বিবেকানন্দ কেন্দ্র সংস্কৃতি সংস্থানৰ ২৫ বৰ্ষপূর্তি উপলক্ষে সাংস্কৃতিক অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 28 January 2022

বিবেকানন্দ কেন্দ্র সংস্কৃতি সংস্থানৰ ২৫ বৰ্ষপূর্তি উপলক্ষে সাংস্কৃতিক অনুষ্ঠান

 



W7s news ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্র সংস্কৃতি সংস্থানৰ স্থাপনাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে  “বিবেক মূর্ছনা' শীর্ষক এক সাংস্কৃতিক অনুষ্ঠান উদ্ যাপন কৰা হয়। অনুষ্ঠানটোৰ আৰম্ভনিতে আদৰণি ভাষণ দিয়ে বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰীৰ অখিল ভাৰতীয় কোষাধ্যক্ষ প্রবীণ দাভোলকৰে। বিবেকানন্দ কেন্দ্ৰৰ কাৰ্যকৰ্তাসকল আৰু উঠি অহা শিল্পী গীত মাত প্ৰদৰ্শন কৰে। অনুষ্ঠানটোত প্রখ্যাত শাস্ত্রীয় গায়িকা মিতালী দেৰ দ্বাৰা অনুষ্ঠানৰ  সঞ্চালনা কৰা হয়। অনুষ্ঠানত জিতেন বসুমতাৰীৰ শাস্ত্ৰীয় গীত পৰিৱেশন, প্রসিদ্ধ সৰোদ বাদক তৰুণ কলিতাৰ দ্বাৰা সৰোদ বাদন আৰু সংগীত নাটক একাডেমী বঁটা প্রাপ্ত সত্ৰীয়া নৃত্য পটিয়সী অনিতা শৰ্মাৰ দ্বাৰা সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰা হয়।উল্লেখ্য,উক্ত সাস্কৃতিক অনুষ্ঠানটোত ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশ গ্রহণ কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here