ঠিকাভিত্তিক শিক্ষক সকলৰ সমস্যা সমাধানৰ দাবী -সদৌ অসম ঠিকাভিত্তিক শিক্ষক সংস্থাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 13 December 2021

ঠিকাভিত্তিক শিক্ষক সকলৰ সমস্যা সমাধানৰ দাবী -সদৌ অসম ঠিকাভিত্তিক শিক্ষক সংস্থাৰ

 




W7s News গুৱাহাটী : ৰাজ্যৰ বিভিন্ন প্ৰাদেশীকৃত মহাবিদ্যালয়ত কৰ্মৰত ঠিকাভিত্তিক শিক্ষক (প্ৰৱক্তা) সকলে চৰকাৰ আৰু মহাবিদ্যালয় সমূহত প্ৰায় ১০বছৰ ধৰি বহু অৱদান আগবঢ়াই আহিছে যদিও আজি পৰ্যন্ত তেওঁলোকৰ সমস্যা সমূহ সমাধান হোৱা নাই। সেয়ে

ঠিকাভিত্তিক শিক্ষক সকলৰ সমস্যা সমুহ সমাধানৰ বাবে পুনৰবাৰ চৰকাৰক অনুৰোধ জনাইছোঁ।

সদৌ অসম ঠিকাভিত্তিক শিক্ষক সংস্থাই। দিছপুৰ প্ৰেছক্লাৱত সদৌ অসম ঠিকাভিত্তিক শিক্ষক সংস্হাৰ উদ্যোগত সোমবাৰে অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে সংস্থাৰ সভাপতি ড০ নয়ন জ্যোতি দাসে। তেঁও লগতে কয় ' চাকৰি নিয়মীয়া কৰণ, দৰমহাকে ধৰি বহু সমস্যাৰে আমি জৰ্জৰিত।

আমাৰ দৰে শিক্ষক সকলে এটা সুন্দৰ ভৱিষ্যত নষ্ট কৰি পেলালো। কিন্তু চৰকাৰে আমাৰ কথা চিন্তা নকৰে। আমি এতিয়া অন্য একো কৰিবও নোৱাৰো। চৰকাৰে আমাৰ সমস্যা খিনি বুজিব বুলি আমি আশাবাদী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ সমস্যাবোৰ বুজিব বুলি আশাবাদী। চৰকাৰক ঠিকাভিত্তিক শিক্ষক সকলক নিয়মীয়া কৰণৰ দাবী জনাইছোঁ। বহু কম টকাত আমি চাকৰি কৰি আছো । লাজ লাগে শিক্ষক হিচাপে আমাৰ দৰমহাৰ কথা কব'লৈ। 

চৰকাৰে আমাৰ কথা চিন্তা নকৰিলেও আমি নিজৰ দায়িত্ব পালন কৰি যাম।

২০১৬ চনৰ পৰা চৰকাৰে কৰা বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থাই আওঁপকীয়াকৈ আমাৰ ওপৰত প্ৰভাৱ পেলাইছে। তদুপৰি বৰ্তমানৰ প্ৰেক্ষাপটত নতুন চি বি চি এছ তথা ষাণ্মাষিকৰ পাঠ্যক্ৰমত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ নম্বৰ তুলনামূলকভাৱে যথেষ্ট বেছি, ফলস্বৰূপে নৱপ্ৰচলিত ষাণ্মাষিক পদ্ধতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্রীৰ লগত আমি সাক্ষ্যৎকাৰত অৱতীৰ্ণ হোৱাত কোনো ক্ষেত্ৰতে চাকৰিৰ বাবে নিৰ্বাচিত হোৱাৰ পৰা বৈষম‍্যমূলক দৃষ্টিৰে উপেক্ষিত হৈছে।গতিকে আমাৰ সমস্যা সমুহৰ সমাধান কৰি আমাৰ দৰে উচ্চ শিক্ষিত নিবনুৱাক সংস্থাপন দিবলৈ আমি চৰকাৰক দাবী জনালোঁ।' সংবাদ মেলত সংস্থাৰ বিষয় ববীয়া প্ৰীতিৰেখা বৰা, জয়ন্ত কুমাৰ দাস, ড০ সীমা ভূঞা, নয়ন মহন্ত, বিজয় গগৈ আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here