W7s News, ষ্টাফৰিপোর্টাৰ :গুৱাহাটী প্ৰেছ ক্লাৱত মঙলবাৰে লেখিকা অনিমা ঠাকুৰীয়াৰ 'প্ৰবন্ধ কুঞ্জ' শীর্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন ঘোষক, বিশিষ্ট আবৃত্তিকাৰ অৱনী বৰাই।উন্মোচনী ভাষণত তেওঁ কয় 'লেখিকাই বিভিন্ন বিষয়লৈ গ্ৰন্থখন লিখি উলিয়াইছে। এনেধৰণৰ গ্ৰন্থই চিন্তাৰ খোৰাক দিয়ে, জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে। এই প্ৰবন্ধ সংকলনখন পাঠকে আদৰি ল'ব বুলি আশা প্রকাশ কৰিলোঁ।লেখিকাই এনেদৰে সাহিত্য সৃষ্টি কৰি যাব বুলি আশা প্রকাশ কৰিলোঁ।'সভাত বিশিষ্ট সংগীত শিল্পী জে পি দাস, মনিষা হাজৰিকা,গৰিয়সীৰ সহ:সম্পাদক অংকুৰ ডেকা আদি উপস্থিত থাকে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে দেবাঞ্জনা বৈশ্য।
No comments:
Post a Comment