পঞ্চম ড° অনামিকা ৰায় ৰাষ্ট্ৰীয় গণমাধ্যম বক্তৃতা - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 13 December 2021

demo-image

পঞ্চম ড° অনামিকা ৰায় ৰাষ্ট্ৰীয় গণমাধ্যম বক্তৃতা

Responsive Ads Here

 


ফিজিটেল হৈছে কভিদোত্তৰ সময়ৰ নতুন নিয়ম - পঞ্চম ড° অনামিকা ৰায় ৰাষ্ট্ৰীয় গণমাধ্যম বক্তৃতাত অধ্যাপক উজ্জ্বল চৌধুৰী




W7s News গুৱাহাটী :' ফিজিটেলাইজেশ্বন হৈছে ফিজিকেল আৰু ডিজিটেলৰ মিশ্ৰিত ব্যৱস্থা যি কভিদোত্তৰ কালত এটা নতুন নিয়ম হিচাপে পৰিগণিত হৈছে। পঞ্চম ড০ অনামিকা ৰায় ৰাষ্ট্ৰীয় গণমাধ্যম বক্তৃতা প্ৰদান কৰি বিখ্যাত সাংবাদিক তথা গ্লবেল মিডিয়া এডুকেশ্বন কাউন্সিলৰ সচিব অধ্যাপক উজ্জ্বল চৌধুৰীয়ে এই উক্তি আগবঢ়ায়। তেওঁ লগতে কয় 'সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি বিনোদন মাধ্যমলৈ সকলো ক্ষেত্ৰত এক মিশ্রিত প্ৰযুক্তিৰ পৰিকল্পনাৰে এক নতুন যুগৰ সুচনা কৰা হৈছে। ই-কনচাৰ্ট, সাহিত্য উৎসৱ বা কোনো আলোচনাৰ ক্ষেত্ৰত ব্যক্তিগতভাবে উপস্থিত নাথাকিলেও ডিজিটেল মাধ্যমৰ সহায়ত বিভিন্ন ব্যক্তিয়ে অংশগ্ৰহণ কৰিব পৰাটোৱে এটা নতুন ব্যৱস্থাৰ সুচনা কৰিছে। এই সংকটৰ পৰিস্থিতিত ম'বাইল জার্নেলিজিমৰ প্ৰচাৰ আৰু প্ৰসাৰতা বৃদ্ধি পাইছে। ই পৰম্পৰাগত গণমাধ্যম সমূহৰ কাৰণে প্ৰত্যাহ্বান হিচাপে থিয় হোৱা নাই বৰং সহায়ৰ হাতহে আগবঢ়াইছে। বক্তৃতা অনুষ্ঠানটোত ড° অনামিকা ৰায় আৰু ড° অংকুৰণ দত্তৰ দ্বাৰা লিখিত আৰু পশ্চিমবংগ চৰকাৰৰ দ্বাৰা প্ৰকাশিত জ্ঞাপন গৱেষণা নামৰ গ্ৰন্থখন আনুষ্ঠানিকভাবে উন্মোচন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক প্রতাপ জ্যোতি সন্দিকৈয়ে ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ বিভিন্ন কাম-কাজৰ শলাগ লয়। তেওঁ লগতে ক'ভিড কালত সংবাদ মাধ্যমে আগবঢ়োৱা সেৱা সম্পর্কে আলোকপাত কৰি বক্তৃতা অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে। ন্যাসৰ উপাধ্যক্ষ ৰজত বৰণ মহন্তই আদৰণি ভাষণ আগবঢ়াই ক'ভিডৰ সময়ত ভাৰত চৰকাৰ, ইউনিচেফ আদিৰ সহযোগত প্ৰকাশ কৰা ন্যাসৰ 'কভিড কথা’, ‘হেপাহৰ চিলাখন’ আদি বিভিন্ন বিনামূলীয়া প্ৰকাশনৰ বিষয়ে উল্লেখ কৰে।এই বক্তৃতা অনুষ্ঠানত অধ্যাপক উজ্জ্বল চৌধুৰীয়ে লগতে কয়  'বিগত বৰ্ষত ক'ভিডে বিভিন্ন ক্ষেত্ৰত যথেষ্ট ক্ষতিসাধন কৰিছে। ইয়াৰ ভিতৰত সংবাদ মাধ্যম আৰু মনোৰঞ্জনমূলক ক্ষেত্ৰ সমূহৰ লগত জড়িত জ্যেষ্ঠসকলৰ পৰা আৰম্ভ কৰি একেবাৰে কনিষ্ঠ সকলোলৈকে সকলোৱে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে - কিছুমানে চাকৰি হেৰুৱাব লগা হৈছে, কাৰোবাৰ মাহেকীয়া দৰমহা কমি গৈছে আৰু সমগ্ৰ বিশ্বতে সৰু-ডাঙৰ বহুতো সংবাদ প্রতিষ্ঠান অতিমাৰিৰ বাবে অচল হৈ পৰিছে। এই কঠিন পৰিস্হিতিৰ পাছতো বিভিন্ন ৱেবপোর্টেল, অ'টিটি প্লেটফর্ম, ম'বাইল জার্নেলিজিম আদিয়ে মনোৰঞ্জন প্ৰদান কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।সংবাদ প্রতিষ্ঠান আৰু সংবাদ শিক্ষাৰ মাজৰ যি সম্পর্ক তাক সমতুল্য কৰি ৰখাত আৰু দেশৰ লগতে দেশৰ বাহিৰৰ কেইবাটাও সংবাদ শিক্ষাৰ প্ৰতিষ্ঠানক আগবঢ়াই লৈ যোৱাত অধ্যাপক চৌধুৰীৰ অবদান উল্লেখনীয়। একে সময়তে তেওঁ কিছুমান আন্তর্জাতিক সংস্হা যেনে - বিশ্ব স্বাস্হ্য সংস্হা, নেডাৰলেণ্ডৰ আমষ্টাৰডাম ফিল্ম স্কুল, ডুবাইৰ এ'কৰ মিডিয়া আদিতো এজন মিডিয়া প্ৰেক্টিচনাৰ হিচাপে কাম কৰিছিল।২০১৫ বৰ্ষত স্হাপিত হোৱা ড° অনামিকা ৰায় সোঁৱৰণী ন্যাস হৈছে নীতি আয়োগ পঞ্জীয়নভুক্ত এটা শৈক্ষিক আৰু গৱেষণামূলক বেচৰকাৰী তথা স্বেচ্ছাসেৱী প্রতিষ্ঠান। এই ন্যাসটোৱেই হৈছে দেশত চিকিৎসাজনিত সন্ত্ৰাসৰ বিৰুদ্ধে চলোৱা আন্দোলনৰ গুৰিধৰোতা আৰু যিয়ে ৰোগীৰ অধিকাৰ আৰু দায়িত্ববোৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি অহাৰ লগতে 'স্বাস্হ্যৰ অধিকাৰক মৌলিক অধিকাৰ  হিচাপে ভাৰতীয় সংবিধানত সন্নিবিষ্ট কৰাৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *