প্ৰাপ্যবিচাৰি উত্তৰ পূৰ্বাঞ্চল সাধাৰণ বীমা কৰ্মচাৰী সমিতিৰ প্ৰতিবাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 28 January 2022

প্ৰাপ্যবিচাৰি উত্তৰ পূৰ্বাঞ্চল সাধাৰণ বীমা কৰ্মচাৰী সমিতিৰ প্ৰতিবাদ


W7s news ষ্টাফৰিপোৰ্টাৰ : প্ৰাপ্যবিচাৰি উত্তৰ পূৰ্বাঞ্চল সাধাৰণ বীমা কৰ্মচাৰী সমিতিয়ে শুকুৰবাৰে  প্ৰতিবাদ সাব্যস্ত কৰে। বীমাৰ সৈতে জড়িত বিষয়া কৰ্মচাৰী সংগঠন সমূহৰ যৌথ মঞ্চৰ আহ্বানত শুকুৰবাৰে দেশজোৰা এদিনীয়া ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই প্রতিবাদী কাৰ্যসূচীৰ অংশ স্বৰূপে উত্তৰ পূৰ্বাঞ্চল সাধাৰণ বীমা কৰ্মচাৰী সমিতিয়ে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মূলত অনতি পলমে বকেয়া দৰমহা সংশোধন কৰি দৰমহা বৃদ্ধি কৰা, পেঞ্চন উন্নতিকৰণ কৰা, জাতীয় পেঞ্চন নীতি বাতিল কৰি সকলোৰে বাবে পুৰণা পেঞ্চন নীতি বাহাল ৰখা, সাধাৰণ বীমা কোম্পানীবোৰক বেচৰকাৰীকৰণৰ কেন্দ্ৰীয় চৰকাৰৰ নীতি বাতিল কৰা দাবী উত্থাপন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চল সাধাৰণ বীমা কৰ্মচাৰী সমিতিৰ সাধাৰণ সম্পাদক শুভ্রাংশূ ৰঞ্জন দেবে কয় ' আমি প্ৰাপ্য বিচাৰি কৰা প্ৰতিবাদৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সমূহ ৰাজ্যত ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমা কোম্পানী সমূহৰ কৰ্মচাৰী বিষয়া সকলে কাৰ্যালয় বন্ধ ৰাখোঁ । বিত্তীয় ৰাজহুৱা প্ৰতিষ্ঠান সমূহৰ কৰ্মচাৰীৰ দৰমহা সংশোধন হৈ যোৱা স্বত্বেও চৰকাৰৰ অসহযোগী মনোভাবৰ বাবে ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমা কোম্পানী সমূহৰ কৰ্মচাৰী সকলে ২০১৭ চনৰ পহিলা আগষ্টৰ পৰা ৫৪ মাহ উকলি যোৱাৰ পাছতো দৰমহা সংশোধনীৰ পৰা বঞ্চিত হৈ আছে। সেয়েহে  আমাৰ দাবী সমূহ শীঘ্ৰে সমাধানৰ বাবে দাবী জনালোঁ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here