অ' বিচি প্রমাণ পত্ৰৰ নামত দহ বছৰে সংঘটিত দুৰ্নীতিৰ ন্যায়িক তদন্তৰ দাবী কোচ ৰাজবংশী সম্মিলনীৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 28 December 2021

অ' বিচি প্রমাণ পত্ৰৰ নামত দহ বছৰে সংঘটিত দুৰ্নীতিৰ ন্যায়িক তদন্তৰ দাবী কোচ ৰাজবংশী সম্মিলনীৰ



 প্রমাণ পত্ৰৰ ছিণ্ডিকেট চলোৱা অমৰ গগৈক গ্ৰেপ্তাৰ, তদন্ত কৰক ৰাজ্য চৰকাৰে প্ৰণব নাৰায়ণ দেৱ


বঞ্চিত হৈছে প্ৰকৃত কোচ ৰাজবংশী জনসাধাৰণ


W7s News ষ্টাফৰিপোর্টাৰ: অন্যান্য পিছপৰা শ্ৰেণী চমুকৈ অবিচিৰ প্ৰমাণ পত্ৰ প্ৰদানৰ নামত ৰাজ্যত বিগত ২০ বছৰে অ'বিচি সম্মিলনীয়ে চলাই আহিছে চিণ্ডিকেট। বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক বঞ্চিত কৰি আন আন জনগোষ্ঠীৰ লোকক কোঁচ ৰাজবংশী বুলি দেখুৱাই অবিচি প্রমাণপত্র প্রদান নামত ব্যাপক হাৰত ধন সংগ্রহ কৰি আহিছে সন্মিলনীয়ে-এই অভিযোগ কোচ ৰাজবংশী সম্মিলনীৰ।মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সম্মিলনীৰ উদ্যোগত

অনুষ্ঠিত এখন সংবাদ মেলত সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱে এই অভিযোগ উত্থাপন কৰি কয় ' ৰাজ্যৰ প্ৰতিখন জিলাত কোচ বা বুলি শতাধিক আন জনগোষ্ঠীৰ লোকে অ'বিচি প্রমাণ পত্র লাভ কৰিছে।এই প্রমাণ পত্ৰসমূহ বাতিল কৰাৰ দাবী জনোৱাৰ লগতে প্রায় বিশ বছৰে ধৰি অ'বিচি প্রমাণ পত্ৰৰ ছিণ্ডিকেটৰ গুড়ি ধৰি অ'বিচি সম্মিলনীৰ সভাপতি অমৰ গগৈক গ্রেপ্তাৰ কৰি সমগ্ৰ এক ন্যায়িক তদন্তৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনালোঁ। সদৌ অসম অন্যান্য পিছপৰা শ্রেণী সম্মিলনী চমুকৈ অ'বিচি সম্মিলনীর সভাপতি অমৰ গগৈয়ে সমগ্র ৰাজ্যখনত নিজাববীয়াকৈ সকলো নিয়ম নীতি ভৰিলে মোহাৰি এজেন্ট নিয়োগ কৰি প্ৰমাণ পত্ৰৰ নামত চলাই অহা ৰমৰমীয়া ব্যবসায়ৰ বাবেই কোচ ৰাজবংশী জনসাধাৰণ বিশেষকৈ জনগোষ্ঠীটোৰ সহস্রাধিক ছাত্র-ছাত্রী, যুবক-যুবতীলৈ তীব্র প্রত্যাহবানৰ সন্মুখীন হৈছে ।

দুর্নীতি বিৰোধী অভিযানেৰে জনসাধাৰণক সকাহ দিয়া মুখ্যমন্ত্রী ড. হিমন্ত বিশ্ব শর্মাই জনগোষ্ঠীটোৰ নতুন প্রজন্মৰ ভবিষ্যতলৈ লক্ষ্য ৰাখিয়েই অমৰ আগৈৰ ছিণ্ডিকেটৰাজ অন্ত পেলাব লাগে আৰু কোচ ৰাজবংশী জনসাধাৰণৰ অ'বিচি প্রমাণপত্র প্রদান কর্তৃত অ'বিচি সন্মিলনীৰ পৰা কৰ্তন কৰি কোচ ৰাজবংশীসকলৰ অভিভাৱক সংগঠন সদৌ অসম কোচ ৰাজবংশী সম্মিলনীক প্ৰদান কৰিব লাগে। হাজাৰ হাজাৰ ভুৱা প্রমাণ পত্র বাতিলৰ ব্যবস্থা নকৰিলে জনগোষ্ঠাটোৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱাই আহি থকা সময়ত গভীৰ প্ৰত্যাহবানৰ সন্মুখীন হ'ব । ৰাজ্যৰ এগৰাকী ৰাজহ বিষয়া মুনমুন বৰকাকতীক যোৰহাট জিলাৰ পৰা কো


চ ৰাজবংশীৰ লোক বুলি অবিচি সম্মিলনীয়ে অ'বিচি প্রমাণ পত্র প্রদান কৰিছিল। আৰু সেই ভবা প্রমাণ পত্ৰৰে মৰাণৰ ৰাজহ চক্ৰ বিষয়াৰ দবে গুৰুত্বপূর্ণ দায়িত্বত কার্যনির্বাহ কৰি আছিল। ২০২১ এই প্রমাণ পথ ভুৱা বুলি পোহৰলৈ অহাত তথা প্রমাণ হোৱাত তেওঁ ৰাজপত্ৰিত বিষয়াৰ পদ এৰিব লগীয়া হয়। বিশেষকৈ কামৰূপ মহানগৰ, কামৰূপ গ্রাম্য, নলবাৰী, গোলাঘাট আৰু যোৰহাটত  অমৰ গগৈৰ নেতৃত্বত অ'বিচিৰ অবৈধ প্রমাণপত্র বেহা বেছিকৈ চলি অহাৰ অভিযোগ আছে। অ'বিচি সম্মীলনীয়ে এটা ভুৱা পঞ্জীয়ন নম্বৰ (৮৯০) উল্লেখ কৰিয়েই ৰাজ্য চৰকাৰক বিপথে পৰিচালিত কৰি আহিছে যিটো এটা ভয়ংকৰ অপৰাধ। অ'বিচি সন্মিলনী প্ৰকৃততে পঞ্জীয়নভূক্ত সংগঠন হায় নে নহয় সেয়াও শীঘ্ৰে তদন্তৰ আওতালৈ আনিবলৈ আমি দাবী জনালোঁ। আমাৰ প্ৰায় ৬০ লাখ জনসংখ্যা আছে। তেওঁ বিগত ২৫ বছৰে সন্মিলনীৰ সভাপতি পদত আছে।'সংবাদ মেলত সদৌ অসম কোচ ৰাজবংশী সম্মিলনী সাধাৰণ সম্পাদক ৰণাদিতা বর্মণৰ লগতে অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here