#৪.৭ কোটিৰো অধিক আইপিপিবি গ্ৰাহকে এতিয়া এইচডিএফচি বেংকৰ সামগ্ৰী আৰু সেৱা লাভ কৰিব
# মফচলীয়া চহৰ আৰু গ্ৰাম্যঞ্চলৰ গ্ৰাহকৰ ওচৰলৈ সেৱা লৈ যোৱাৰ বাবে এইচডিএফচি বেংকে আইপিপিবিৰ ৬৫০ টা শাখা আৰু ১,৩৬,০০০ তকৈ অধিক বেংকিং প্ৰৱেশাধিকাৰ পইণ্টৰ নেটৱৰ্ক ব্যৱহাৰ কৰিব
W7s news ষ্টাফৰিপোৰ্টাৰ ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক (আইপিপিবি)ৰ মফচলীয় চহৰ (semi urban) আৰু গ্ৰাম্যঞ্চলৰ গ্ৰাহকসকলক বিভিন্ন বেংকিং সামগ্ৰী আৰু সেৱা আগবঢ়াবলৈ ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰে চুক্তিবদ্ধ কৰিছে এইচডিএফচি বেংকে। ইয়াক লৈ দুয়োটাৰ মাজত এখন বুজাবুজি চুক্তিও (MoU) স্বাক্ষৰ হৈছে। এই বুজাবুজিৰ চুক্তিৰ ভিত্তিত আইপিপিবিৰ ৪.৭ কোটিৰো অধিক গ্ৰাহক লাভাম্বিত হ'ব বুলি আশা কৰা হৈছে। ৪.৭ কোটিৰো অধিক গ্ৰাহকৰ ৯০% গ্ৰাহকেই গ্ৰাম্যঞ্চলৰ বাসিন্দা।এই কৌশলগত মিত্ৰতাই বিত্তৰ প্ৰৱেশাধিকাৰকে ধৰি সুলভ আৰু বৈচিত্ৰ্যপূৰ্ণ প্ৰস্তাৱ প্ৰদানৰে আইপিপিবিৰ গ্ৰাহকক আকৰ্ষিত কৰিব। প্ৰায় ২,০০,০০০ ডাক সেৱক (পোষ্টমেন আৰু গ্ৰামীণ ডাক সেৱক)ৰ সৈতে মাইক্ৰ' এটিএম আৰু বায়োমেট্ৰিক সঁজুলিৰে সজ্জিত আইপিপিবিয়ে
ডিজিটেল বেংকিং মডেল গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, যাতে গ্ৰাহকে গ্ৰাহক খণ্ডৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে।এই অংশীদাৰিত্বৰ সৈতে এইচডিএফচি বেংকে আইপিপিবিৰ বিস্তৃত বিতৰণ নেটৱৰ্কৰ ৬৫০টা শাখা আৰু ১,৩৬,০০০ ৰো অধিক বেংকিং প্ৰৱেশাধিকাৰ পইণ্ট ব্যৱহাৰ কৰি সমগ্ৰ ভাৰতত বিত্তীয় অন্তৰ্ভুক্তি অভিযান অধিক শক্তিশালী কৰাৰ লক্ষ্য ৰাখিছে।বুজাবুজি চুক্তিৰ সন্দৰ্ভত বক্তব্য ৰাখি ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ মেনেজিং ডাইৰেক্টৰ আৰু চিইঅ' জে ভেংকট্ৰামুয়ে (J. Venkatramu)কয়, "আমাৰ গ্ৰাহকক বেংকিং সেৱা দুৱাৰমুখতে দিয়াৰ ব্যৱস্থা লোৱা হৈছে। আইপিপিবিয়ে বিত্তীয় ক্ষেত্ৰখন দ্ৰুত গতিত সলনি কৰিছে আৰু সমগ্ৰ দেশতে বিত্তীয় অন্তৰ্ভুক্তিৰ স্থিৰ পৰিৱৰ্তনৰ পুনৰ আকাৰ দি আছে। আমাৰ প্ৰয়াস হৈছে বিভিন্ন নাগৰিক কেন্দ্ৰিক সেৱা আগবঢ়োৱা। বুজাবুজি চুক্তিৰ দ্বাৰা ডিজিটেল প্ৰযুক্তি আৰু বৈকল্পিক ডাটা উৎসৰ ব্যৱহাৰ কৰি আমাৰ গ্ৰাহকক দুৱাৰমুখত তেওঁলোকৰ তৰফৰ পৰা ঋণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।এইচডিএফচি বেংকৰ সৈতে এই গুৰুত্বপূৰ্ণ অংশীদাৰীত্ব হৈছে ডিজিটেলভাৱে চালিত আৰু সামাজিক বেংকিং ইক'চিষ্টেম অন্তৰ্ভুক্ত প্ৰচাৰৰ দিশত এক পদক্ষেপ।"
এই চুক্তি সন্দৰ্ভত এইচডিএফচি বেংকৰ জিআইবি, চিএছচি, ই-কমাৰ্চ, ষ্টাৰ্ট-আপ আৰু ইনক্লুচিভ বেংকিং ইনিছিয়েটিভছ গ্ৰুপৰ ৰাষ্ট্ৰীয় মুৰব্বী স্মিতা ভগতে কয়;"এইচডিএফচি বেংক বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু এই অংশীদাৰীত্ব সেই দিশৰে এক পদক্ষেপ। এই সহযোগিতাই ভাৰতৰ দূৰৱৰ্তী কোণত থকা লাখ লাখ আইপিপিবিৰ গ্ৰাহকক সৰ্বশ্ৰেষ্ঠ শ্ৰেণীৰ বেংকিং সামগ্ৰী আৰু সেৱা লাভত সহায় কৰিব।" এইটো এইচডিএফচি বেংকৰ বাবেও এক গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি, কিয়নো ইয়াৰ দ্বাৰা অন্তিমজন গ্ৰাহকলৈ বেংকিং সেৱা সম্প্ৰসাৰিত কৰাত সহায়ক হ'ব।আইপিপিবিৰ পৰ্টফলিঅ' বিস্তৃত সামগ্ৰীত অন্তৰ্ভক্ত আছে চেভিং আৰু কাৰেণ্ট একাউণ্ট, ২৪×৭ তাৎক্ষণিক ধন স্থানান্তৰ, আধাৰ সক্ষম পৰিশোধ প্ৰণালী, ডিবিটিকে ধৰি মহাত্মা গান্ধী নেচনেল ৰুৰেল এম্পলয়মেণ্ট গেৰাণ্টি স্কিম, স্কলাৰশ্বিপ পেমেণ্ট,বিল আৰু ইউটিলিটি পেমেণ্ট, ডিজিটেল জীৱন প্ৰমাণপত্ৰ, তৃতীয় পক্ষৰ সামগ্ৰী আৰু এনে ধৰণৰ অন্যান্য সেৱা।
No comments:
Post a Comment