এয়াৰটেল আৰু গুগল অংশীদাৰে সহায় কৰিব ভাৰতৰ ডিজিটেল ইক'চিষ্টেম বৃদ্ধিত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 29 January 2022

এয়াৰটেল আৰু গুগল অংশীদাৰে সহায় কৰিব ভাৰতৰ ডিজিটেল ইক'চিষ্টেম বৃদ্ধিত

 



#গুগলে এয়াৰটেলৰে হোৱা অংশীদাৰীত্বত ১ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব, যিটো গুগল ইণ্ডিয়া ডিজিটাইজেচন ফাণ্ডৰ এটা অংশ


# চুক্তিত ৭০০ মিলিয়ন ডলাৰ বিনিয়োগ অন্তৰ্ভুক্ত আছে, ইয়াৰ ১.২৮%তকৈ অধিক এয়াৰটেলৰ মালিকীস্বত্ব আৰু ৩০০ মিলিয়ন ডলাৰলৈ সম্ভাৱ্য বহু-বছৰীয়া বাণিজ্যিক চুক্তি 


# এই অংশীদাৰীত্বে স্মাৰ্টফোনৰ সুলভ হাৰত পোৱাৰ ওপৰত গুৰুত্ব দিব আৰু সম্ভাৱ্যভাৱে ভাৰতত নিৰ্দিষ্ট ৫জি নেটৱৰ্ক ডমেইন সৃষ্টিৰ ওপৰত কাম কৰিব আৰু সমগ্ৰ ভাৰতত ব্যৱসায়ৰ বাবে ক্লাউড ইক'চিষ্টেমত সহায় কৰিব




W7s News ষ্টাফৰিপোৰ্টাৰ: ভাৰতৰ অন্যতম প্ৰধান যোগাযোগ সমাধান প্ৰদানকাৰী ভাৰতী এয়াৰটেল (এয়াৰটেল) আৰু গুগলে ২৮ জানুৱাৰীত ভাৰতৰ ডিজিটেল ইক'চিষ্টেম বিকাশ ত্বৰান্বিত কৰাৰ বাবে এক দীৰ্ঘম্যাদী, বহু-বছৰীয়া চুক্তি স্বাক্ষৰ কৰে। তেওঁলোকে গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ উন্নত মানৰ এণ্ড-টু-এণ্ড সামগ্ৰীবোৰ যোগান ধৰাৰ ওপৰত কাম কৰিব।ইয়াৰ উপৰিও গুণগত মানদণ্ডৰ অভিজ্ঞতা আৰু ডিজিটেল অন্তৰ্ভুক্তিৰ সমস্যা সমাধান কৰাৰ অভিজ্ঞতা গ্ৰাহকক প্ৰদান কৰিব।


এই অংশীদাৰিত্বৰ অংশ হিচাপে গুগলৰ ১ বিলিয়ন ডলাৰ লৈকে বিনিয়োগ কৰাৰ অভিপ্ৰায় আছে।এইটো গুগলৰ ইণ্ডিয়া ডিজিটাইজেচন ফাণ্ডৰ এটা অংশ, ইয়াত অন্তৰ্ভুক্ত হৈ আছে ইকুইটি বিনিয়োগ আৰু কৰ্পছ সম্ভাৱ্য বাণিজ্যিক চুক্তি। আগন্তুক পাঁচ বছৰত পাৰস্পৰিকভাৱে সক্ষম চৰ্তাৱলীত চিনাক্ত আৰু এগ্ৰিড(agreed)ওপৰত কাম কৰিব। ই কম্প্ৰাইজ কৰিব:


# ভাৰতী এয়াৰটেলত প্ৰতিটো শ্বেয়াৰ ৭৩৪ আইএনআৰৰ মূল্যত ৭০০ মিলিয়ন ডলাৰ ইকুইটি বিনিয়োগ। 


# ৩০০ মিলিয়ন ডলাৰলৈ বাণিজ্যিক চুক্তি ৰূপায়ণৰ দিশত কাম কৰিব, ইয়াত অন্তৰ্ভুক্ত আছে এয়াৰটেলৰ অফাৰবোৰ স্কেলিংত বিনিয়োগ, যি অভিনৱ সামৰ্থ্য কাৰ্যসূচীৰ জৰিয়তে উপভোক্তাক বিভিন্ন ডিভাইচৰে সামৰি লোৱা আৰু লগতে সমগ্র ভাৰতৰ ডিজিটেল ইক'চিষ্টেমৰে ডিজিটেল অন্তৰ্ভুক্তি ত্বৰান্বিত কৰা।


এই চুক্তিটো প্ৰয়োজনীয় নিয়ামক অনুমোদন সাপেক্ষে হোৱা।


দুয়োটা কোম্পানীয়ে কানেকটেড ইণ্ডিয়াৰ গুৰুত্বক স্বীকাৰ কৰে।তেওঁলোকে ডিজিটেল যাত্ৰাৰে আগবাঢ়ি ব্যৱসায়ক শক্তিশালী কৰাত আৰু সকলো ঠাইতে গ্ৰাহকসকলৰ বাবে এক শক্তিশালী ডিজিটেল ইক'চিষ্টেম গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। দুয়োটা কোম্পানীয়ে এক মুক্ত প্ৰযুক্তি ইক'চিষ্টেম গঢ়ি তোলাৰ দিশত কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, য'ত গ্ৰাহক আৰু ব্যৱসায়ক উদ্ভাৱনীমূলক ডিজিটেল সেৱা প্ৰদান কৰা আৰু ভাৰতৰ প্ৰয়োজনীয়তা ডিজিটেল সমাধান সৃষ্টিৰে পূৰণ কৰাৰ বিষয়টোক সাঙুৰিছে।


