ৰে'লৱে মল ৱেৰহাউছ কৰ্মচাৰীলৈ শ্ৰম মন্ত্ৰালয়ৰ মান্যতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 29 January 2022

ৰে'লৱে মল ৱেৰহাউছ কৰ্মচাৰীলৈ শ্ৰম মন্ত্ৰালয়ৰ মান্যতা

 

W7s news, নতুন দিল্লী : ইণ্ডিয়ান ৰে'লৱে মল ৱেৰহাউছ ৱৰ্কাছ ইউনিয়নৰ বছৰজোৰা প্ৰচেষ্টা আৰু সংগ্ৰামৰ পিচত ভাৰত চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি সঁহাৰি প্ৰদৰ্শন কৰা দেখা গৈছে। অলপতে ৰেলৈ বিভাগৰ গুডছ ৱেৰহাউছত কৰ্মৰত শ্ৰমিকসকলক চৰকাৰৰ ই-শ্ৰম পৰ্টেলত নাম পঞ্জীয়নভুক্ত কৰাৰ বাবে নির্দেশ প্রদান কৰিছে শ্রম মন্ত্ৰ্যালয়ে। ইয়াৰ ফলত সমগ্ৰ ভাৰততে ৰে'ল বিভাগৰ গুডছ ৱেৰহাউছ কৰ্মচাৰীসকলে এক পৰিচয় লাভ কৰিবলৈ সক্ষম হ’ল। এই উপলক্ষে ইণ্ডিয়ান ৰে'লৱে গুডছ বেৰহাউছ বৰ্কাৰ্ছ ইউনিয়নে কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে যোৱা ২৬ৰ পৰা ২৮ জানুৱাৰীৰ ভিতৰত ক’ভিড বিধি পালন কৰি আলোচনাত মিলিত হয়। এই আলোচনাকালত কৰ্মচাৰী তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে সকলো ৰে'লৱে গুডছ শ্বেড শ্রমিকসকলৰ বাবে নিৰ্ধাৰিত দৰমহাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰাৰ লগতে এইক্ষেত্ৰত দুর্নীতি ৰোধৰ বাবে দৰমহাৰ ৰচিদ প্ৰদানৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ডিজিটেল ইণ্ডিয়াৰ নীতি অনুসৰি শ্ৰমিকসকলক তেওঁলোকৰ প্রাপ্য মাননি পোনপটীয়াকৈ বেংক একাউণ্টত জমা দিয়া উচিত। আয়ুষ্মান ভাৰতৰ নিৰ্দেশনা অনুসৰি সকলো ৰেলৱে গুডছ শ্বেড কৰ্মচাৰীৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদসসকলেও বিশুদ্ধ খোৱাপানী, শৌচাগাৰ, কেণ্টিন, বিনামূলীয়া চিকিৎসা সেৱা, দুর্ঘটনা বীমা, ৰে'ল পাছ, পেন্সনৰ সুবিধা আদি পাব লাগে। একেদৰে সন্তানৰ শিক্ষা, আবাস, পৰিচয়পত্ৰও প্ৰদান কৰা উচিত। সংগঠনটোৰ মুখপাত্ৰ পৰিমলকান্তি মণ্ডলে কয় 'এগৰাকী ব্যক্তিৰ জীৱনত আটাইতকৈ গুৰুত্বপূর্ণ বিষয়টোৱেই হৈছে তেওঁৰ পৰিচয়। সেয়ে শ্রমিকসকলক পৰিচয় প্রদানেৰে ভাৰত চৰকাৰৰ শ্ৰম মন্ত্ৰালয়ে ৱেৰ হাউছত কৰ্মৰত শ্রমিকসকলক এক নতুন গতি প্ৰদান কৰিলে। এনে প্ৰচেষ্টাৰ ফলত ৰে'লৱে মল, গুদাম শ্রমিক ইউনিয়নৰ অধীনস্থ শ্ৰমিকসকলে নতুন আশাৰ ৰেঙনি দেখিবলৈ সক্ষম হৈছে বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ বাবে তেওঁ ভাৰত চৰকাৰৰ শ্ৰম মন্ত্ৰালয় আৰু সংগঠনটোৰ সকলো বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰে। এই বিষয়টো সন্দৰ্ভত সংগঠনটোৰ তৰফৰ পৰা শ্ৰম মন্ত্ৰালয়লৈ এখন ধন্যবাদসূচক পত্ৰ প্ৰেৰণ কৰা হয়। ইয়াৰ পিচতে মুখ্য শ্রম আয়ুক্ত ডি পি এছ নেগীয়ে সংগঠনটোৰ কাম-কাজক প্রশংসা কৰে। ভৱিষ্যতেও ৱেব হাউছৰ শ্রমিক-কর্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ ক্ষেত্ৰত সংগঠনটোৱে এনেদৰে কাম-কাজ আগুৱাই নিব বুলি তেওঁ আশা ব্যক্ত কৰে।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here