেশ্বন ছ'চাইটি অৱ ইণ্ডিয়া (পি আৰ এছ আই)ৰ গুৱাহাটী চেপ্তাৰৰ উদ্যোগত “দূৰ্যোগৰ সময়ত পি আৰৰ ক্ৰিয়াকলাপ” শীৰ্ষকত ৮ জানুৱাৰীত ৫ম উত্তৰ-পূৰ্বাঞ্চল পি আৰ ক’নক্লেভ অনুষ্ঠিত কৰা হয়।সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ মুখ্য সচিব  জিষ্ণু বৰুৱাই মুখ্য অতিথি ৰূপে আৰু উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক  অংশুল গুপ্তাই সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰে।অনুষ্ঠানৰ আৰম্ভণিতে যোৱা বছৰ কোভিড ১৯ৰ উৎপন্ন পৰিস্থিতিৰ বাবে মৃত্যুক আকোৱালি লোৱা পি আৰ এছ আই সদস্য স্বর্গীয় আয়ুষ্মান দত্ত, যুৱ সাংবাদিক তথা গুৱাহাটী অন্তর্জাতিক সংগীত উৎসৱ (জি আই এম এফ)ৰ প্ৰতিষ্ঠাপক আৰু সাহিত্য অকাডমি বঁটা বিজেতা স্বৰ্গীয় সনস্ত তাঁতী আৰু ইংৰাজী মাধ্যমৰ বিদ্যায়ল সৃজনৰ মালিক স্বর্গীয় আৰ্ফিন জুনেইড ৰহমানৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়।ইয়াৰ আগতে পি আৰ এছ আই, গুৱাহাটী চেপ্তাৰৰ চেয়াৰপাৰ্চন  মধুচন্দা অধিকাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰি “দূৰ্যোগৰ সময়ত পি আৰৰ ক্ৰিয়াকলাপ” বিষয়ত বিস্তৃত আলোচনা আগবঢ়ায়। তেওঁ লগতে সমাৰোহখনৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে সকলোকে অৱগত কৰায়। অনুষ্ঠানত পি আৰ এছ আই পূৱৰ উপাধ্যক্ষা  এম এছ মজুমদাৰে পি আৰ এছ আইৰ এঠিকছ্ পাঠ কৰি শুনাই আৰু  ৰুমা চক্ৰবৰ্তীয়ে শলাগৰ শৰাই আগবঢ়ায়।

উদ্বোধনী অনুষ্ঠানৰ পাছত দুখন টেক্নিকেল ছেচ’ন আৰু ভেলিডিক্টৰী ছেচন অনুষ্ঠিত হয়। “পি আৰৰ মাধমেৰে স্বাস্থ্য খণ্ডত দূর্যোগ ব্যৱস্থাপনা” বিষয়ত অনুষ্ঠিত প্রথম ছেচ'নত ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্বন, অসমৰ সঞ্চালক লক্ষ্মণন এছ আৰু গুৱাহাটী মেডিকেল কলেজ হাস্পতাল (জি এম চি এইচ)ৰ সহকাৰী অধ্যাপক ড০ জয়ন্ত দাসে পেনেলিষ্ট হিচাপে অংশগ্রহণ কৰে। ছেচনৰ সঞ্চালনা পি আৰ এছ আইৰ গুৱাহাটী চেপ্তাৰৰ যুটীয়া সচিব এছ সিন্‌হা ৰয়ে কৰে। 'দুৰ্যোগৰ সময়ত সামাজিক-আর্থিক প্ৰত্যাহ্বান আৰু পি আৰৰ ভূমিকা” শীৰ্ষকৰ দ্বিতীয় ছেচ’নত উদ্যমী তথা ফিক্কি ফ্ল'ৰ সদ্য প্রাক্তন অধ্যক্ষা  জাহ্নবী ফুকন আৰু উৎসাহ চাইল্ড কেয়াৰ অর্গেনাইজেশ্বনৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালিক  মিগুইল দাস কুৱেইয়ে পেনেলিষ্ট হিচাপে অংশগ্রহণ কৰে। ছেচনৰ সঞ্চালনা পি আৰ এছ আই, গুৱাহাটী চেপ্তাৰৰ কাৰ্যকাৰী সদস্য ড০ বি কে শমহি কৰে। আনহাতে সামৰণি ছেচনত অসমীয়া চিনেমা আৰু থিয়েটাৰ জগতৰ জনপ্রিয় অভিনেত্রী  চেতনা দাস আৰু মুকাভিনয়ৰ ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী মইনুল হকে অংশগ্রহণ কৰে। সামৰণি অনুষ্ঠানৰ সঞ্চালনা পি আৰ এছ আইৰ গুৱাহাটী চেপ্তাৰৰ সচিব সীতা বৰুৱাই কৰে। এই সমাৰোহখনৰ আয়োজনৰ বাবে অইল, বি চি পি এল, এছ বি আই, এন আৰ এল আৰু আই অ’ চি এল বঙাইগাঁও ৰিফাইনেৰীয়ে আর্থিক সমর্থন আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here