ইয়াৰ প্ৰথম বাণিজ্যিক চুক্তিৰ অংশ হিচাপে, এয়াৰটেল আৰু গুগলে এয়াৰটেলৰ বিস্তৃত অফাৰবোৰ তৈয়াৰ কৰিবলৈ একেলগে কাম কৰিব, যি অভিনৱ সামৰ্থ্য কাৰ্যসূচীৰ জৰিয়তে গ্ৰাহকসকলক এণ্ড্ৰইড-সক্ষম ডিভাইচৰ পৰিসৰ আৱৰি ৰাখিছে।দুয়োটা কোম্পানীয়ে বিভিন্ন ডিভাইচ নিৰ্মাতাৰ সৈতে অংশীদাৰীত্বত বিভিন্ন প্ৰাইছ পইণ্ট পৰিসৰত স্মাৰ্টফোন নিৰ্মাণৰ প্ৰতিবন্ধকতাবোৰ কমাই অনাৰ অন্বেষণত কাম কৰিব।

 

*১.২০% শ্বেয়াৰহোল্ডিং অন্তৰ্ভুক্ত আংশিক পেড শ্বেয়াৰ


অংশীদাৰিত্বৰ বৃহৎ কৌশলগত লক্ষ্যৰ অধীনত দুয়োটা কোম্পানীয়ে ৫জি আৰু অন্যান্য মানদণ্ডৰ বাবে ভাৰতত নিৰ্দিষ্ট নেটৱৰ্ক ডমেইন ব্যৱহাৰৰ সৈতে অত্যাধুনিক ৰূপায়ণৰ সম্ভাৱ্য সহ-সৃষ্টি কৰিব। এয়াৰটেলে গুগলৰ ৫জি-ৰেডি আনলকড পেকেট কোৰ আৰু ছফ্টৱেৰ ভেৰিফাইড নেটৱৰ্ক প্লেটফৰ্ম ব্যৱহাৰ কৰি আছে আৰু এটা ছুপিৰিয়ৰ নেটৱৰ্ক অভিজ্ঞতা প্ৰদান কৰিবলৈ গুগলছ নেটৱৰ্ক ভাৰ্চুৱেলাইজেচন সমাধানৰে স্কেলিং অন্বেষণ কৰাৰ পৰিকল্পনা কৰিছে।দুয়োটা কোম্পানীয়ে ডিজিটেল ৰূপান্তৰ যাত্ৰাৰ বাবে ভাৰতত ক্লাউড ইক'চিষ্টেম আকাৰ দিয়া আৰু বৃদ্ধি কৰাৰ ওপৰতো গুৰুত্ব দিব। এয়াৰটেলে ইয়াৰ এণ্টাৰপ্ৰাইজ সংযোগ অফাৰিঙৰ সৈতে এক মিলিয়নতকৈও অধিক ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায় পৰিৱেশন কৰে আৰু এই অংশীদাৰীত্বই ডিজিটেল গ্ৰহণত সহায় কৰিব।ভাৰতী এয়াৰটেলৰ অধ্যক্ষ সুনীল ভাৰতী মিত্তালে কয়, "এয়াৰটেল আৰু গুগলে উদ্ভাৱনী সামগ্ৰীৰ জৰিয়তে ভাৰতৰ ডিজিটেল লভ্যাংশ বৃদ্ধি কৰাৰ দৃষ্টিভংগীৰ ওপৰত লক্ষ্য ৰাখিছে। ফিউচাৰ ৰেডী নেটৱৰ্ক, ডিজিটেল প্লেটফৰ্ম, লাষ্ট মাইল ড্ৰিষ্টিবিউচন আৰু পেমেণ্ট ইক'চিষ্টেম সৈতে আমি ভাৰতৰ ডিজিটেল ইক'চিষ্টেম গভীৰতা আৰু প্ৰস্থ বৃদ্ধি কৰাৰ বাবে গুগলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ বাবে আশাবাদী।"

আনহাতে, এই সন্দৰ্ভত গুগল আৰু এলফাবেটৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে কয়; "এয়াৰটেল হৈছে ভাৰতৰ ডিজিটেল ভৱিষ্যত গঢ়ি তোলাৰ এক আগশাৰীৰ পথপ্ৰদৰ্শক আৰু সংযোগ সম্প্ৰসাৰণ আৰু অধিক ভাৰতীয়ৰ বাবে ইণ্টাৰনেটৰ সমপৰ্যায়ত প্ৰৱেশাধিকাৰ নিশ্চিত কৰাৰ এক অংশীদাৰী দৃষ্টিভংগীৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰি আমি গৌৰৱান্বিত।এয়াৰটেলত আমাৰ বাণিজ্যিক আৰু ইকুইটি বিনিয়োগ হৈছে, যি স্মাৰ্টফোনৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰা, নতুন ব্যৱসায়িক মডেল সমৰ্থনৰ বাবে সংযোগ বৃদ্ধি কৰা আৰু কোম্পানীবোৰক তেওঁলোকৰ ডিজিটেল ৰূপান্তৰ যাত্ৰাত সহায় কৰাৰ বাবে আমাৰ গুগল ফৰ ইণ্ডিয়া ডিজিটাইজেচন ফাণ্ডৰ প্ৰচেষ্টাৰ এক ধাৰাবাহিকতা।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here