ফ্যুৱেলবাডী-য়ে গুৱাহাটীত ইয়াৰ ব্যৱসায় মুকলি কৰাৰ জৰিয়তে অধিপত্য বিস্তাৰ কৰিছে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 28 January 2022

ফ্যুৱেলবাডী-য়ে গুৱাহাটীত ইয়াৰ ব্যৱসায় মুকলি কৰাৰ জৰিয়তে অধিপত্য বিস্তাৰ কৰিছে

 


W7s News ষ্টাফৰিপোৰ্টাৰ: এছ.কে. নাৰ্ৱাৰৰ দ্বাৰা প্ৰচাৰিত ভাৰতৰ ইন্ধন বিতৰণ উদ্যোগৰ এক আগ্ৰণী ফ্যুৱেলবাডীয়ে গুৱাহাটীত ইয়াৰ কাৰ্যকলাপ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। দেশখনত ইয়াৰ কাৰ্যকলাপ সম্প্ৰসাৰণৰ বাবে কোম্পানীৰ বিকাশৰ ৰণনীতিৰ সৈতে সংগতি ৰাখি এই আৰম্ভণি কৰা হৈছে।

এই পৰিপ্ৰেক্ষিতত ফ্যুৱেলবাডী-য়ে অপনা পাম্প-ৰ সৈতে সহযোগিতা স্থাপন কৰিছে। এই অংশীদাৰীত্বৰ জৰিয়তে, গুৱাহাটীবাসীয়ে এতিয়া এক পূৰ্ব নিৰ্ধাৰিত ডেলিভাৰী সময়ৰ আধাৰত এটা অন-ডিমাণ্ড এপ্পৰ জৰিয়তে  24X7 ইন্ধন বিতৰণৰ সেৱা লাভ কৰিবলৈ সক্ষম হ'ব। অপনা পাম্প-ৰ সৈতে স্থাপন কৰা এই অংশীদাৰীত্বই অঞ্চলটোৰ যুৱ উদ্যমীসকলৰ বাবে নতুন ব্যৱসায়ৰ পথ আৰু কৰ্মসংস্থানৰ সুযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত বহুত সহায় কৰিব।ফ্যুৱেলবাডী-য়ে এতিয়া চহৰখনৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াব, তাৰ ভিতৰত আছে আন্তঃগাঁথনিৰ উন্নয়ন (নিৰ্মাণাধীন আৰু অধিকৃত প্ৰকল্পসমূহৰ উভয়তে), আতিথ্য আৰু চিকিৎসা সেৱা, ক'ৰ্পোৰেট অফিচ আৰু আইটি পাৰ্ক, নিৰ্মাণ আৰু উদ্যোগ, শিক্ষা প্ৰতিষ্ঠান, শ্বপিং মল, পণ্যাগাৰ, কৃষি, হোম জেনেৰেটৰ আৰু খনন যন্ত্ৰ-পাতি।ভাৰতত ইন্ধন বিতৰণ সেৱা আৰম্ভ কৰা প্ৰথমটো কোম্পানী হিচাপে, প্ৰযুক্তি আৰু মাৰ্কেট শ্বেয়াৰৰ ক্ষেত্ৰত ফ্যুৱেলবাডী-য়ে বৰ্তমান শীৰ্ষস্থান অধিকাৰ কৰি আছে। দিল্লী-এনচিআৰ, বেংগালোৰ, হায়দৰাবাদ, পুনে আদিকে ধৰি ভাৰতৰ ২৮খন মহানগৰত সৰ্বাত্মক উপস্থিতিৰ জৰিয়তে কোম্পানীটো বৰ্তমান ক্ষিপ্ৰ গতিত সম্প্ৰসাৰিত হৈ আছে।ফ্যুৱেলবাডী-ৰ মুখ্য কাৰ্যবাহী বিষয়া (ভাৰত) নীৰজ গুপ্তাই কয়, "গুৱাহাটীত কাৰ্যকলাপ আৰম্ভ কৰি, ফ্যুৱেলবাডী-য়ে গ্ৰাহকসকলৰ প্ৰতি ইয়াৰ সেৱা বিস্তৃত কৰাৰ ক্ষেত্ৰত অন্য এখন ঠাই সফলতাৰে অন্তৰ্ভুক্ত কৰিলে। গুৱাহাটী হৈছে উত্তৰ-পূৱ ভাৰতৰ আটাইতকৈ ডাঙৰ মহানগৰ আৰু ভাৰতৰ দ্ৰুততম বিকাশশীল চহৰসমূহৰ ভিতৰত এখন। গুৱাহাটীৰ নিৰ্মাণ খণ্ডটোৱে দেশৰ অৰ্থনীতিলৈ এক বিশিষ্ট বৰঙণি আগবঢ়াই আহিছে। এই উদ্যোগ খণ্ডটোৰ ৰূপান্তৰৰ লগতে কোম্পানীৰ সেৱাসমূহ প্ৰসাৰিত কৰা আৰু দেশখনৰ চুকে-কোণে ইয়াৰ উপস্থিতি সাব্যস্ত কৰিবৰ বাবে আমাৰ এই নিৰলস প্ৰচেষ্টা অব্যাহত থাকিব।"

 অলপতে, ফ্যুৱেলবাডী-য়ে বেংগালুৰু স্থিত এক ব্যণিজ্যিক প্ৰতিষ্ঠান এএনবি ফ্যুৱেলছ প্ৰাইভেট লিমিটেডৰ মালিকানাধীন মাইপেট্ৰোলপাম্প নামৰ এটা অন-ডিমাণ্ড ইন্ধন বিতৰণ ষ্টাৰ্টআপ অধিগ্ৰহণ কৰিছে, যি নতুন অঞ্চল, গ্ৰাহক আৰু ব্যৱস্থাপনা বেণ্ডউইডথ লাভ কৰাত সহায় কৰি, ইয়াক দেশখনৰ সৰ্ববৃহৎ আৰু অতি বৈচিত্ৰময় ঘৰতে ইন্ধন ডেলিভাৰী কৰা মঞ্চ হিচাপে গঢ়ি তুলিছে। 

ইন্ধন ক্ৰয় কৰাৰ লগতে গ্ৰাহক সকলক তেওঁলোকৰ দুৱাৰ মুখত ইন্ধন যোগান ধৰিবৰ বাবে ফ্যুৱেলবাডী-য়ে তিনিটা বৃহৎ তেল বিতৰণ কোম্পানীৰ (অ'এমচি) সৈতে ঘনিষ্ঠভাৱে কাম কৰে, সেইকেইটা হৈছে অইল ইণ্ডিয়া ক'ৰ্পোৰেশ্যন লিমিটেড, ভাৰত পেট্ৰোলিয়াম ক'ৰ্পোৰেশ্যন লিমিটেড আৰু হিন্দুস্তান পেট্ৰোলিয়াম ক'ৰ্পোৰেশ্যন লিমিটেড।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here